বেদখলকাৰীৰ কবলত ৰাজ্যৰ প্ৰায় ৩১ লাখ বিঘা চৰকাৰী ভূমি

author img

By

Published : Sep 26, 2021, 2:27 PM IST

as_ghy_03_land_encroach_story_7209925

ৰাজ্যৰ প্রায় ৩১ লাখ বিঘা চৰকাৰী ভূমি বেদখলকাৰীৰ কবলত আছে । বিশেষকৈ নামনি অসমত বেদখলীকৃত চৰকাৰী ভূমিৰ পৰিমাণ প্ৰতিদিনে ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে ৷

কামৰূপ, 26 ছেপ্তেম্বৰ : বেদলকৃত ভূমি উদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰে সময়ে সময়ে উচ্ছেদ অভিযান চলাই আহিছে । সমান্তৰালভাৱে উচ্ছেদক লৈ উত্তেজনামূলক পৰিস্থিতিৰো সৃষ্টি হৈ আহিছে । শেহতীয়াভাৱে ছিপাঝাৰৰ গৰুখুটিৰ উচ্ছেদ অভিযানকলৈ উত্তপ্ত হৈ পৰিছে ৰাজ্য ।

as_ghy_03_land_encroach_story_7209925
বেদখলকাৰীৰ কবলত ৰাজ্যৰ প্ৰায় ৩১ লাখ বিঘা চৰকাৰী ভূমি

উল্লেখ্য যে, ৰাজ্যৰ প্রায় ৩১ লাখ বিঘা চৰকাৰী ভূমি বেদখলকাৰীৰ কবলত আছে । বিশেষকৈ নামনি অসমত বেদখলীকৃত চৰকাৰী ভূমিৰ পৰিমাণ প্ৰতিদিনে ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে ৷ বিশেষকৈ গোৱালপাৰা, ধুবুৰী, বৰপেটা আদিৰ লগতে মধ্য অসমৰ নগাঁও, মৰিগাঁও আদি জিলাতো বেদখলকাৰীৰ কবলত পৰিছে বৃহৎ পৰিমাণৰ চৰকাৰী ভূমি । আনকি চৰ অঞ্চলৰ লগতে চৰকাৰী গ্রেজিং আদিও একাংশ সন্দেহযুক্ত নাগৰিকে দখল কৰাৰ অভিযোগ উত্থাপন হৈছে ।

শেহতীয়াকৈ ৰাজ্য চৰকাৰে দৰঙৰ ছিপাঝাৰত চলোৱা উচ্ছেদ অভিযানৰ পাছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত লাখ লাখ বিঘা চৰকাৰী ভূমি বেদখলকাৰীৰ কবলত পৰাৰ তথ্য পোহৰলৈ আহিছে । ৰাজ্য চৰকাৰৰ প্ৰকাশ কৰা তথ্য মতেই ৰাজ্যখনৰ ৩০,৭০,২৭৭ বিঘা চৰকাৰী মাটি বেদখলকাৰীৰ কৱলত আছে । একমাত্ৰ চৰকাৰী ভূমিয়েই নহয় অভিযোগ অনুসৰি ৰাজ্যখনৰ সত্ৰৰ ভূমিও দখল কৰিছে একাংশ সন্দেহযুক্ত লোকে ।

as_ghy_03_land_encroach_story_7209925
বেদখলকাৰীৰ কবলত ৰাজ্যৰ প্ৰায় ৩১ লাখ বিঘা চৰকাৰী ভূমি

লগতে পঢ়ক : শীঘ্ৰে গুৱাহাটী মহানগৰীত মুকলি হ'ব আন এখন উৰণীয়া সেঁতু

চৰকাৰী তথ্য মতে গোৱালপাৰা জিলাত ২,৯২,২৯৮ বিঘা, ধুবুৰী জিলাত ১,৫১,৯৮৭ বিঘা, বৰপেটা জিলাত ৪৯,৫৩২ বিঘা, কামৰূপ জিলাত ১,০২,৬৬৮ বিঘা, বঙাইগাঁও জিলাত ৫৯,৫৪৬ বিঘা, নগাঁও জিলাত ১,৭১,৪১৫ বিঘা, মৰিগাঁও জিলাত১,১৩,৮০৭ বিঘা, শিৱসাগৰ জিলাত ৩৬,৬২৪ বিঘা, গোলাঘাট জিলাত ১,৫০,৪৮৫ বিঘা, যোৰহাট জিলাত ৪৫,৫৭৪ বিঘা, ডিব্ৰুগড়ত ২,৭৫,৮৫৪ বিঘা, লখিমপুৰ জিলাত ৫৮,৮৯২ বিঘা চৰকাৰী ভূমি দখল হৈছে । দখল হোৱা এই ভূমিৰ প্ৰায়ভাগেই হৈছে পাহাৰ, বিল, গ্ৰেজিং, ট্রাইবেল ব্লক এণ্ড বেল্টৰ ভূমি ।

as_ghy_03_land_encroach_story_7209925
বেদখলকাৰীৰ কবলত ৰাজ্যৰ প্ৰায় ৩১ লাখ বিঘা চৰকাৰী ভূমি

অৱশ্যে এয়া চৰকাৰী তথ্যহে । বেচৰকাৰী তথ্য মতে দখল হৈ থকা ভূমিৰ পৰিমাণ ইয়াৰ দুগুণ । চৰকাৰী তথ্যত বহুতো দখল হৈ থকা ভূমিৰ হিচাপ যোগ কৰা হোৱাই নাই । উল্লেখ্য যে, অসম চৰকাৰে হৰিশংকৰ ব্রহ্মৰ নেতৃত্বত গঠন কৰি দিয়া ভুমি অধিকাৰ সুৰক্ষা সমিতিখনেও ৰাজ্যৰ ৬৬ শতাংশ ভূমি অখিলঞ্জীয়াৰ হাতত থকা বুলি নিজৰ প্ৰতিবেদনত উল্লেখ কৰিছিল । ব্ৰহ্মৰ সমিতিৰ মতে ৰাজ্যৰ ১৫ খন জিলাতেই খিলঞ্জীয়া সংখ্যালঘু আৰু বাংলাদেশৰ পৰা অহা লোকসকল হৈছে সংখ্যাগৰিষ্ঠ ।

as_ghy_03_land_encroach_story_7209925
বেদখলকাৰীৰ কবলত ৰাজ্যৰ প্ৰায় ৩১ লাখ বিঘা চৰকাৰী ভূমি

সেই ১৫ খন জিলাতেই দখল হৈছে সৰ্বাধিক ভূমি । ইফালে চুবুৰীয়া ৰাজ্যসমূহেও দখল কৰি ৰাখিছে অসমৰ বৃহৎ পৰিমাণৰ ভূমি । তথ্য মতে চুবুৰীয়া ৰাজ্যই অসমৰ প্রায় ৬৯ হাজাৰ হেক্টৰ ভূমি দখল কৰি থৈছে । এনে পৰিস্থিতিত ভূমি দখলে ৰাজ্যখনত অনাগত দিনত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে । কিয়নো চৰকাৰী ভূমি দখল কৰা প্ৰায়সংখ্যক লোকেই হৈছে অখিলঞ্জীয়া তথা বাংলাদেশী মূলৰ।

এটা সময়ত বাংলাদেশৰ পৰা অহা উক্ত লোকসকলে এতিয়া গোজেই গজালি হৈ ৰাজ্যত সংখ্যাগৰিষ্ঠ হোৱাৰ দিশে গতি কৰিছে । আনহাতে, বিভিন্ন কাৰণত ভূমিহীন হৈছে খিলঞ্জীয়া লোকসকল । চৰকাৰে সময়ে সময়ে দখল হৈ থকা ভূমি মুক্ত কৰাৰ বাবে চেষ্টা চলাই আহিছে যদিও এই ক্ষেত্রত সফল হ'ব পৰা নাই ।

লগতে পঢ়ক : দুগৰাকী অসমীয়াৰ দুটা ভাল লগা খবৰ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.