ক'ভিড পৰিস্থিতিৰ মাজতে গুৱাহাটীৰ বিশ্বকৰ্মা মন্দিৰত পূজাৰ আয়োজন

author img

By

Published : Sep 16, 2021, 9:42 PM IST

bishwakarma-puja-preparation-at-first-bishwakarma-temple-in-northeast

মালিগাঁৱত থকা উত্তৰ পূবৰ প্ৰথমটো বিশ্বকৰ্মা মন্দিৰত নীতি-নিয়মৰ মাজেৰে পূজা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিছে মন্দিৰ কৰ্তৃপক্ষই ৷ জাক-জমকতাৰ বিপৰীতে নীতি-নিয়মসমূহ মানি চলি পৰম্পৰা ৰক্ষা কৰি অনুষ্টুপীয়াকৈ পূজা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিছে মন্দিৰ কৰ্তৃপক্ষই ৷

গুৱাহাটী,16 ছেপ্তেম্বৰ: সমগ্ৰ দেশতে অসমতো শুকুৰবাৰে উলহ-মালহেৰে উদযাপন কৰা হ'ব বিশ্বকৰ্মা পূজা ৷ যাৰ বাবে বৃহস্পতিবাৰে দিনৰ ভাগত বজাৰে-সমাৰে বিশ্ব খনিকৰৰ পূজা-অৰ্চনাৰ বাবে ব্যাপক ব্যস্ততা আৰু ভিৰ পৰিলক্ষিত হৈছে ৷ গুৱাহাটী মহানগৰীৰ মালিগাঁৱত থকা উত্তৰ পূবৰ প্ৰথমটো বিশ্বকৰ্মাৰ মন্দিৰতো চলিছে পূজাৰ ব্যাপক আয়োজন ৷ উল্লেখ যে, এই মন্দিৰটো গুৱাহাটীৰ নিলাচল পাহাৰৰ সমীপত তথা মা কামাখ্যা মন্দিৰৰ নামনিত অৱস্থিত ৷

মন্দিৰৰ পুৰোহিতে জনোৱা মতে, 1965 চনতে ভৱকান্ত শৰ্মা বৰপূজাৰীয়ে বিশ্বকৰ্মা মন্দিৰৰ বাবে মাটি দান কৰিছিল আৰু তাৰ পৰৱৰ্তী সময়ত মহাবীৰ প্ৰসাদ ধিৰাচৰিয়া আৰু ভৱকান্ত শৰ্মা বৰপূজাৰী দুয়ো মিলি মন্দিৰটো নিৰ্মাণ কৰে ৷ তাৰ পিছৰে পৰা ভৱকান্ত শৰ্মাৰ পৰিয়ালৰ লোকে মন্দিৰটো পৰিচালনা কৰি আহিছে ৷ প্ৰতিবছৰে 17 ছেপ্টেম্বৰৰ দিনা মন্দিৰটোত বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ পূজাভাগ অনুষ্ঠিত হৈ আহিছে ৷

Bishwakarma Puja preparation at first Bishwakarma temple in Northeast
ক'ভিড পৰিস্থিতিৰ মাজতে গুৱাহাটীৰ বিশ্বকৰ্মা মন্দিৰত পূজাৰ আয়োজন

বিগত বৰ্ষৰ দৰে এইবাৰো ক'ভিড প্ৰটক'ল মানি চলি মন্দিৰত বিশ্বকৰ্মাৰ পূজাভাগ আগবঢ়োৱা হ'ব ৷ কৰ'ণাসৃষ্ট পৰিৱেশৰ বাবেই অনুষ্টুপীয়াকৈ সকলোৱে আয়োজন কৰিছে পূজা ৷ মহানগৰীৰ অতিকৈ পুৰণি এই মন্দিৰতো নীতি-নিয়মৰ মাজেৰে পূজা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিছে মন্দিৰ কৰ্তৃপক্ষই ৷ জাক-জমকতাৰ বিপৰীতে নীতি-নিয়মসমূহ মানি চলি পৰম্পৰা ৰক্ষা কৰি অনুষ্টুপীয়াকৈ পূজা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছে ৷

ছেনিটাইজাৰ ব্যৱহাৰ কৰা, মাক্স পৰিধান কৰা, সামজিক দূৰত্ব বজাই ৰখা আদি দিশত গুৰুত্ব দি পূজা কৰা হ'ব মন্দিৰত ৷ সকলো ভক্তকে নিয়মসমূহ মানি চলিবলৈ আহ্বান জনাইছে মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াই ৷

লগতে পঢ়কঃ সুশান্ত বৰগোঁহাই বিশ্বাস ঘাটক: অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.