যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হোৱাৰ দিশে লোক নিৰ্মাণ বিভাগৰ তিনি বিষয়া

author img

By

Published : Sep 22, 2021, 2:22 PM IST

corruption in pwd deparment at rangia

ৰঙিয়া লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা, সহকাৰী কাৰ্যবাহী অভিযন্তা আৰু উচ্চ বৰ্গৰ সহায়কৰ বিৰুদ্ধে গোচৰ ৰুজু । যিকোনো সময়তে গ্ৰেপ্তাৰ হ’ব পাৰে তিনিওজন বিষয়া । দুদিন ধৰি বিষয়া তিনিগৰাকী উপস্থিত নাছিল কাৰ্যালয়ত ।

ৰঙিয়া, 22 ছেপ্তেম্বৰ : ৰাজ্যত এতিয়া সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে দুৰ্নীতি ৷ কি জনসিঞ্চন বিভাগ, কি আৱাস যোজনা- সকলোতে কেৱল দুৰ্নীতিৰ প্ৰসংগ ৷ দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰ তৎপৰ হৈ থকাৰ সময়তে পোহৰলৈ আহিছে ৰাজ্যত সংঘটিত হোৱা অন্য এক দুৰ্নীতিৰ কথা ৷

অভিযোগ অনুসৰি, এইবাৰ দুৰ্নীতি সংঘটিত হৈছে ৰঙিয়া লোক নিৰ্মাণ বিভাগত ৷ খনিন মেধী নামৰ এটা পেট্ৰ’ল পাম্পৰ স্বত্বাধিকাৰীগৰাকীৰ পৰা NOC দিয়াৰ নামত উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ উত্থাপন হৈছে ৰঙিয়া লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা দীপক বৈশ্য, উচ্চ বৰ্গৰ সহায়ক প্ৰণৱেশ ভট্টাচাৰ্য আৰু সহকাৰী অভিযন্তা দীপক মজুমদাৰৰ বিৰুদ্ধে ৷

ৰঙিয়াত দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু

লগতে পঢ়ক: থানালৈ আহি অসুস্থ হৈ পৰিল তৃণমূল কংগ্ৰেছৰ নেতা কুনাল ঘোষ

এই ঘটনা সন্দৰ্ভত ইতিমধ্যে ভাইৰেল হৈছে এটা অডিঅ’ ক্লিপ ৷ য’ত ধন লোৱাৰ কথা স্বীকাৰ কৰিছে সহকাৰী অভিযন্তা দীপক মজুমদাৰে ৷ NOC দিয়াৰ নামত উৎকোচ লোৱা তিনিওগৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে ইতিমধ্যে এক গোচৰ ৰুজু কৰিছে খনিন মেধীয়ে ৷

ভাইৰেল অডিঅ’

উল্লেখ্য যে, গোচৰ ৰুজু কৰাৰ পিছৰে পৰা খনিন মেধীলৈ ভয়-ভাবুকি আহিব ধৰাৰ কথা পোহৰলৈ আহিছে ৷ উৎকোচ লোৱা তিনিওগৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পাচৰ পৰাই কৰ্মচাৰীকেইজন উপস্থিত হোৱা নাই কাৰ্যালয়ত ৷

এই ঘটনাক কেন্দ্ৰ কৰি ৰঙিয়াত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ আনহাতে, দুৰ্নীতিৰ বিৰুদ্ধে শূন্য শহনশীল স্থিতি গ্ৰহণ কৰা চৰকাৰৰ দিনটেই উত্থাপন হোৱা এনে দুৰ্নীতি গ্ৰস্ত বিষয়াৰ বিৰুদ্ধে কি স্থিতি গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: operation মাটিৰ দালাল : একে নিশাই গ্ৰেপ্তাৰ ৪৫৩ জন মাটিৰ দালাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.