মা কামাখ্যা মন্দিৰত বিশিষ্ট অভিনেতা অনুপম খেৰ

author img

By

Published : Sep 18, 2022, 7:14 PM IST

Veteran actor Anupam Kher at Maa Kamakhya Temple

ব্যক্তিগত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ অহা অভিনেতা অনুপম খেৰে আজি নীলাচল পাহাৰত উপস্থিত হৈ মা কামাখ্যাৰ পূজা-অৰ্চনা কৰে(Anupam Kher at Guwahati) । অভিনেতাগৰাকীক মন্দিৰ কৰ্তৃপক্ষৰ পৰা উষ্ম আদৰণী জনোৱা হয় । শক্তিপীঠ কামাখ্যা ধামৰ পৰিৱেশ দেখি আপ্লুত হৈ পৰে অভিনেতাগৰাকী ।

গুৱাহাটী,১৮ ছেপ্টেম্বৰ: বলিউডৰ প্ৰসিদ্ধ অভিনেতা অনুপম খেৰ বৰ্ত্তমান গুৱাহাটী মহানগৰীত(Anupam Kher at Guwahati)। ব্যক্তিগত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ অহা স্বনামধন্য অভিনেতাগৰাকীয়ে আজি মা কামাখ্যা মন্দিৰত উপস্থিত হৈ মাৰ পূজা-অৰ্চনা কৰে । মন্দিৰত উপস্থিত হোৱা অভিনেতাগৰাকীক মন্দিৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা উষ্ম আদৰণী জনোৱা হয় ।

মা কামাখ্যা মন্দিৰত বিশিষ্ট অভিনেতা অনুপম খেৰ

তেওঁ শক্তিপীঠ কামাখ্যা ধামৰ পৰিদৰ্শন কৰি পৰিৱেশ দেখি আপ্লুত হৈ পৰে(Anupam Kher at Maa Kamakhya Temple) । সামাজিক মাধ্যম যোগেও তেওঁ মা কামাখ্যা মন্দিৰত কৰা পূজা-অৰ্চনাৰ লগতে পৰিৱেশ বৰ্ণনা কৰি ভিডিঅ' আপলোড কৰে । ইয়াৰ পূৰ্বে তেওঁ বিমানত থকা অৱস্থাতো গুৱাহাটীৰ নান্দনিক পৰিৱেশ সামাজিক মাধ্যমত আপলোড কৰি অসমৰ প্ৰাকৃতিক সৌন্দৰ্যক প্ৰশংসা কৰে ।

তেওঁ আজি কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰি দেৱীৰ চৰণত পূজা আগবঢ়ায় সকলোৰে মংগল কামনা কৰে । ব্যক্তিগত কামৰ উদ্দেশ্যে অসমলৈ অহা অভিনেতাগৰাকীয়ে অসমত দুদিন কটাব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: অসংখ্যজনে স্ব-ভূমিলৈ আদৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.