3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jun 29, 2022, 3:12 PM IST

TOP 10 AT 3 PM

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

কামাখ্যা মন্দিৰত মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ পূজা অৰ্চনা

গুৱাহাটী এৰাৰ পূৰ্বে বুধবাৰে কামাখ্যাত উপস্থিত হয় একনাথ বাহিনী ৷ কামাখ্যাত পূজা অৰ্চনা আগবঢ়াই পুনৰ ৰেডিশ্বন ব্লুলৈ ওভতি আহে বিধায়কসকল ৷ ৰেডিশ্বনৰ পৰা বিয়লি 4 বজাত ছাৰ্টাৰ্ড বিমানেৰে গোৱালৈ যাব বিসম্বাদী বিধায়কসকল (Maharashtra rebel MLAs) ৷

Maharashtra political crisis: 48 বিসম্বাদী বিধায়কক লৈ পুনৰ কামাখ্যালৈ একনাথ

গুৱাহাটী এৰাৰ পূৰ্বে বুধবাৰৰ দিনটোত দ্বিতীয়বাৰলৈ কামাখ্যাত উপস্থিত একনাথ সিন্দে ৷ পুৱা 4 জন বিধায়কক লৈ কামাখ্যা দৰ্শন কৰাৰ পাছত দুপৰীয়া পুনৰ 48 জন বিসম্বাদী বিধায়কক লৈ কামাখ্যা মন্দিৰত উপস্থিত হয় বিসম্বাদী নেতা একনাথ সিন্দে(Maharashtra rebel MLAs) ৷

গুৱাহাটীৰ পৰা ৩.৩০ বজাত গোৱালৈ উৰা মাৰিব বিসম্বাদী বিধায়কৰ দল

বৰঝাৰ বিমান বন্দৰৰ পৰা ৩.৩০ বজাত গোৱালৈ উৰা মাৰিব মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকল ৷ গোৱাৰ হোটেল তাজত বুকিং কৰা হৈছে ৭১ টা কোঠা ৷ বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ বিধানসভাত অনুষ্ঠিত হ’ব আস্থা ভোট ৷

মূৰৰ সৈতে সংযুক্ত হায়দৰাবাদৰ দুই ভগ্নী উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ

মঙলবাৰে ঘোষণা হয় তেলেংগানাৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল (Telangana State Board of Intermediate Education result) । উক্ত ফলাফলত হায়দৰাবাদৰ এই দুগৰাকী মূৰৰ সৈতে সংলগ্ন যমজ ভগ্নীয়ে লাভ কৰে বিশেষ সফলতা ।

ৰঙিয়াত বানাক্ৰান্তৰ কাষত আছুৰ সভাপতি দীপাংক নাথ

ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰ (Assam flood 2022) ৷ অন্যান্য প্ৰান্তৰ দৰে এইবাৰৰ বানত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে ৰঙিয়াৰ অধিক সংখ্যক অঞ্চল ৷ সমগ্ৰ অঞ্চলটোৰ বানাক্ৰান্ত লোকসকলৰ খবৰ লোৱাৰ উদ্দেশ্যে বুধবাৰে ৰঙিয়াত উপস্থিত হয়গৈ আছুৰ সভাপতি দীপাংক নাথ(Dipanka Kumar Nath visits flood affected area) ৷

হোজাইত বন্যহস্তীয়ে ভাঙি চুৰমাৰ কৰিলে প্ৰাথমিক বিদ্যালয়

বন্যহস্তীয়ে আতংকৰ সৃষ্টি কৰিছে হোজাইত ৷ নিশা ভাগত খাদ্যৰ সন্ধানত ওলাই অহা বন্যবস্তীৰ এটা জাকে প্ৰাথমিক বিদ্যালয়ত মজুত কৰি ৰখা মধ্যাহ্ন ভোজনৰ চাউল বিচাৰি বিদ্যালয়খন ভাঙি চুৰমাৰ কৰে (Wild elephant hits primary school in Hojai৷

বান সাহাৰ্যৰ নামত কেলেংকাৰী, সন্ধিয়া হ'লেই বস্তাই বস্তাই হৰলুকি পশুখাদ্য

ৰাজ্য চৰকাৰৰ নিৰ্দেশনাক ভেঙুচালি কৰি একাংশ অসাধু চক্ৰই চলাই আছে বান সাহাৰ্যৰ নামত বিয়াগোম কেলেংকাৰী (Flood relief scam) ৷ সন্ধিয়া হ'লেই ৰাইজৰ নামত অহা পশুখাদ্য বস্তাই বস্তাই সোমাই গাঁৱৰ বিষয়ববীয়াৰ গুদামত (Animal food stolen at Jania) ৷

Maharashtra political crisis: অসম এৰাৰ বাবে সাজু সিন্দে বাহিনী

বিগত 20 জুনৰ পৰা গুৱাহাটীৰ হোটেল ৰেডিশ্যন ব্লুত বাহৰ পাতি থকা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ(Maharashtra rebel MLAs) দলটো অৱশেষত অসম এৰি যাবলৈ সাজু হৈছে ৷ মহাৰাষ্ট্ৰৰ বিধানসভাত আস্থা ভোটৰ বাবে ৰাজ্যপালৰ আহ্বান মৰ্মে অসম এৰি যাবলৈ সাজু হৈছে দলটো ৷ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে ঠাকৰে চৰকাৰক সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ দাবী জনাই মঙলবাৰে ৰাজ্যপাললৈ প্ৰেৰণ কৰিছিল পত্ৰ ।

কলগাছিয়াত আমছু নেতাৰ আক্ৰমণত আহত এটা পৰিয়ালৰ তিনি সদস্য

কলগাছিয়াত আমছু নেতাৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ । সাধাৰণ কথাৰ বাবেই এটা পৰিয়ালক আক্ৰমণ কৰিলে আমছু নেতা আৰু তেওঁৰ দুই ভাতৃয়ে (AAMSU leader attacks a family in Kalgachia)। মহিলাকো আক্ৰমণ কৰাৰ অভিযোগ । এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালৰ ।

লখিমপুৰবাসী সাৱধান !

পুনৰ জলপ্ৰলয় হোৱাৰ সম্ভাৱনা লখিমপুৰত । NHPC ৰ মূল বান্ধৰ ওপৰেৰে বাগৰিছে পানী (Water spills over main dam of NHPC)। ৰঙানদী প্ৰকল্পৰ পানীও মুকলি কৰি দিছে নীপকোৱে । যিকোনো মুহূৰ্তত প্লাৱিত হ'ব পাৰে জিলাখনৰ বিভিন্ন অঞ্চল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.