Scam in PWD department: লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে শাসকীয় বিধায়কৰ ক্ষোভ

author img

By

Published : Dec 1, 2022, 9:29 PM IST

Mrinal Saikia tweet

মুখ্যমন্ত্ৰী ড৹ হিমন্ত শৰ্মাৰ সিদ্ধান্তৰ বিৰুদ্ধে মুকলি বিষোদগাৰ শাসকীয় বিধায়কৰ ৷ মঙলবাৰে শাসকীয় বিধায়ক মৃণাল শইকীয়াই দিয়া এটা টুইটত স্পষ্ট হৈছে এই কথা (Mrinal Saikia tweet) ৷ কিন্তু বিধায়ক মৃণাল শইকীয়াৰ অভিযোগক নস্যাৎ কৰিবলৈ এক প্ৰকাৰ চালে-বেৰে কোবাইছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

নিউজ ডেস্ক, 1 ডিচেম্বৰ : মুখ্যমন্ত্ৰীৰ অধীনত থকা ৰাজ্যৰ লোক নিৰ্মাণ বিভাগত চলিছে কি ? লোক নিৰ্মাণ বিভাগত কোনে চলাইছে শিয়ালৰ ৰাজত্ব ? লোক নিৰ্মাণ বিভাগৰ থলুৱা ক্ষুদ্ৰ ঠিকাদাৰক বঞ্চিত কৰাৰ ষড়যন্ত্ৰ কাৰ ? আওঁপকীয়াকৈ হ’লেও মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মুকলি বিষোদগাৰ খোদ শাসকীয় বিধায়কৰ ৷

লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে শাসকীয় বিধায়কৰ ক্ষোভ

কৰ্মসংস্থাপনৰ ভয়াৱহ সমস্যাই চানি ধৰা অসমত গড়কাপ্তানি বা লোক নিৰ্মাণ বিভাগৰ থলুৱা ঠিকাদাৰসকলক পৰিকল্পিতভাৱে বঞ্চিত কৰাৰ বাবে ষড়যন্ত্ৰত লিপ্ত হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ৷ লোক নিৰ্মাণ বিভাগৰো (Assam Public Works Department) দ্বায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এনে থলুৱা বিৰোধী পদক্ষেপৰ বিৰুদ্ধে শাসক দলৰ মাজতেই এতিয়া সৃষ্টি হৈছে তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টিৰ ৷

মঙলবাৰে শাসকীয় বিধায়ক মৃণাল শইকীয়াই দিছিল এটা টুইট (Mrinal Saikia tweet) ৷

যি টুইটত অতি স্পষ্টভাৱে ৰাজ্যত শিয়ালৰ দিন বা ৰাজত্ব চলাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে খুমটাই সমষ্টিৰ বিধায়কগৰাকীয়ে (MLA Mrinal Saikia) ৷ বিধায়ক মৃণাল শইকীয়াৰ অভিযোগ, মুখ্যমন্ত্ৰীৰ তত্বাৱধনাত থকা লোক নিৰ্মাণ বিভাগে থলুৱা অথবা স্থানীয় ঠিৰকাদাৰক বঞ্চিত কৰি ৰহস্যজনক কাৰণত ঠিকা প্ৰদান কৰিব ডাঙৰ ঠিকাদাৰী প্ৰতিষ্ঠানক (Scam in scheme at Khumtai) ৷

অৰ্থাৎ মুখ্যমন্ত্ৰী ড৹ হিমন্ত শৰ্মাৰ সিদ্ধান্তৰ বিৰুদ্ধে মুকলি বিষোদগাৰ শাসকীয় বিধায়কৰ ৷ সৰু ঠিকাদাৰক উদ্দেশ্যি মৃণাল শইকীয়াৰ মন্তব্য, ‘‘আন ব্যৱসায় কৰক আপোনালোকে’’ ৷ ইফালে মৃণাল শইকীয়াৰ সুৰতেই সুৰ মিলাইছে আমগুৰি সমষ্টিৰ অগপ বিধায়ক প্ৰদীপ হাজৰিকাই ৷

লগতে পঢ়ক : MLA Mrinal Saikia Tweet : নিজ সমষ্টিত সংঘটিত দুৰ্নীতি সন্দৰ্ভত বিজেপি বিধায়কৰ টুইট

মুখ্যমন্ত্ৰীৰ অধীনত থকা লোক নিৰ্মাণ বিভাগে লোৱা থলুৱা বিৰোধী সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা প্ৰদীপ হাজৰিকাৰ ৷ থলুৱা ঠিকাদাৰৰ বিপৰীতে আন ঠাইৰ ঠিকাদাৰক কামৰ ঠিকা দিলে বহু সমস্যা হোৱাৰ দাবী প্ৰদীপ হাজৰিকাৰ ৷ লোক নিৰ্মাণ বিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে শাসকীয় দলত এনে দৰে চলি থকা অসন্তুষ্টিৰ পিছতেই আজি লোক নিৰ্মাণ বিভাগৰে বৈঠকত মিলিত হ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM review meeting) ৷

বিধায়ক মৃণাল শইকীয়াৰ অভিযোগক নস্যাৎ কৰিবলৈ এক প্ৰকাৰ চালে-বেৰে কোবাব লগীয়া হ’ল কথাচহকী স্বয়ং মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ স্বয়ং শাসক দল আৰু তেওঁলোকৰ সহযোগী দলৰ দুগৰাকী জ্যেষ্ঠ বিধায়কে উত্থাপন কৰা অভিযোগেই প্ৰমাণ কৰিছে তথা কথিত উন্নয়নৰ নামত প্ৰকৃততে ৰাজ্যত কি ঘটি আছে ?

অধিকাংশই মনে মনে আছে ৷ কিন্তু শিয়ালৰ ৰাজত্বৰ বিৰুদ্ধে বিধায়ক মৃণাল শইকীয়া আৰু বিধায়ক প্ৰদীপ হাজৰিকাই মুখ খুলিবলৈ সাহস কৰিছে ৷ ৰাজনৈতিক পৰ্যৱেক্ষক মহলে ইয়াক অসমৰ ভৱিষ্যত ৰাজনীতিৰ বাবে তাৎপৰ্যপূৰ্ণ বুলি বিবেচনা কৰিছে ৷ কথাটো মুখ্যমন্ত্ৰী ড৹ শৰ্মাই নুবুজাকৈ থকা নাই ৷

সেইবাবেই দুগৰাকী জ্যেষ্ঠ বিধায়কৰ অভিযোগ নিৰসন কৰিবলৈ ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি দেখুৱাবলগীয়া হৈছে ৷

লগতে পঢ়ক : CM review meeting: ২৫ হাজাৰ কোটিৰ প্ৰকল্পৰ কাম ২০২৬ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.