স্কুটী চলাই বগৰীবাৰীৰ বান চালেগৈ মুখ্যমন্ত্ৰীয়ে

author img

By

Published : Jul 14, 2022, 8:48 PM IST

Assam CM Visits Flood-Affected Areas of Rangia

ৰঙিয়াৰ বগৰীবাৰীত ভগ্ন মথাউৰি পৰিদৰ্শন কৰিবলৈ উপস্থিত হ'ল মুখ‍্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ স্কুটীত উঠি বান পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰীগৰাকীৰ(Assam CM Visits Flood Affected Areas of Rangia) ৷

ৰঙিয়া, 14 জুলাই : এইবাৰ স্কুটীত উঠি বান পৰিস্থিতি পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বৃহস্পতিবাৰে ভগ্ন মথাউৰি পৰিদৰ্শন কৰিবলৈ ৰঙিয়াৰ বগৰীবাৰীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ শৰ্মা । মুখ্যমন্ত্ৰীগৰাকীয়ে দাৰ্জিলিঙৰ পৰা হেলিকপ্টাৰেৰে ৰঙিয়াৰ আৰ্মি কেম্পৰ হেলিপেডত অৱতৰণ কৰি কনভয়েৰে বগৰীবাৰীৰ মথাউৰিৰ সমীপলৈ প্ৰায় ৬ কিলোমিটাৰ যাত্ৰা কৰে(Assam CM Visits Flood Affected Areas of Rangia) ।

স্কুটি চলাই বগৰীবাৰীৰ বান চালেগৈ মুখ্যমন্ত্ৰীয়ে

ইফালে, উক্ত স্থানত বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ লগতে নিজে স্কুটী চলাই মথাউৰিৰ ভগ্ন অংশসমূহত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী । ইয়াৰ পিছতে যন্ত্ৰ চালিত নাৱত উঠি নৈখন তন্ন তন্নকৈ পৰীক্ষা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । যি ঠাইত নদীখনে গতি সলনি কৰিছে সেই অংশৰ লগতে মথাউৰিটোৰ ভগ্ন অংশবোৰ তেওঁ পৰীক্ষা কৰে ।

মথাউৰিটো পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত মন্তব্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আই আই টিৰ বিশেষজ্ঞৰ দ্বাৰা মথাউৰিটো পুনৰ নিৰ্মাণৰ বিষয়ে চিন্তাচৰ্চা কৰা হৈছে । বিগত কিছু বছৰৰ ভিতৰত কেইবাবাৰো মথাউৰিটো ভাঙি অঞ্চলটোৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ পিছত এইবাৰ আই আই টিৰ বিশেষজ্ঞৰ দ্বাৰা সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰিলে এই সমস্যাৰ স্থায়ী সমাধান হ'ব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ইফালে, অঞ্চলটো পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাজনো বানপীড়িতৰ সৈতে মতৃ-বিনিময় কৰে আৰু তেওঁলোকৰ অৱস্থাৰ বিষয়ে বুজ লয়‌ । পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে লগত ৰঙিয়াৰ বিধায়ক ভবেশ কলিতা কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োসহ বিজেপি দলৰ বহুকেইগৰাকী কাৰ্যকৰ্তা ।

লগতে পঢ়ক : ধলা-শদিয়াৰ গৰাখহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.