ৰঙিয়াত ৩০০ৰো অধিক লোকৰ বিজেপিত যোগদান

author img

By

Published : Sep 21, 2022, 11:18 AM IST

Bjp

ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বৈদ্যগড় গাঁও পঞ্চায়ত আৰু আৰিমত্ত গাঁও পঞ্চায়তৰ ৩০০ ৰো অধিক কংগ্ৰেছ কর্মীয়ে বিজেপিত যোগদান কৰে (Many congress worker join BJP)। বিজেপিৰ ৰাজ্যিত সভাপতি ভৱেশ কলিতাই লোকসকলক বিজেপিলৈ আদৰণি জনায় । অঞ্চলটোৰ সৰ্বাংগীন উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়ে বিজেপি নেতাগৰাকীয়ে ।

ৰঙিয়া, 21 ছেপ্টেম্বৰ : কামৰূপ জিলাৰ ৰঙিয়াত বিজেপি দলে এক বিশাল যোগদান কাৰ্যসূচী ৰূপায়ণ কৰে । মঙলবাৰে ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত হাছানটুক গাঁৱত আয়োজিত এই বিশাল যোগদান কাৰ্যসূচীত 300 ৰো অধিক লোকে বিজেপিত যোগদান কৰে (More than 300 people join BJP)। আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শিপ্ৰা দাসৰ নেতৃত্বত আয়োজন হোৱা যোগদান কাৰ্যসূচীৰ সভাখনৰ সভাপতিত্ব কৰে ৰঙিয়াৰ বিধায়ক তথা ৰাজ‍্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই ।

উক্ত যোগদান কার্যসূচীত বৈদ্যগড় গাঁও পঞ্চায়ত আৰু আৰিমত্ত গাঁও পঞ্চায়তৰ ৩০০ ৰো অধিক কংগ্ৰেছ কর্মী তথা সমৰ্থকে কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগ দান কৰে (More than 300 people join BJP) ৷ বিজেপি নেতৃত্বধীন কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰখনৰ প্ৰতি আকৃষ্ট হৈ আৰু ৰঙিয়া বিধানসভা সমষ্টিৰ সৰ্বাংগীন তথা বিৰামহীন প্ৰগতি আৰু উন্নয়নৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টিত লোকসকলে আনুষ্ঠানিকভাৱে যোগদান কৰে বুলি কয় ভৱেশ কলিতাই (Bhabesh Kalita at BJP Joining program)।

ৰঙিয়াত ৩০০ৰো অধিক লোকৰ বিজেপিত যোগদান

নতুনকৈ বিজেপিত যোগদান কৰা সকলোকে দলৰ মজিয়ালৈ উষ্ম আদৰণি জনাই বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে, ৰাইজে এতিয়া কংগ্ৰেছৰ অপশাসনৰ কথা বুজি উঠিছে বাবে সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত স্বতঃস্ফূৰ্তভাৱে ৰাইজৰ সেৱা আগবঢ়াবলৈ আগবাঢ়ি আহিছে (BJP joining program in Rangia) ।

উল্লেখ্য যে, কংগ্ৰেছৰ দুৰ্গৰূপে খ‍্যাত হাচানটুক অঞ্চলৰ এই বৃহৎ যোগদান কাৰ্যসূচীয়ে আগন্তুক ৰাজনৈতিক পট পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে । সংখ‍্যালঘু অধ্যুষিত অঞ্চলটো দীৰ্ঘ সময়ৰ পৰা কংগ্ৰেছৰ অধীনত আছিল ।

যোগদান সভাখনত জিলা পৰিষদৰ সদস্য লিটন কলিতা, উত্তৰ কামৰূপ জিলা বিজেপিৰ সভাপতি সুবল পাল, বৈদ‍্যগড় পঞ্চায়তৰ সভাপতি দুলু ভূঞাৰ লগতে বিজেপিৰ কৰ্মীসকল উপস্থিত থাকে । লগতে অসম আৰক্ষীৰ সদ‍্যঘোষিত নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ পাঁচগৰাকী যুৱকক সভাখনত সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক:সলনি নহয় বিজেপিৰ ৰাজ্যিক সভাপতি: সাংসদ কামাখ্যা প্রসাদ তাছাৰ স্পষ্টীকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.