5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jun 28, 2022, 5:03 PM IST

Top 10 at 5 pm

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

Maharashtra Political Crisis: অৱশেষত মুখ খুলিলে একনাথ সিন্দেই

ৰেডিশ্বনত বাহৰ পতাৰ পাছত প্ৰথমবাৰলৈ মুখ খুলিলে মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিসম্বাদী বিধায়ক একনাথ সিন্দেই (Maharashtra MLA Eknath Shinde)৷ মঙলবাৰে হোটেলখনৰ সন্মুখলৈ ওলাই অহাৰ পাছত সাংবাদ মাধ্যমেৰে হোৱা মুখামুখিত স্পষ্ট হয় যে, অতি শীঘ্ৰেই মহাৰাষ্ট্ৰ অথবা দিল্লীলৈ যোৱাৰ সম্ভাৱনা আছে বিসম্বাদী বিধায়কজন ৷

ৰাজ্যত অব্যাহত বানৰ বিভীষিকা: ২৪ ঘণ্টাত আঠজনৰ প্ৰাণহানি

ৰাজ্য়ত অব্যাহত আছে বানৰ তাণ্ডৱলীলা (Flood in Assam) ৷ বিগত ২৪ ঘণ্টাত প্ৰলয়ংকাৰী বানপানীৰ ফলত প্ৰাণ গ’ল আঠজন লোকৰ । ইয়াৰে সৰ্বাধিক ৫ জন কাছাৰ জিলাৰ আৰু একোজনকৈ কামৰূপ মহানগৰ, নগাঁও আৰু মৰিগাঁও জিলাৰ (Eight people died in floods in Last 24 hours) ।

Assam Floods: চকুৰ সন্মুখতে তাচপাতৰ দৰে খহি পৰিল ঘৰ

বঙাইগাঁও জিলাৰ মানিকপুৰৰ ২ নং বাশবাৰীত পুনৰ ভয়াবহ গৰাখহনীয়াত জাহ গ’ল মছজিদ, ঈদগাহ, কবৰস্থান আৰু বজাৰ (Erosion in Bongaigaon)।

Mumbai Building Collapsed: মুম্বাইত অট্টালিকা খহি 5 জন আহত, বহু লোক আৱদ্ধ

মুম্বাইৰ কুৰ্লাত ভয়ংকৰ অঘটন (Mumbai Building Collapsed) ৷ তাচপাতৰ দৰে খহি পৰিল এটা চাৰিমহলীয়া অট্টালিকা ৷ অট্টালিকা খহি পৰাৰ ফলত ধ্বংসস্তুপত আৱদ্ধ হৈ পৰিছে বহু লোক ৷ উদ্ধাৰ অভিযান অব্যাহত ৷

লখিমপুৰত ৩ বছৰীয়া কন্যা সন্তান এৰি নিৰুদ্দেশ মাতৃ

লখিমপুৰত তিনিবছৰীয়া সন্তান আৰু স্বামীক এৰি নিৰুদ্দেশ হৈ পৰিছে এগৰাকী মহিলা । ঘটনাটো ঘটিছে লখিমপুৰ জিলাৰ বান্দৰদেৱা অঞ্চলত ।

বঞ্চিত থলুৱা ঠিকাদাৰ : ধন নিদিয়াকৈ পালয়ন নিৰ্মাণ সংস্থাৰ

উজনিত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কেৰোণ ক’ত ? ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ জি এমক ঘেৰাও শতাধিক ঠিকাদাৰ-কৰ্মচাৰীৰ ৷ দহ লক্ষাধিক টকা অনাদায় কৰি পলায়ন নিৰ্মাণ প্ৰতিষ্ঠানৰ ৷

Flood at Gahpur : গহপুৰত বানৰ তাণ্ডৱ

হঠাৎ গহপুৰত বানৰ তাণ্ডৱ (Flood at Gahpur)৷ পানীৰ তলত বহু গাঁও ৷ হাহাকাৰ এতিয়া বন্যাৰ্তৰ মাজত (Assam highly effected in flood)৷ প্ৰশাসনৰ ফালৰ পৰা অব্যাহত আছে উদ্ধাৰ অভিযান ৷

অস্তিত্বৰ সংকটত ঐতিহাসিক ঘূণাসুঁতি

ৰাজ্যৰ ভিন্ন প্ৰান্তত বান আৰু গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Flood and Erosion in Assam)। লখিমপুৰৰ ঘূণাসুঁতিত দেখা গৈছে গৰাখহনীয়া কালৰূপ । নিঃশেষ অঞ্চলটোৰ কেইবাখনো গাঁও ।

মটৰচাইকেলত উঠি তামুলপুৰৰ বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ ভবেশ কলিতাৰ

তামুলপুৰ জিলাৰ অন্তৰ্গত ৰঙিয়া বিধানসভা সমষ্টিৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ ভ্ৰমণ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই (Bhabesh Kalita MLA Rangia) । সমষ্টিটোৰ বানাক্ৰান্ত ৰাইজৰ মাজত অহৰ্নিশে আছে ভবেশ কলিতা । মটৰচাইকেলত উঠি বান ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰিস্থিতিৰ বুজ লৈছে কলিতাই ।

HS Result 2022: দাৰিদ্ৰতাক নেওচি মৰাণত ইলোৰা বাইলুঙৰ সাফল্য

দৰিদ্ৰতাৰ হেঙাৰ নেওচি সুন্দৰ ফল দেখুৱালে মৰাণ সমষ্টিৰ খোৱাং বাঘটলী পথাৰৰ ইলোৰা বাইলুঙে(Poor Girl passed in HS examination 2022) । মৰাণ মহিলা মহাবিদ্যালয়ত অধ্যয়নৰত আছিল ছাত্ৰীগৰাকী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.