কেদাৰনাথ মন্দিৰৰ আৰ্হিত ৰঙিয়াত পূজা মণ্ডপ

author img

By

Published : Sep 22, 2022, 1:25 PM IST

Puja pandal at Rangia pattern of Kedarnath temple

শাৰদীয় দুৰ্গোৎসৱলৈ মাজত(Durga Puja2022 in Assam) মাত্ৰ কেইটামান দিন ৷ শংখ,ঘন্টা, বৈদিক মন্ত্ৰোচ্চাৰণেৰে মুখৰ হ'ব ৰাজ্যৰ আকাশ-বতাহ ৷ দুৰ্গা পূজাক লৈ এতিয়া ব্যস্ততাৰ অন্ত নাই ৰাজ্যৰ মৃৎ শিল্পীসকলৰ ৷ দিনে নিশাই ব্যস্ত হৈ পৰিছে শিল্পী সকলৰ লগতে আয়োজকসকল ।

ৰঙিয়া, ২২ছেপ্টেম্বৰ: কঁহুৱা-কোমল উশাহ লৈ, শেৱালি কোমল হাঁহিটিৰে শৰৎ আকৌ আহিছে । বতাহত লহপহকৈ হালি উঠা কঁহুৱাৰ লয়লাস ছন্দই শৰতৰ মধুময় দিনৰ আদৰণি জনাইছে । শেৱালি সুবাসেৰে আমোলমোল কৰা পদুলিমুখত নিয়ৰসিক্ত দুবৰিৰ দলিচাত যাওঁ বুলি যাবই নোখোজা মন এটা লৈ আহি আছে শৰৎ ।

পূৰ্বৰ ক'ভিডকালীন পৰিস্থিতি শাম কটাৰ পিছত পূজা কমিটীবোৰে এইবেলি পূজা মুকলিমুৰীয়াকৈ অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে (Durga Puja preparation in Assam)। এই ক্ষেত্ৰত পিছপৰি থকা নাই ৰঙিয়াৰ মিলৰোডৰ সাৰ্বজনীন পূজা কমিটীয়েও (Durga Puja preparation at Rangia)। এই কমিটীখনে এইবাৰ পূজা মণ্ডপ উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰৰ আৰ্হিত নিৰ্মাণ(Puja pandal at Rangia pattern of Kedarnath temple) কৰিবলৈ সাজু হৈছে ।

উদ‍্যোক্তাসকলে জনোৱা মতে, তিনি লাখ টকা ব‍্যয় সাপেক্ষে কমিটীখনৰ ৩৮ তম্ পূজা মণ্ডপ সাজি উলিওৱা হ'ব যদিও পূজাখনৰ বাজেট সাত লাখ টকা ধাৰ্য কৰা হৈছে । আনহাতে, মণ্ডপৰ ভিতৰত তৰা ভৰা ৰাতিৰ আকাশৰ লগতে মেঘৰ কিছু দৃশ্য অবিকল ভাবেও সাজিব । লগতে ভক্তগণৰ সুবিধাৰ্থে মণ্ডপৰ প্ৰবেশ দ্বাৰৰ লগতে প্ৰস্থান দ্বাৰৰো সুন্দৰ ব‍্যৱস্থা কৰা হ'ব ।

কেদাৰনাথ মন্দিৰৰ আৰ্হিত ৰঙিয়াত পূজা মণ্ডপ

উদ‍্যোক্তাসকলে পুনৰ জনোৱা অনুসৰি পূজাৰ সময়ত প্ৰতিদিনে সন্ধিয়া আৰতিৰ ব‍্যৱস্থা কৰাৰ লগতে বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰিছে । প্ৰতিযোগিতাত বিজয়ীসকলক পুৰস্কাৰ বিতৰণৰো ব‍্যৱস্থা কৰিছে কমিটিয়ে । ভক্তগণৰ সুৰক্ষা আৰু সুবিধাৰ নিমিত্তে পূজাৰ মণ্ডপত স্বেচ্ছাসেৱকৰ লগতে আৰক্ষীকো নিয়োজিত কৰা হ'ব । লগতে ভোগ বিতৰণৰ বাবেও পৃথকে ব‍্যৱস্থা গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক:দুৰ্গাপূজাৰ বাবে বিশেষ নিৰ্দেশনা আৰক্ষী-প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.