Har Ghar Tiranga 2022: ৰঙিয়াত মুকলি ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰ

author img

By

Published : Aug 2, 2022, 12:58 PM IST

Har Ghar Tiranga 2022

হৰ ঘৰ তিৰংগা কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে ৰাজ্যত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । কামৰূপ জিলাৰ ৰঙিয়া পৌৰসভাত ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয় (National Flag Sales Centre opens in Rangia)। ৰঙিয়াৰ বিধায়ক তথা অসম ৰাজ‍্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৰঙিয়া নগৰৰ ৪ নম্বৰ ৱাৰ্ডৰ শিৱমন্দিৰ পথৰ দাঁতিত থকা নাইট চেণ্টাৰত এই কেন্দ্ৰটো মুকলি কৰে ।

ৰঙিয়া,২ আগষ্ট : দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে চৰকাৰে আজাদী কা অমৃত মহোৎসৱৰ আয়োজন কৰিছে (Azadi ka Amrit Mahotsav)। মহোৎসৱৰ লগত সংগতি ৰাখি দেশজুৰি চৰকাৰে হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰো ঘোষণা কৰিছে (Har Ghar Tiranga 2022)। লগে লগে সমগ্ৰ দেশৰ লগতে অসমতো এই কাৰ্যসূচীক লৈ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে । কোনো যদি ব্যস্ত হৈছে ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰাত আনফালে ঠায়ে ঠায়ে আকৌ মুকলি কৰা হৈছে ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ ।

ঘৰে ঘৰে জাতীয় পতাকা উত্তোলনৰ সহায়ৰ বাবে কামৰূপ জিলাৰ ৰঙিয়া পৌৰসভাতো এক ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয় (National Flag Sales Centre opens in Rangia)। ৰঙিয়াৰ বিধায়ক তথা অসম ৰাজ‍্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৰঙিয়া নগৰৰ ৪ নম্বৰ ৱাৰ্ডৰ শিৱমন্দিৰ পথৰ দাঁতিত থকা নাইট চেণ্টাৰত এই কেন্দ্ৰটো মুকলি কৰে (Bhabesh Kalita inaugurates National Flag Sales Centre)। অসম ৰাজ‍্যিক নগৰীয়া জীৱিকা অভিযান আৰু ৰঙিয়া পৌৰসভাৰ উদ‍্যোগত প্ৰায় পোন্ধৰটা আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰস্তুত কৰা পতাকাসমূহ এই কেন্দ্ৰটোত বিক্ৰী কৰা হ'ব ।

ৰঙিয়াত মুকলি ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰ

বৰ্তমান কেন্দ্ৰটোত বিভিন্ন আকাৰৰ ৰাষ্ট্ৰীয় পতাকা অতি কম মূল‍্যত উপলব্ধ হৈ আছে বুলি উদ‍্যোক্তাসকলে জানিবলৈ দিয়ে । কেন্দ্ৰটো মুকলি কৰাৰ পিছতে ৰঙিয়াৰ বিধায়কগৰাকীয়ে পতাকা প্ৰস্তুত কৰা মহিলাসকলৰ সৈতে মত-বিনিময় কৰে । লগতে বিজেপিৰ নেতাগৰাকীয়ে অনুষ্ঠানটোত উপস্থিত থকা সাংবাদিক, সমাজকৰ্মী আৰু গৃহিনীসকলক পতাকা বিতৰণ কৰে । এই উপলক্ষে কেন্দ্ৰটোৰ চৌহদত আয়োজিত সভাখনত ভাষণ দি বিধায়কগৰাকীয়ে কয় যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ "হৰ ঘৰ তিৰংগা" শীৰ্ষক দেশপ্ৰেমমূলক কাৰ্যসূচীয়ে ৰাজ্যৰ শিপিনীসকলৰ আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ দিশতো সহায় কৰিছে ।

ৰাজ্যজুৰি মুকলি হোৱা এই ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰসমূহৰ পৰা প্ৰত্যেকেই সুলভ মূল্যত দেশৰ গৌৰৱ জাতীয় পতাকাখন ক্ৰয় কৰাৰ লগতে সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে এই কাৰ্যসূচীক সাফল্যমণ্ডিত কৰি তুলিব বুলি তেওঁ আশা প্ৰকাশ কৰে । লগতে নেতাগৰাকীয়ে উপযাচি দিয়া বস্তুৰ মূল্য কমি যায় বাবে সকলোৱে কিছু কমকৈ হ'লেও মূল্য পৰিশোধ কৰি জাতীয় পতাকাখন ক্ৰয় কৰা উচিত বুলি মন্তব্য কৰে ।

উক্ত সভাখনত ৰঙিয়াৰ মহকুমাধিপতি জাৱিৰ ৰাহুল সুৰেশ, ৰঙিয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়া তথা সহকাৰী আয়ুক্ত চম্পক ডেকা, চক্ৰ বিষয়া (সং) অনন‍্যা চৌধুৰী, থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ লগতে ৰঙিয়া পৌৰসভাৰ সভাপতি অমৰেন্দ্ৰ লহকৰ, উপ-সভাপতি বিদ‍্যুৎ ডেকা প্ৰমুখ্যে পৌৰসভাৰ বিষয়া-কৰ্মচাৰী আৰু স্থানীয় লোকসকল উপস্থিত থাকে ।

লগতে পঢ়ক :KAAC awareness programme : কাৰ্বি আংলঙত গুণগত শিক্ষাৰ বাবে সজাগতা অভিযান কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.