বজাৰত প্লাষ্টিকৰ চাউল ওলোৱা প্ৰসংগত ভাৰতীয় খাদ্য নিগম

author img

By

Published : Sep 19, 2022, 10:02 PM IST

awareness meeting on fortified rice at changsari

বজাৰত প্লাষ্টিকৰ চাউল ওলোৱা প্ৰসংগত ভাৰতীয় খাদ্য নিগমৰ স্পষ্টীকৰণ(Food Corporation of India) । ভাৰতীয় খাদ্য নিগমৰ চাংসাৰিত থকা গুডাম ঘৰৰ বাকৰিত এক সজাগতা সভা অনুষ্ঠিত কৰি বজাৰত প্লাষ্টিকৰ চাউল ওলোৱা বুলি মানুহৰ মাজত থকা ভুল ধাৰণাটো ভঙাৰ প্ৰয়াস কৰে ভাৰতীয় খাদ্য নিগমে(Plastic Rice Controversy) ।

বাইহাটা,১৯ ছেপ্টেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত প্লাষ্টিকৰ চাউল ওলোৱা বুলি যি অভিযোগ উত্থাপন হৈ আহিছে সেই সন্দৰ্ভত ৰাইজৰ ভুল ধাৰণা ভঙাৰ প্ৰয়াস কৰে ভাৰতীয় খাদ্য নিগমে(Plastic Rice Controversy) । এই সন্দৰ্ভত ভাৰতীয় খাদ্য নিগমৰ চাংসাৰিত থকা গুডাম ঘৰৰ বাকৰিত অনুষ্ঠিত হয় এখনি সজাগতা সভা(Food Corporation of India) ।

এই সজাগতা সভাতে প্লাষ্টিক চাউল প্ৰসংগত কেতবোৰ গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে খাদ্য নিগমৰ প্ৰৱন্ধক ৰাজেশ চৌধুৰীয়ে(Awareness meeting at Changsari) । চৌধুৰীয়ে জনাই যে প্লাষ্টিক চাউল বুলি সাধাৰণ মানুহে যি ধাৰণা কৰিছিল সেয়া আচলতে ফৰটিফইড চাউলহে । এই চাউলবিধ কৃত্ৰিমভাৱে নিৰ্মাণ কৰা হয় ।

প্লাষ্টিক চাউল প্ৰসংগত ভাৰতীয় খাদ্য নিগম

আমি খাবলৈ ব্যৱহাৰ সাধাৰণ চাউল গুড়ি কৰি তাৰ লগত আইৰন, ফলিক এচিড আৰু ভিটামিন B12 মিলাই পুনৰাই কৃত্ৰিমভাৱে এই ফৰটিফাইড চাউলবিধ প্ৰস্তুত কৰে বুলি জনাই চৌধুৰীয়ে । সাধাৰণতে খাবলৈ ব্যৱহাৰ কৰা চাউলৰ লগত ১.১০০ অনুপাতত মিহলাব লাগে এই ফৰটিফাইড চাউলবিধ । বৰ্তমানে মধ্যাহ্ন ভোজনৰ চাউল আৰু সংহত শিশু উন্নয়ণ প্ৰকল্পৰ জড়িয়তে এই চাউল বিতৰণৰ ব্যৱস্থা কৰা বুলি উল্লেখ কৰে ভাৰতীয় খাদ্য নিগমৰ প্ৰৱন্ধকগৰাকীয়ে ।

লগতে পঢ়ক: টীয়কত ২২১ জন ৰোগীৰ মাজত চেক বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.