বকোত ৰাভা জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ প্ৰতিবাদ

author img

By

Published : Sep 16, 2022, 5:15 PM IST

Protest

ভূমিৰ অধিকাৰ, ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিকৰণ, জনজাতীয় আৱেষ্টনী আৰু খণ্ড সংৰক্ষণ আদি দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে নিখিল ৰাভা ছাত্ৰ সন্থাই (ARSU protest)। লগতে ৰাভা জনগোষ্ঠীৰ কেইবাটাও সংগঠনে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

বকো,১৬ ছেপ্টেম্বৰ : অসমৰ ৬ জনগোষ্ঠীক কেন্দ্ৰীয় চৰকাৰে জনজাতিকৰণৰ নামত প্ৰতাৰণা কৰাক লৈ বিভিন্ন স্থানত প্ৰতিবাদ অব্যাহত আছে । জনগোষ্ঠীয় বহু সংগঠনে ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে (6 tribes protest in Assam)। ইয়াৰ মাজতে ৰাভাসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত বকোত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ ।

নিখিল ৰাভা ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতি, কামৰূপ জিলা ৰাভা মহিলা পৰিষদ আৰু কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ যৌথ উদ্যোগত শুকুৰবাৰে বকোত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় (Rabha organization protest)। বকো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনকেইটাই । ৰাভা হাছং স্বায়ত্ত্ব শাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী তোলে প্ৰতিবাদকাৰীয়ে ।

বকোত ৰাভা জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ প্ৰতিবাদ

ইয়াৰোপৰি নিৰ্দিষ্ট আইনৰ অধীনত খিলঞ্জীয়া জাতি-জনজাতিলোকক ভূমিৰ অধিকাৰ প্ৰদান কৰা, জনজাতীয় আৱেষ্টনী আৰু খণ্ডৰ ভূমি বহিৰাগত বণিয়াৰ লগতে অসংৰক্ষিত শ্ৰেণীলৈ হস্তান্তৰ বন্ধ কৰা, জনজাতীয় আৱেষ্টনী আৰু খণ্ড সংৰক্ষণ কৰাৰ দাবী তোলে জাতীয় সংগঠনকেইটাই । এই প্ৰতিবাদী কাৰ্য্যসূচীত নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ ৰাভা, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি অজিত ৰাভা, সাধাৰণ সম্পাদক নমল কুমাৰ ৰাভাকে ধৰি বহুকেইগৰাকী জাতীয় সংগঠনৰ নেতা উপস্থিত থাকে ।

লগতে পঢ়ক :হঠাৎ বৃদ্ধি বিদ্যুতৰ মাচুল, গুৱাহাটীত আম আদমী পাৰ্টিৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.