3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি
3 বজাৰ শীৰ্ষ 10 টা বাতৰি
বৰপেটাত পুনৰ এজন সন্দেহযুক্ত জেহাদী আটক
ৰাজ্যত জেহাদীৰ ভয়ংকৰ নেটৱৰ্ক ৷ বৰপেটাত পুনৰ এজন সন্দেহযুক্ত জেহাদী আটক কৰা হৈছে (Jihadi detained in Barpeta) ৷ সোমবাৰে নিশা বৰপেটাৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই ছফিকউদ্দিন আহমেদ নামৰ জেহাদীটোক আটক কৰে ৷
NRC : আশাত বন্দী খিলঞ্জীয়া অসমীয়া
এন আৰ চিক লৈ স্থিতি স্পষ্ট নহয় চৰকাৰী পক্ষৰ (Assam govt stand on NRC is not clear)। অজিও অসমবাসীৰ বাবে নুবুজা সাঁথৰ হৈ আছে এন আৰ চি । ৰাজনৈতিক পাশাখেলত মাজতে পণবন্দী হৈ ৰ’ল কেৱল অসমৰ খিলঞ্জীয়া লোক । আজিও এখন শুদ্ধ অবৈধ বিদেশীৰ নামমুক্ত এন আৰ চিৰ বাবে আৱেগেৰে বাট চাই ৰৈছে প্ৰতিগৰাকী খিলঞ্জীয়া নাগৰিকে । বিয়াগোম দুৰ্নীতি কৰি এখন বিসংগতিপূৰ্ণ এন আৰ চিৰে বিবাদৰ সৃষ্টি কৰি অসম এৰি গ'ল তদানীন্তন সমন্বয়ক প্ৰতীক হাজেলা । বাদানুবাদ আৰু বিতৰ্কৰ মাজতে আছে এন আৰ চি ।
National Herald Case: দিল্লীৰ হেৰাল্ড বাতৰি কাকতৰ কাৰ্যালয়ত ইডিৰ অভিযান
প্ৰৱৰ্তন সঞ্চালকালয়ে মঙলবাৰে দিল্লী আৰু অন্যান্য ঠাইত নেচনেল হেৰাল্ড মানি লণ্ডাৰিং গোচৰত অনুসন্ধান অভিযান আৰম্ভ কৰিছিল (ED raids Herald newspaper office in Delhi) ৷ কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীক ইডিয়ে জেৰা কৰাৰ কেইদিনমান পিছত কংগ্ৰেছৰ মালিকানাধীন নেচনেল হেৰাল্ড বাতৰি কাকতৰ কাৰ্যালয়তো তালাচী চলায় ইডিয়ে ৷
Commander in Chief Raana Pratap Kalita: তেজপুৰত উপস্থিত হ'ব সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী
ভাৰতীয় সেনা বাহিনীৰ ইষ্টাৰ্ণ কামাণ্ডাৰ জেনেৰেল অফিচাৰ অব কমাণ্ডিঙ ইন চীফ ৰানা প্ৰতাপ কলিতাই মঙলবাৰে প্ৰথমবাৰৰ বাবে ৪ দিনীয়া ভ্ৰমন কাৰ্যসূচীৰে তেজপুৰত উপস্থিত হ'ব(Eastern Commander General Officer of Commanding in Chief Rana Pratap Kalita)।সেনা বাহিনীৰ সূত্ৰই এই ভ্ৰমণ কাৰ্যসূচীৰ বিষয়ে সদৰি কৰিছে ।
Press conference of Matak yuv chatra Sanmilan: জনজাতিকৰণৰ দাবীত পুনৰ আন্দোলনৰ কাৰ্যসূচী
চৰকাৰে জনজাতিকৰণৰ বাবে পদক্ষেপ গ্ৰহণ নকৰাৰ প্ৰতিবাদত পুনৰ সৰৱ হৈছে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন(All Assam Matak Yub chatra Sanmilan)। জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত পুনৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে সন্মিলনে ।
Book release: বৰপেটাত বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰৰ নতুন গ্ৰন্থ উন্মোচন
সোমবাৰে বৰপেটাৰ বিশিষ্ঠ সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰৰ 'সুৰৰ সূতাৰে গঁথা মালাধাৰ' শীৰ্ষক গ্ৰন্থখনৰ দ্বিতীয় খণ্ডটো উন্মোচন কৰা হয় ৷
নিশকতীয়া হ’ল নেকি অল কায়দা ! কোন আছিল আল জৱাহিৰি ?
"পৃথিৱীৰ সকলো শক্তিয়ে মোক মৃত্যুৰ এক ছেকেণ্ড ওচৰলৈও আনিব নোৱাৰে ৷" আমেৰিকাৰ ড্ৰোণ আক্ৰমণত নিহত মষ্ট ৱাণ্টেড অল কায়দাৰ মুৰব্বী আয়মান আল জৱাহিৰি ৷
AFDC Job Scam: বৰ্খাস্ত হ’ল অসম মীন উন্নয়ন নিগমৰ 217 গৰাকী কৰ্মচাৰী
অৱশেষত বৰ্খাস্ত হ’ল অসম মীন উন্নয়ন নিগমত (Assam Fisheries Development Corporation) নীতি বহিৰ্ভূতভাৱে নিযুক্তি লাভ কৰা 217 গৰাকী কৰ্মচাৰী (217 employees of AFDC sacked in Assam) ৷
Crude oil seized: গৌৰীসাগৰত ড্ৰামে ড্ৰামে খাৰুৱা তেল জব্দ
গৌৰীসাগৰত সন্দেহযুক্ত খাৰুৱা তেল জব্দ (crude oil seized at Gaurisagar) । 37 নং ৰাষ্ট্ৰীয় ঘাইপথত গৌৰীসাগৰ আৰক্ষীৰ নাকা তালাচীত 48 ড্ৰাম সন্দেহযুক্ত খাৰুৱা তেল জব্দ কৰা হয় ৷ নিশা প্ৰায় তিনি বজাত UP-32 QN 7217 নম্বৰৰ এখন ছয়চকীয়া ট্ৰাকত শিৱসাগৰৰ পৰা যোৰহাট দিশলৈ লৈ যোৱা হৈছিল সন্দেহযুক্ত খাৰুৱা তেলখিনি ৷ আৰক্ষীয়ে অভিযানত ট্ৰাকচালক অমৰজিত আৰু খালচি হাৰ্চ পল নামৰ 2 জনক আটক কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে ৷
Missing teenager in Poba Forest Rescued: ম'হ বিচাৰিবলৈ গৈ জোনাইৰ পবা বনাঞ্চলত নিখোঁজ তিনি কিশোৰ উদ্ধাৰ
আজি পুৱা প্রায় ৮.৩০ মান বজাত কিশোৰ তিনিগৰাকী পবা বনাঞ্চলৰ পৰা ওলাই আহিবলৈ সক্ষম হয় (teenager managed to get out from poba forests) । নিশাটো পবা বনাঞ্চলত কটাই পুৱা ওলাই অহা কিশোৰ তিনিগৰাকীয়ে জানিবলৈ দিয়া মতে, বনাঞ্চলত ম'হ বিচাৰি থাকোঁতে আন্ধাৰ হৈ যায় । ফলত তেওঁলোকে ৰাস্তা পাহৰি যায় আৰু উৰে নিশা গছৰ ওপৰত কটাবলগীয়া হয় বুলিও জানিবলৈ দিয়ে ।
