চাংসাৰিত দিন-দুপৰতে লুটপাত

author img

By

Published : Mar 20, 2021, 3:42 PM IST

চাংসাৰিত দিন দুপৰতে চোৰৰ লুটপাত

চাংসাৰি ৰে’ল ষ্টেচনৰ ওচৰৰ জোনটি চৌধুৰী নামৰ ব্যক্তি গৰাকীয়ে চাংসাৰিস্থিত ভাৰতীয় ষ্টেট বেংকৰ পৰা গৃহ নিৰ্মাণৰ বাবে উলিয়াই আনিছিল ধন । ঘৰলৈ অহাৰ সময়তে চোৰ দুটাই কাঢ়ি নিছিল ধনখিনি ৷

বাইহাটা,20 মাৰ্চঃ কামৰূপৰ চাংসাৰিত চিলনী চোৰৰ টিঘিল-ঘিলনি । দিন-দুপৰতে চিলনী চোৰে ঘৰৰ সন্মুখৰ পৰা কাঢ়ি নিলে এক লাখ টকা । চাংসাৰি ৰে’ল ষ্টেচনৰ ওচৰৰ জোনটি চৌধুৰী নামৰ ব্যক্তি গৰাকীয়ে চাংসাৰিস্থিত ভাৰতীয় ষ্টেট বেংকৰ পৰা গৃহ নিৰ্মাণৰ কামৰ বাবে উলিয়াই আনিছিল নগদ ধন । ইপিনে পূৰ্বৰে পৰা চিলনী চোৰ দুজনে খাপ পিটি থকাৰ উমান পোৱা নাছিল চৌধুৰীয়ে । নিজ গৃহৰ নঙলামুখ পোৱাৰ পিচত বাইকৰ পৰা নামিব লোৱাৰ সময়তে পিচে পিচে নম্বৰ প্লেটবিহীন এখন স্কুটীত অহা চিলনী চোৰ দুজনে কাঢ়ি নিয়ে টকাৰ বেগটো ।

আনহাতে, পিচে পিচে খেদি গৈ চাংসাৰিৰ লক্ষ্মী মন্দিৰৰ ওচৰত জোনটি চৌধুৰীয়ে স্কুটীখনক খুন্দিয়াই বগৰাই দিয়ে আৰু দুয়োজনকে কৰায়ত্ব কৰে যদিও এটা চোৰ পলাই যাবলৈ সক্ষম হয় । ধৃত চিলনী চোৰটো জলপাইগুৰিৰ ৰিথি ৰয় ৷ জোনটি চৌধুৰীক চোৰ ধৰা কামত সহযোগ কৰে আন এজন বাইক আৰোহীয়ে ।

লগতে পঢ়কঃ ঢোলৰ মাতত গুম-গুমাইছে চৌকিদিঙীৰ আকাশ-বতাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.