Drive against non-tax vehicles: গুৱাহাটীৰ ৰাজপথত কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ অভিযান
Published: Mar 17, 2023, 10:53 AM


Drive against non-tax vehicles: গুৱাহাটীৰ ৰাজপথত কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ অভিযান
Published: Mar 17, 2023, 10:53 AM
মহানগৰীৰ ৰাজপথত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ অভিযান অব্যাহত আছে ৷ অপাৰেশ্যন ছাৰখাৰ_২ নামেৰে চলোৱা এই অভিযানত কৰ আদায় নিদিয়া যান বাহন, বিভিন্ন উদ্যোগক্ষেত্ৰ, পৰিবহণ ক্ষেত্ৰ, ব্যক্তিগত ব্যৱসায়ীক প্ৰতিষ্ঠান আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত পৰিবহণ বিভাগে চলাইছে অভিযান (Drive against non tax vehicles) ৷
গুৱাহাটী, 17 মাৰ্চ: নথিপত্ৰ নৱীকৰণ তথা কৰ আদায় নিদিয়াকৈ গুৱাহাটীৰ ৰাজপথত চলি থকা বাহনৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে (Kamrup metro Dto program) । অপাৰেশ্যন ছাৰখাৰ_২ নামেৰে চলোৱা এই অভিযানত ইতিমধ্যে যান বাহনৰ কৰ আদায় নিদিয়া যান বাহন, বিভিন্ন উদ্যোগক্ষেত্ৰ, পৰিবহণ ক্ষেত্ৰ, ব্যক্তিগত ব্যৱসায়ীক প্ৰতিষ্ঠান আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত পৰিবহণ বিভাগে অভিযান চলাই ইতিমধ্যে প্ৰায় ৫০কোটি টকাৰ কৰ আদায় কৰিবলৈ সক্ষম হৈছে (Drive against non tax vehicles) । এই অভিযানৰ অংশ হিচাপে কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিষয়া (এনফৰ্ছমেণ্ট) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত গুৱাহাটী শোধনাগাৰ আৰু নুনমাটি চেক্টৰ -৩ ৰ ৰাজপথত অভিযান চলাই ।
অভিযানৰ সময়ত বহু বাহনে যান বাহন আইন উলংঘা কৰি চলাচল কৰি থকাটো ধৰা পেলায় । আজিৰ এই অভিযানৰ অন্তত সংবাদ মাধ্যমৰ আগত এনফৰ্ছমেণ্ট বিষয়া হিমাংশু কুমাৰ দাসে কয় যে, গুৱাহাটী শোধনাগাৰৰ ভিতৰত চলি থকা প্ৰায় ১০০ খন যান বাহনৰ তালিকা প্ৰস্তুত কৰি পৰিবহণ বিভাগক জমা দিয়া হৈছে । সেই সমূহ বাহনৰ নথি পত্ৰ সমূহ পৰীক্ষা কৰিব বিভাগে । আনহাতে ষ্টাৰ চিমেণ্টৰ প্ৰতিষ্ঠানত চলোৱা অভিযান কালত ১২২ খন যান বাহনৰ নথি পত্ৰ পৰীক্ষা কৰাৰ পিছত প্ৰায় ৫৬ খন যান বাহনৰ বিপৰীতে কৰ আদায় নিদিয়াটো ধৰা পৰে যদিও অহা ১৮ মাৰ্চৰ পূৰ্বে যান বাহনৰ অনাদায় কৰ সমূহ আদায় দিয়াৰ আশ্বাস দিছে ষ্টাৰ চিমেণ্ট কৰ্তৃপক্ষই ।
পৰিবহণ বিষয়াগৰাকীয়ে লগতে কয়, ইতিমধ্যে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যত প্ৰায় ২০০ কোটি টকাৰ কৰ আদায় নিদিয়া যানবাহনৰ তালিকা প্ৰস্তুত কৰা হৈছে (Transport department) । ইফালে গুৱাহাটীৰ ৰাজপথত চলি থকা কৰ আদায় নিদিয়া, নথি পত্ৰ নৱীকৰণ নকৰা এনে যানবাহনৰ পৰা ইতিমধ্যে ৫০ কোটি টকা জৰিমনা আদায় কৰা হৈছে ।
আনহাতে পৰিবহণ বিভাগৰ বিৰুদ্ধে একাংশ ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠানে পৰিবহণ নিগমৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই এক ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি উল্লেখ কৰি এনে প্ৰতিষ্ঠানৰ বিৰুদ্ধেও পৰিবহণ বিভাগে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব বুলি পৰিবহণ বিষয়া গৰাকীয়ে অৱগত কৰে । সেয়ে যিসমূহ যানবাহনৰ গৰাকীয়ে পৰিবহণ বিভাগক এতিয়াও অনাদায় কৰ পৰিশোধ কৰিবলৈ আছে, সেই যান বাহনৰ গৰাকীসকলক অতিশীঘ্ৰে কৰ আদায় দিবলৈ আহ্বান জনায় ।
লগতে পঢ়ক : Assam Budget 2023; আগন্তুক 20 মে’ৰ ভিতৰত নতুনকৈ 40 হাজাৰ নিবনুৱাক নিযুক্তি প্ৰদান : বিত্তমন্ত্ৰী
