Republic Day celebration in Assam: গণৰাজ্য দিৱসত কোনে ক’ত উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা ?

author img

By

Published : Jan 24, 2023, 1:44 PM IST

Updated : Jan 24, 2023, 3:00 PM IST

74 th Republic day in Assam

আগন্তুক 26 জানুৱাৰী অৰ্থাৎ বৃহস্পতিবাৰে দেশে উদযাপন কৰিব ৭৪ সংখ্যক গণৰাজ্য দিৱস ৷ সমগ্ৰ দেশৰ লগতে অসমতো গণৰাজ্য দিৱস উদযাপনৰ বাবে চলাইছে প্ৰস্তুতি ৷ পিছে এইবাৰৰ গণৰাজ্য দিৱসত ৰাজ্যত কোনে ক’ত উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা (Who and where will fly the National Flag on Republic Day in Assam)? জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন...

নিউজ ডেস্ক, 24 জানুৱাৰী : বৃহস্পতিবাৰে দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস (74 th Republic day) ৷ ইতিমধ্যে সমগ্ৰ দেশজুৰি গণৰাজ্য দিৱসৰ প্ৰস্তুতি তুংগত উঠিছে ৷ দিল্লীত এইবাৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত বিশেষ অতিথিৰূপে উপস্থিত থাকিব ইজিপ্তৰ ৰাষ্ট্ৰপতি (Egyptian President will be in Delhi on Republic Day) ৷ দেশৰ ৰাজধানীত অনুষ্ঠিত হ’বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকিব ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাট্টাহ এল চিচি (Abdel Fattah el Sisi) ৷

এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেডত ৰাজধানী দিল্লীৰ ৰাজপথত অসমৰ প্ৰতীকপট (Assam tableau on 74 th Republic day) হিচাপে দেখা যাব বীৰ লাচিত বৰফুকনৰ শৌৰ্য-বীৰ্যৰে জাতিষ্কাৰ হৈ উঠা মহান বীৰগৰাকীৰ পৰাক্ৰমৰ গাথা ৷ তাৰ লগতে এইবাৰ ৰাজধানীৰ ৰাজপথৰ পেৰেডত দেখা যাব নীলাচলৰ কামাখ্যা মন্দিৰৰ ইতিহাস (Kamakhya temple of Assam) ৷

ৰাজধানীৰ সমান্তৰালভাৱে ৰাজ্যতো পৰিলক্ষিত হৈছে গণৰাজ্য দিৱসৰ উছাহ-উদ্দীপনা (Republic day celebration in Assam) ৷ আনহাতে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই (Assam CM Himanta Biswa Sarma) ৷

Republic Day celebration in Assam
গণৰাজ্য দিৱসত কোনে ক’ত উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা

একেদৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কামৰূপত পতাকা উত্তোলন কৰিব (Minister Ranjit kumar Dass) ৷ কৃষি মন্ত্ৰী অতুল বৰাই গোলাঘাটত উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা (Agriculture minister Atul Borah unveil the flag in Golaghat) ৷ উৰ্খাও গৌৰা ব্ৰহ্মই বাক্সাত পতাকা উত্তোলন কৰিব(Who and where will fly the National Flag on Republic Day in Assam)৷

ইয়াৰ লগতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৱে যোৰহাটত, পৰিমল শুক্লবৈদ্যই হাইলাকান্দিত আৰু মন্ত্ৰী কেশৱ মহন্তই তেজপুৰত উত্তোলন কৰিব পতাকা ৷ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে নগাঁৱত পতাকা উত্তোলন কৰিব ৷

অশোক সিংহলে পতাকা উত্তোলন কৰিব নলবাৰীত ৷ যোগেন মহন, সঞ্জয় কিষাণ আৰু অজন্তা নেওগে ক্ৰমে ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰত পতাকা উত্তোলন কৰিব ৷ পীযুষ হাজৰিকাই লখিমপুৰত, বিমল বড়াই মঙলদৈত, নন্দিতা গাৰ্লোচাই শিলচৰত, জয়ন্ত মল্ল বৰুৱাই ধুবুৰীত আৰু প্ৰমোদ বড়োৱে কোকৰাঝাৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব ৷

তুলিৰাম ৰংহাঙে ডিফুত, দেৱোলাল গাৰ্লোচাই হাফলঙত আৰু গোবিন্দ চন্দ্ৰ বসুমতাৰী ওদালগুৰিত উত্তোলন কৰিব এইবাৰৰ গণৰাজ্য দিৱসৰ পতাকা ৷

লগতে পঢ়ক : Run up event in Guwahati: ৰাজ্যৰ বহুকেইটা স্থানত স্থাপন হ’ব বাঁহৰ উদ্যান

Last Updated :Jan 24, 2023, 3:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.