ছমৰীয়া সত্ৰত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত

author img

By

Published : Sep 25, 2022, 9:18 PM IST

ছমৰীয়া সত্ৰত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত

বকোৰ ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰত দেওবাৰে উপস্থিত হ’ল আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত । সত্ৰখনৰ সামগ্ৰিক পৰিৱেশে মুগ্ধ কৰে ভাস্কৰজ্যোতি মহন্তক (Bhaskarjyoti Mahanta visit Chamaria Satra) ৷

বকো, 25 ছেপ্টেম্বৰ: বকোৰ ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰত দেওবাৰে উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত । ছমৰীয়া সত্ৰ দৰ্শন কৰি সেৱা গ্ৰহণ কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে । সত্ৰৰ আপুৰুগীয়া সম্পদসমূহ দৰ্শন কৰি অভিভূত হৈ পৰে ভাস্কৰজ্যোতি মহন্ত (Bhaskarjyoti Mahanta visit Chamaria Satra)।

আনহাতে সত্ৰখনত খোল বাদনৰ অনুশীলনো কৰে আৰক্ষীৰ বিষয়াগৰাকীয়ে (DGP Bhaskarjyoti Mahanta)। নতুন প্ৰজন্মক আকৃষ্ট কৰিবৰ বাবে সত্ৰসমূহে ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰে আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই । বকোৰ সোণতলীৰ এক বিশেষ অনুষ্ঠানৰ বাবে গৈ থকাৰ পথত ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰ (Chamaria Satra Boko) দৰ্শন কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই । সত্ৰখনৰ পৰিস্কাৰ-পৰিচ্ছন্নতাৰো শলাগ লয় অসম আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে ৷

ছমৰীয়া সত্ৰত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত

সত্ৰখনৰ সামগ্ৰীক পৰিৱেশত মুগ্ধ আৰক্ষী বিষয়াগৰাকীয়ে বড়ো-ৰাভাসকলৰো সত্ৰলৈ সোঁত বোৱাৰ বাবে সুখী অনুভৱ কৰা বুলি ব্যক্ত কৰে ৷ বড়ো-ৰাভা লোকসকলৰ অংশগ্ৰহণত ভাওনা প্ৰদৰ্শনৰ বাবেও পৰামৰ্শ আগবঢ়ালে ভাস্কৰজ্যোতি মহন্তই ৷

উল্লেখ্য যে, 19 ছেপ্টেম্বৰত ভাস্কৰজ্যোতি মহন্তই পৰিদৰ্শন কৰিছিল বৰপেটা সত্ৰ(Bhaskarjyoti Mahanta at Barpeta Satra) ৷ সত্ৰখনত সপত্নীক উপস্থিত হোৱাৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ(Barpeta Satra Basistha Dev Sarma) বাসগৃহত উপস্থিত হৈ সত্ৰীয়াগৰাকীক সেৱা জনায় ৷

সত্ৰসমূহৰ সমস্যা সমাধানৰ ক্ষেত্ৰত অসম আৰক্ষী আগ্ৰহী বুলি মন্তব্য কৰি সত্ৰসমূহত চিচি কেমেৰা লগোৱা, সত্ৰৰ প্ৰণামীসমূহ বেংকত জমা কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছিল ভাস্কৰজ্যোতি মহন্তই ৷

লগতে পঢ়ক: হেকাৰৰ জেকপ’ট; শিক্ষকৰ একাউণ্টৰ পৰা লুটিলে 8 লাখ 80 হাজাৰ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.