যাত্ৰীৰূপী দুৰ্বৃত্তই লুটিলে ই-ৰিক্সা চালকক

author img

By

Published : Oct 19, 2021, 1:25 PM IST

e-rickshaw-driver-attacked-by-miscreants-in-nalbari

এটা অচিনাক্ত দুৰ্বৃত্তৰ দলে ৰঙিয়াৰ ধুহিৰ ই-ৰিক্সাখন ভাড়ালৈ নিয়ে নলবাৰীলৈ বুলি ৷ নলবাৰীত ৰিক্সা চালকজনক নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই মাৰধৰ কৰি সকলো লুটি নিয়ে দুৰ্বৃত্তৰ দলটোৱে ৷

ৰঙিয়া, 19 অক্টোবৰ : নলবাৰী জিলাত সোমবাৰে দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ৰঙিয়াৰ ধুহিৰ এজন ই-ৰিক্সা চালক ৷ যাত্ৰীৰূপী তিনিজনীয়া দুৰ্বৃত্তৰ দলে নলবাৰী জিলাৰ লোহাৰকঠা আদাবাৰীত সংঘটিত কৰে এই কাণ্ড । চালকক আক্ৰমণ কৰি দুৰ্বৃত্তৰ দলটোৱে লুটি নিয়ে ই-ৰিক্সাখনৰ লগতে ম’বাইল ফোনসহ নগদ ধন ।

দুৰ্বৃত্তৰ দলটোৱে প্ৰথমে ই-ৰিক্সাখন ভাড়াত লৈ চালকজনক নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই সকলো লুটি নিয়াৰ চেষ্টা চলায় ৷ কিন্তু চালকজনে ই-ৰিক্সাখন দিবলৈ অমান্তি হোৱাত দুৰ্বৃত্তৰ দলটোৱে তেওঁক আক্ৰমণ কৰে ৷ এই আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা চালকজনৰ পৰা দলটোৱে লুটি নিয়ে ৰিক্সাসহ নগদ ধন, ম’বাইল ফোন আদি ৷

যাত্ৰীৰূপী দুৰ্বৃত্তই লুটিলে ই-ৰিক্সা চালকক

পৰৱৰ্তী সময়ত ই-ৰিক্সাখনৰ চালকক তেনে অৱস্থাতে পথৰ ওপৰত পেলাই থৈ পলায়ন কৰে দুৰ্বৃত্তৰ দলটো । পাছত আৰক্ষীয়ে চালকজনক পথৰ কাষত মুমুৰ্ষ অৱস্থাত দেখা পাই স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱায় । আৰক্ষীয়ে ঘটনা সম্পৰ্কে চালকজনৰ পৰিয়ালকো অৱগত কৰে ৷

পৰিয়ালৰ লোক চিকিৎসালয়ত উপস্থিত হৈ চালকজনক উন্নত চিকিৎসাৰ অৰ্থে সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱায় । ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীৰ কাষ চাপি এজাহাৰ দাখিল কৰে ভুক্তভোগীৰ পৰিয়ালৰ লোকে ।

লগতে পঢ়ক : ৰঙিয়াৰ স্পৰ্শ হাস্পতালৰ আৱাসগৃহত ভয়াৱহ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.