লাহে লাহে উন্মোচন হৈছে জলসম্পদ বিভাগৰ নিযুক্তি কেলেংকাৰীৰ তথ্য

author img

By

Published : Sep 14, 2022, 4:22 PM IST

Updated : Sep 14, 2022, 4:44 PM IST

Dispur

জলসম্পদ বিভাগৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত আৰক্ষীয়ে অভিযান চলাই ইজনৰ পাছত সিজনক গ্ৰেপ্তাৰ কৰিছে (Broker arrested by Dispur Police)। এইবাৰ সংশ্লিষ্ট বিভাগটোৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী আৰু এজন সাংবাদিক গ্ৰেপ্তাৰ । দালাল চক্ৰৰ লগত এই দুয়োজনে প্ৰত্যক্ষভাৱে জড়িত থকাৰ অভিযোগ আৰক্ষীৰ ।

গুৱাহাটী, ১৪ ছেপ্টেম্বৰ : জলসম্পদ বিভাগৰ চাকৰিৰ নামত চলোৱা দালালৰাজৰ বিৰুদ্ধে দিছপুৰ আৰক্ষীৰ অভিযান অব্যাহত আছে (Guwahati police raid against Job broker)। শেহতীয়াকৈ এই দালাল চক্ৰৰ আন দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । এজন হ'ল কুঁহিৰাম ডেকা । মঙলদৈ জলসম্পদ বিভাগৰ চতুৰ্থ বৰ্গ কৰ্মচাৰী কুঁহিৰাম ডেকা ।

আনহাতে এটা ব্যক্তিগত চেটেলাইট চেনেলৰ কলাইগাঁৱৰ সাংবাদিক পিংকু বৰুৱাকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । এই নিযুক্তি কেলেংকাৰী সন্দৰ্ভত আৰক্ষী উপ-আয়ুক্ত সুধাকৰ সিঙে এইবাৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে (Guwahati DCP on Job broker)। তেওঁ উল্লেখ কৰা মতে এই গোচৰত প্ৰত্যক্ষভাৱে জড়িত আছে কুঁহিৰাম ডেকা আৰু পিংকু বৰুৱা । আৰু কিছু লোক জড়িত আছে এই চাকৰিৰ মুকলি বেহাত ।

লাহে লাহে উন্মোচন হৈছে জলসম্পদ বিভাগৰ নিযুক্তি কেলেংকাৰীৰ তথ্য

আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে নথি পত্ৰত এটা কথা প্ৰমাণ হৈছে যে পূৰ্বৰে পৰা জড়িত আছিল কুঁহিৰাম ডেকা আৰু পিংকু বৰুৱা । মাষ্টাৰৰোলৰ চাকৰি নিযুক্তি প্ৰক্ৰিয়া আদালতৰ বিচৰাধীন । তেতিয়াৰ পৰাই বিভিন্ন লোকক প্ৰলোভনেৰে চাকৰিৰ টোপ দিছিল কুঁহিৰামে । আনহাতে বিভিন্ন চাকৰি প্ৰত্যাশী প্ৰাৰ্থী লৈ আহিছিল পিংকু বৰুৱাই ।

ইতিমধ্যে বৃহৎ পৰিমাণৰ ভুৱা নথি পত্ৰ জব্দ কৰিছে আৰক্ষীয়ে । আৰক্ষী বিষয়াগৰাকীৰ মতে এই নথি পত্ৰসমূহ তন্ন-তন্নকৈ পৰীক্ষা চলাই থকা হৈছে । বৰ্তমানো পলাতক চাকৰিৰ দালাল চক্ৰটোৰ দুই মাষ্টাৰমাইণ্ড ৰফিকুল হুছেইন, আজিজুৰ হক ।

উল্লেখ্য যে দেওবাৰে গুৱাহাটীৰ বৰবাৰীৰ ভি আই পি পথৰ জি বি গেষ্ট হাউচৰ পৰা দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৭ টাকৈ চাকৰিৰ দালালক (Job broker arrested in Guwahati)। ধৃত দালাল কেইটা ক্ৰমে কাহিলীপাৰাৰ নয়ন শইকীয়া, মঙলদৈৰ চিৰাজুল হক, নলবাৰী গোবিন্দ চৌধুৰী,নুৰ ইচলাম আহমেদ আৰু প্ৰাঞ্জল বৰ্মন, বশিষ্ঠৰ জয়ন্ত ডেকা আৰু গোৱালপাৰাৰ জয়ন্ত দাস । গেষ্ট হাউচৰ কোঠা ভাড়াতলৈ এই চক্ৰটোৱে দীৰ্ঘদিন ধৰি জলসম্পদ বিভাগৰ মাষ্টাৰৰোলৰ চাকৰিৰ ভুৱা নিযুক্তিৰ বেহা চলাই আছিল ।

গেষ্ট হাউচটোৰ কোঠাতেই এই দালাল চক্ৰটোৱে প্ৰস্তুত কৰিছিল ভুৱা নিযুক্তিপত্ৰ । জলসম্পদ বিভাগৰ মাষ্টাৰৰোলৰ পদত নিযুক্তি দিয়াৰ নামত ৰফিকুল হুছেইনৰ নেতৃত্বত দালাল চক্ৰটোৱে ৰাজ্যৰ বিভিন্ন স্থানৰ লোকৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰিছিল ।

লগতে পঢ়ক :বৰ্তমানেও পলাতক ভুৱা নিযুক্তিৰ বেহা চলোৱা মূল তিনি মাষ্টাৰ মাইণ্ড

Last Updated :Sep 14, 2022, 4:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.