বকোত আৰক্ষীলৈ ডকাইতৰ গুলীচালনা, গুলীবিদ্ধ এজন কামাণ্ডো

author img

By

Published : Sep 28, 2022, 11:34 AM IST

blank-fire-by-robber-at-boko-one-commando-injured

মঙলবাৰে বকোত সংঘটিক হয় এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড (Robbery case at Boko) ৷ ডকাইতৰ দলটোৱে কৰিলে গুলীচালনা (Blank fire by Robber at Boko) ৷ ফলত গুলীবিদ্ধ হয় আশ্ৰাফুল আলম নামৰ আৰক্ষীৰ এজন কামাণ্ডো (One commando injured) ৷

বকো, 28 ছেপ্টেম্বৰ: বকোত মঙলবাৰে নিশা সংঘটিক হয় এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড (Robbery case at Boko) ৷ পিষ্টল দেখুৱাই গোপাল দেৱকোটা নামৰ এজন ব্যৱসায়ীৰ গেলামালৰ দোকানত চলালে চাফাই অভিযান ৷ দোকানখনৰ পৰা ডকাইতৰ দলটোৱে লুটি লৈ যায় বৃহৎ পৰিমাণৰ নগদ ধন ৷

বন্দুক আৰু চোকা অস্ত্ৰৰে সজ্জিত হৈ অহা চাৰিজনীয়া ডকাইতৰ দলটোৱে দোকানখনত লুটপাত কৰাৰ লগতে ৰবি দেৱকোটা আৰু সমীপৰ আন এজন ব্যৱসায়ী গনেশ থাপাক চোকা অস্ত্ৰৰে আঘাত কৰি পলায়ন কৰে ৷ এই খবৰ আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত বকো আৰক্ষীৰ এটা দল উপস্থিত হৈ ডকাইতৰ সন্ধানত অভিযান আৰম্ভ কৰে ৷ আৰক্ষীৰ এই অভিযানৰ সময়তে ডকাইতৰ দলটোৱে আৰক্ষীলৈ বুলি গুলীচালনা কৰে (Blank fire by Robber at Boko) ৷ এই আক্ৰমণত গুলীবিদ্ধ হয় আশ্ৰাফুল আলম নামৰ আৰক্ষীৰ এজন কামাণ্ডো (One commando injured) ৷

বকোত আৰক্ষীলৈ ডকাইতৰ গুলীচালনা, গুলীবিদ্ধ এজন কামাণ্ডো

ইতিমধ্যে ব্যৱসায়ী দুজনকে ধৰি গুলীবিদ্ধ কামাণ্ডোৰ জোৱানজনক আৰক্ষীয়ে GMCH লৈ প্ৰেৰণ কৰে ৷ আনহাতে ৰাইজৰ প্ৰহাৰত কোকৰাঝাৰৰ চন্দ্ৰপাৰাৰ ডৰসিং বসুমতাৰী নামৰ এটা ডকাইতৰো মৃত্যু হয় ৷ নিহত ডৰসিং বসুমতাৰীৰ পৰা এটা পিষ্টল জব্দ কৰিছে আৰক্ষীয়ে ৷ একে নিশাই চিৰাং জিলাৰ আশ্ৰাবাৰীতো ৰমেন বৰগীয়াৰী নামৰ এটা ডকাইতক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Robber arrested by Boko Police) ৷

লগতে পঢ়ক: শিৱসাগৰত আৰক্ষীৰ জিম্মাত বাইক চোৰৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.