5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 29, 2022, 4:59 PM IST

TOP 10 AT 5 PM

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

ধুবুৰীত ভয়ংকৰ নাও দুৰ্ঘটনা: ঘটনাক কেন্দ্ৰ কৰি ধুবুৰীৰ মতিৰচৰ উত্তপ্ত পৰিস্থিতি

ধুবুৰীত ভয়ংকৰ নাও দুৰ্ঘটনা (Boat accident in Dhubri) ৷ ধুবুৰীৰ মতিৰচৰ অঞ্চলত ব্ৰহ্মপুত্ৰৰ বুকুত ডুবিল যন্ত্ৰচালিত নাও ৷ জিলা প্ৰশাসনৰ লোক আছিল নাওখনত ৷

CBI raids in GST Bhawan : গুৱাহাটীত জি এছ টিৰ আয়ুক্তক গ্ৰেপ্তাৰ

বুধবাৰে নিশাৰে পৰা আজি পুৱালৈকে গুৱাহাটীৰ আঠগাঁওস্থিত জি এছ টি ভৱনত চি বি আইৰ অভিযান । জি এছ টি ফাঁকিৰ গোচৰত গুৱাহাটীৰ জি এছ টি ভৱনত চি বি আয়ে চলায় অভিযান । জি এছ টিৰ এ পি এল বিভাগৰ আয়ুক্ত শক্তিৱেল ৰাজুৰ উপৰি আন এজনক গ্ৰেপ্তাৰ (CBI raids in Guwahati GST Bhawan) ।

উপায়ুক্ত-অতিৰিক্ত উপায়ুক্তক নিলম্বন সন্দৰ্ভত প্ৰতিক্ৰিয়া অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

বৃহস্পতিবাৰে হোজাইত উপস্থিত হৈ উপায়ুক্ত-অতিৰিক্ত উপায়ুক্তক নিলম্বন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্যই (Minister Parimal Suklabaidya reacts) ৷

সৰ্থেবাৰী কাঁহশিল্পৰ উন্নয়ণ সম্পৰ্কত উদ্যোগ বিভাগৰ লগত হ’ব বিশেষ আলোচনা

এদিনীয়া ভ্ৰমণসূচীৰে সৰ্থেবাৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ সৰ্থেবাৰী কাঁহ শিল্পৰ সমবায় সমিতিৰ লগত উদ্যোগ বিভাগৰ হ’ব বিশেষ আলোচনা ৷ সৰ্থেবাৰীৰ ৩০খন বিচনাযুক্ত চিকিৎসালয়খনক লৈ ইচিবাচক সঁহাৰি মুখ্যমন্ত্ৰীগৰাকী (Himanta Biswa sarma at Sarthebari) ৷

বিগত 24 ঘণ্টাত জম্মু কাশ্মীৰত দুটাকৈ বোমা বিস্ফোৰণ, আহত দুজন ব্যক্তি

জম্মু-কাশ্মীৰৰ উধামপুৰ চহৰত বোমা বিস্ফোৰণ (Blast in Jammu and Kashmir) ৷ বিগত ৮ ঘণ্টাত জিলাখনত সংঘটিত হয় দুটাকৈ বিস্ফোৰণ ৷

মাধৱদেৱ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ

বিশ্ববিদ্যালয় ঘোষণা কৰা চাৰি বছৰ উকলি যোৱাৰ পিছতো বিশ্ববিদ্যালয়খনত আজি পৰ্যন্ত পাঠ্যক্ৰম আৰম্ভ নহ’ল স্নাতকোত্তৰ পৰ্যায়ৰ(PG classes in Madhabdev university)৷ ফলত ক্ষোভিত হৈ ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷

আহিনৰ আবতৰীয়া বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে পুনৰ প্লাবিত কৰিছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (world heritage site Kaziranga) ৷

চেমখৰ বোলছবি নিষিদ্ধ কৰাৰ দাবীত হাফলঙত প্ৰতিবাদ

আইমী বৰুৱাৰ দ্বাৰা পৰিচালিত ডিমাছা বোলছবি 'চেমখৰ'ক লৈ বিতৰ্ক অব্যাহত (Semkhor film controversy)। বিতৰ্কিত দৃশ্যাংশকলৈ জাঙুৰ খাই উঠিছে ডিমাছা জাতীয় সংগঠনসমূহ । আইমী বৰুৱাৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব কংগ্ৰেছ ।

Drishyam 2 Teaser : অজয় দেৱগণৰ স্বীকাৰোক্তিয়ে বিবুধিত পেলাইছে অনুৰাগীক

মুকলি হ’ল বহু প্ৰতীক্ষিত ছবি দৃশ্যম 2 ৰ টিজাৰ (Drishyam 2 Teaser) ৷ জানক কেতিয়া মুক্তি লাভ কৰিব ছবিখনে ৷

Ranveer Singh latest news: দীপিকাৰে সৈতে বিচ্ছেদৰ সম্পৰ্কত মৌনতা ভংগ কৰিলে ৰণবীৰ সিঙে

প্ৰেমিক বুলি ক’লেই সততে অসংখ্য লোকৰ মনলৈ ৰণবীৰ সিঙৰ কথাই আহে ৷ 6 বছৰীয়া প্ৰেমৰ পিছত 2018 চনত দীপিকাক বিয়া পতা ৰণবীৰে আজিও সময়-সুবিধা পালেই মুকলিকৈ প্ৰকাশ কৰে পত্নীলৈ থকা প্ৰেম ৷ অকলেই হওক, মানুহৰ ভিৰৰ মাজতেই হওক নতুবা কোনোবা মঞ্চতে হওক ৰণবীৰে সদায় এইটোৱেই দেখুৱাই যেন দীপিকাই তেওঁৰ অস্তিত্ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.