3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 5, 2022, 3:03 PM IST

TOP 10 AT 3 PM

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

চোৰৰ বিড়ম্বনা: মই এইবোৰ প্ৰেমৰ কাৰণে কৰিছিলো....

গুৱাহাটীৰ স্মাৰ্ট আৰক্ষীক (Guwahati smart police) পুনৰ চেলেঞ্জ চোৰৰ ৷ কেমেৰাৰ সন্মুখতেই চোৰে দিন দুপৰতে সামগ্ৰী চুৰি কৰি পুলিচক প্ৰত্যাহ্বান জনায় প্ৰেমিক চোৰে ৷

Rahul Gandhi detained: কংগ্ৰেছী নেতা ৰাহুল গান্ধীক আটক

দেশজুৰি মুদ্ৰাস্ফীতি, জি এছ টি আৰু নিৱনুৱা সমস্যাক লৈ ৰাষ্ট্ৰপতি ভৱনৰ সমীপৰ বিজয় চকত কংগ্ৰেছী নেতা, কৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Congress MPs protest against govt)৷ আৰক্ষীয়ে এই প্ৰতিবাদ ব্যাহত কৰিবলৈ কংগ্ৰেছী নেতা ৰাহুল গান্ধীক আটক কৰে (Rahul Gandhi detained) ৷

টৰণ্ট’ ফিল্ম ফেষ্টিভল 2022ত প্ৰিমিয়াৰ হ’ব ৰীমা দাসৰ Tora‘s Husband

বিখ্যাত পৰিচালক ৰীমা দাসৰ ছবি Tora‘s Husband ৰ ৱৰ্ল্ড প্ৰিমিয়াৰ হ’ব টৰণ্ট’ ফিল্ম ফেষ্টিভল 2022ত ৷ ছেপ্তেম্বৰ মাহত টৰন্ট’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সন্মানীয় প্লেটফৰ্ম শিতানত প্ৰদৰ্শিত হ’বলগীয়া প্ৰথমখন ভাৰতীয় ছবি হিচাপে পৰিগণিত হৈছে Tora‘s Husband ৷

NLFT Extremists surrender : এনএলএফটিৰ ৬ সদস্যৰ আত্মসমৰ্পণ

নিষিদ্ধঘোষিত নেচনেল লিবাৰেচন ফ্ৰণ্ট অব ত্ৰিপুৰাৰ (এনএলএফটি) বিশ্বমোহন গোটৰ দুজন সহযোগীকে ধৰি কমেও ছয়জন বিদ্ৰোহীয়ে শুকুৰবাৰে ত্ৰিপুৰা আৰক্ষীৰ ওচৰত আগ্নেয়াস্ত্ৰসহ আত্মসমৰ্পণ কৰে (six insurgents of NLFT surrendered before Tripura Police) ।

Union Bank Robbery: ইউনিয়ন বেংকত দিন ডকাইতি; 44 লাখ টকা লুটি লৈ গ’ল ডকাইতৰ দলে

বৃহস্পতিবাৰে বিয়লি 4 বজাত গুজৰাটৰ ভাৰুচত থকা ইউনিয়ন বেংকৰ অংকলেশ্বৰ শাখাত চাৰিজনীয়া এটা ডকাইতৰ দল প্ৰৱেশ কৰি প্ৰায় 44 লাখ টকা লুটি লৈ যায় (Robbers looted Rs 44 lakh from Union Bank)৷

Child kidnap in Guwahati: মাতৃৰ কাষৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে এটি আঢ়ৈ বছৰীয়া শিশু

মহানগৰীৰ ভৰলুমুখত চাঞ্চল্যকৰ ঘটনা । মাতৃৰ কাষৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে এটি আঢ়ৈ বছৰীয়া শিশু (Child kidnapping Case in Guwahati) ৷ বৃহস্পতিবাৰে ভৰলু শ্লুইছ গেটৰ সমিপত দিন দুপৰতে সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা ৷

Covid Vaccines : জনসাধাৰণক কোভিডৰ প্ৰতিৰোধক পালি ল'বলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ

গুজৰাটৰ ভালচাড জিলাৰ ধৰমপুৰত ২৫০ বিছনাযুক্ত মাল্টি স্পেচিয়েলিটি হস্পিটেলকে ধৰি শ্ৰীমদ ৰাজচন্দ্ৰ মিছনৰ বিভিন্ন প্ৰকল্পৰ ভিডিঅ' লিংকৰ জৰিয়তে উদ্বোধন কৰাৰ পিছত (PM Modi inaugurated Shrimad Rajchandra Mission Project) প্ৰধানমন্ত্ৰীয়ে এই আবেদন জনায় ।

Pulwama grenade blast: পুলৱামাত বহিঃৰাজ্যৰ শ্ৰমিকলৈ লক্ষ্য কৰি গ্ৰেণেড নিক্ষেপ, বিস্ফোৰণত নিহত এজন

দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ গাদুৰা অঞ্চলত বহিঃৰাজ্যৰ শ্ৰমিকলৈ লক্ষ্য কৰি দুৰ্বৃত্তই কৰিলে গ্ৰেণেড নিক্ষেপ(Grenade thrown at workers in Pulwama) ৷ গ্ৰেণেড বিস্ফোৰণটোত থিতাতে নিহত হয় এজন শ্ৰমিক ৷ গুৰুতৰভাৱে আহত হৈছে দুজন শ্ৰমিক ৷

TAYPA reacts on language issue: মাতৃভাষা নিঃশেষ কৰিব বিচৰাতো দুৰ্ভাগ্যজনক আখ্যা টাইপাৰ

অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজীত পাঠদান কৰিবৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰিছে টাই আহোম যুৱ পৰিষদ অসমৰ (টাইপা) কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰে(TAYPA against teaching in English) ।

Operation against single used plastic: একক ব্যৱহৃত প্লাষ্টিকৰ বিৰুদ্ধে জোনাই মহকুমা প্রশাসনৰ অভিযান

নিষিদ্ধ ঘোষণাৰ পিছতো বজাৰত উপলব্দ একক ব্যৱহৃত প্লাষ্টিক (India bans single use plastic items)। এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰ কৰিলে ভৰিব লাগিব জৰিমনা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.