ULFA I Sainik Divas: সৈনিক দিৱসত কি বাৰ্তা দিলে আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই ?

author img

By

Published : Mar 16, 2023, 5:44 PM IST

ULFA I Sainik Divas

‘সৈনিক দিৱস’ উপলক্ষে সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণ আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ অসমৰ ৷ সংগঠনটোৰ প্ৰতিগৰাকী সদস্যলৈ সন্মান আৰু কৃতজ্ঞতা জ্ঞাপন কৰি প্ৰেৰণ কৰা হৈছে বিবৃতিটো ৷ উল্লেখ্য যে, 16 মাৰ্চৰ দিনটোক সৈনিক দিৱস হিচাবে পালন কৰি আহিছে সংগঠনটোৱে (ULFA I press release) ৷

নিউজ ডেস্ক, 16 মাৰ্চ: নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তি বাহিনী অসম (স্বাঃ)ই সংগঠনটোৰ ‘সৈনিক দিৱস’ উপলক্ষে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে এক বিবৃতি ৷ উল্লেখ্য যে, প্ৰতিবছৰে 16 মাৰ্চ দিনটো ‘সৈনিক দিৱস’ হিচাবে পালন কৰি আহিছে আলফা (স্বাঃ)ই ৷ সংগ্ৰামত অতন্দ্ৰ প্ৰহৰী হিচাবে সেৱা আগবঢ়োৱা প্ৰতিগৰাকী জ্যেষ্ঠ-কনিষ্ঠ সহযোদ্ধালৈ শুভেচ্ছা জ্ঞাপন কৰা বুলি প্ৰেছ বাৰ্তাটোত উল্লেখ কৰিছে আলফা(স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ওৰফে পৰেশ অসমে (General Paresh Asom) ৷

বিবৃতিটোত উল্লেখ থকা অনুসৰি, ‘‘মুক্তি বিপ্লৱত প্ৰাণাহুতি দিয়া অসমী আইৰ শ্ৰেষ্ঠ সন্তানসকলৰ নাম যিদৰে ৰক্তৰঞ্জিত বুৰঞ্জীত সোণোৱালী আখৰেৰে লিখা থাকিব; ঠিক সেইদৰে আমাৰ অন্তৰত তেওঁলোকৰ বীৰোচিত সৰ্বোচ্চ ত্যাগ আৰু নিভাঁজ দেশপ্ৰেম চিৰজ্যোতিষ্মান হৈ আছে ৷ এই শুভক্ষণত সংগঠনৰ হৈ সেইসকল 'অমৰ মৃতক'ক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ ৷ আপোনজনক হেৰুৱা গৌৰৱান্বিত পিতৃ-মাতৃ তথা পৰিয়ালবৰ্গক আমাৰ বেদনাসিক্ত সমবেদনা জনালোঁ (ULFA I Sainik Divas) ৷ ’’

উল্লেখ্য যে, 16 মাৰ্চৰ দিনটোক আত্মোপলব্ধিৰ দিন হিচাবে অভিহিত কৰিছে সংগঠনটোৰ মুখ্য সেনাধ্যক্ষগৰাকীয়ে ৷ সমান্তৰালভাৱে চৰকাৰী পক্ষই সংগঠনৰ ভিতৰলৈ চোৰাংচোৱা প্ৰেৰণ কৰা বুলি উল্লেখ কৰি একাংশ সদস্যই পলায়ন কৰা কাৰ্যত ক্ষোভ প্ৰকাশ কৰে পৰেশ অসমে ৷ তেওঁ কয়, ‘’এনে কাৰ্য অত্যন্ত অবাঞ্ছিত আৰু অগ্ৰগতিত সাময়িক বাধাগ্ৰস্ত হোৱাৰ উপৰিও যুগজয়ী জাতিৰ বাবে পীড়াদায়ক ৷ হয়তো এতিয়াও তাৰ কণ-কঠীয়া সমুলঞ্চে নির্মূল হৈছে বুলি ভবা সমীচীন নহ’ব (United Liberation Front of Assam Independent) ৷’’

সংগঠনটোৰ সকলো সদস্যক উদ্দেশ্যি তেওঁ কয়, ‘‘ মুক্তি বিপ্লৱৰ অবিৰত গতি ত্বৰান্বিত কৰাত আপোনালোকৰ কষ্টোপাৰ্জিত কৃতকার্যতা, উল্লেখনীয় অৱদানৰ বাবে সংগঠন সদায় গৌৰৱান্বিত ৷ বিশ্বৰ ভূ-ৰাজনীতি আৰু সাম্প্ৰতিক পৰিৱৰ্তিত পৰিস্থিতিত এই কথা সূৰ্যোদয়ৰ দৰে সত্য যে- “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)” সংগঠনৰ প্ৰতিগৰাকী স্বাধীনতা সেনানীৰ নিৰ্ভেজাল নেতৃত্ব, উদ্ভাৱনী চেতনালব্ধ কর্মপদ্ধতিৰ নিৰন্তৰ ব্যৱহাৰিক প্ৰয়াসৰ ওপৰতে নিৰ্ভৰ কৰিছে শতিকাজোৰা পৰাধীন থলগিৰি জাতি-জনগোষ্ঠীয়ে বিশ্বসভাত মৰ্যাদা সহকাৰে জীয়াই থকাৰ অধিকাৰ তথা নৱ-প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যৎ (ULFA I statement on Sainik Divas) ৷’’

5 পৃষ্ঠা জোৰা বিবৃতিটোত কিয় অসমৰ মুক্তিৰ বাবে হাতত অস্ত্ৰ তুলি ল’ব লগা হ’ল সেই কথা উল্লেখ কৰাৰ সমান্তৰালভাৱে যুদ্ধত প্ৰাণ দিয়া প্ৰতিগৰাকী সদস্যক স্মৰণ কৰি তেওঁলোকৰ ত্যাগৰ কথা উল্লেখ কৰে আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ অসমে ৷ লগতে সংগঠনৰ সদস্যক পলায়নবাদী মনোভাৱ ত্যাগ কৰাৰ বাবেও আহ্বান জনায় ৷

অসম বুৰঞ্জীত লাচিত বৰফুকনে কি দৰে মোগলক পৰাভূত কৰিছিল সেই কথাও উল্লেখ কৰা হৈছে বিবৃতিটোত ৷ তাৎপৰ্যপূৰ্ণভাৱে, প্ৰেছ বাৰ্তাটোৰ সৈতে নিজৰ সৈনিক শক্তি প্ৰদৰ্শন কৰি এক ভিডিঅ’ প্ৰেৰণ কৰা হৈছে সংগঠনটোৰ তৰফৰ পৰা ৷ সেই ভিডিঅ’ত দাঙি ধৰা হৈছে সামৰিক প্ৰশিক্ষণৰ কিয়দাংশ ৷

লগতে পঢ়ক: Barshashree Buragohai update: বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক নিৰ্দোষ ঘোষণা গোলাঘাট সত্ৰ ন্যায়াধীশৰ আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.