1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jun 29, 2022, 1:00 PM IST

top-10-at-1-pm

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

গুৱাহাটীৰ পৰা ৩.৩০ বজাত গোৱালৈ উৰা মাৰিব বিসম্বাদী বিধায়কৰ দল

বৰঝাৰ বিমান বন্দৰৰ পৰা ৩.৩০ বজাত গোৱালৈ উৰা মাৰিব মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকল ৷ গোৱাৰ হোটেল তাজত বুকিং কৰা হৈছে ৭১ টা কোঠা ৷ বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ বিধানসভাত অনুষ্ঠিত হ’ব আস্থা ভোট ৷

Maharashtra political crisis: অসম এৰাৰ বাবে সাজু সিন্দে বাহিনী

বিগত 20 জুনৰ পৰা গুৱাহাটীৰ হোটেল ৰেডিশ্যন ব্লুত বাহৰ পাতি থকা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ(Maharashtra rebel MLAs) দলটো অৱশেষত অসম এৰি যাবলৈ সাজু হৈছে ৷ মহাৰাষ্ট্ৰৰ বিধানসভাত আস্থা ভোটৰ বাবে ৰাজ্যপালৰ আহ্বান মৰ্মে অসম এৰি যাবলৈ সাজু হৈছে দলটো ৷ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে ঠাকৰে চৰকাৰক সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ দাবী জনাই মঙলবাৰে ৰাজ্যপাললৈ প্ৰেৰণ কৰিছিল পত্ৰ ।

গোচৰ নিষ্পত্তিৰ নামত উৎকোচ বিচৰা আৰক্ষীক আটক নগাঁও আৰক্ষীৰ

নগাঁৱত আৰক্ষীৰ জালত ইজনৰ পিছত সিজনকৈ ঘোচখোৰ আৰক্ষী বিষয়া ৷ জোনমনিৰ ঘটনা মাৰ নৌযাওঁতেই গোচৰ নিষ্পত্তিৰ নামৰ উৎকোচ খুজি আৰক্ষীৰ জালত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হাইদৰ হুছেইন (police detained for taking bribes) ৷

আজিৰ পৰা পুনৰ বন্ধ হল মাজুলী নিমাতি ফেৰী সেৱা

আজিৰ পৰা পুনৰ বন্ধ হল মাজুলী নিমাতি ফেৰী সেৱা (Majuli Nimati ferry service is closed again from today)। যোৱা কেইবাদিনো ধৰি হৈ থকা বৰুষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ, ডুব গৈছে ফেৰী ৰখোৱা ৰেম্প সমূহ ৷ ইফালে ব্ৰহ্মপুত্ৰত সোতৰ গতি বৃদ্ধি পোৱাৰ প্ৰৰিপ্ৰেক্ষিতত যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰৰ পৰা মাজুলী জিলা প্ৰশাসনে অনিদিষ্ট কাললৈ বন্ধ কৰিছে মাজুলী-নিমাতিৰ মাজত চলাচল কৰা ফেৰী সেৱা । ব্ৰহ্মপুত্ৰ নদীৰ পানী কমিলেহে পুনৰ ফেৰী সেৱা আৰম্ভ কৰিব পৰা যাব বুলি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ লোকে জানিবলৈ দিছে (Department of Internal Water Transport) ।

লখিমপুৰবাসী সাৱধান !

পুনৰ জলপ্ৰলয় হোৱাৰ সম্ভাৱনা লখিমপুৰত । NHPC ৰ মূল বান্ধৰ ওপৰেৰে বাগৰিছে পানী (Water spills over main dam of NHPC)। ৰঙানদী প্ৰকল্পৰ পানীও মুকলি কৰি দিছে নীপকোৱে । যিকোনো মুহূৰ্তত প্লাৱিত হ'ব পাৰে জিলাখনৰ বিভিন্ন অঞ্চল ।

দেশৰ নীল অৰ্থনীতিক ত্বৰান্বিত কৰাৰ লক্ষৰে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ চিন্তন বৈঠক

দেশজুৰি এতিয়া উপকূলীয় আৰু অভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা ৰে'ল আৰু পথ পৰিবহণৰ পৰিপূৰক হোৱাৰ পথত আগবাঢ়িছে ৷ 2047 চনৰ ভিতৰত ভাৰতৰ সকলো বন্দৰকে বৃহৎ বন্দৰলৈ পৰিগনিত কৰাৰ উদ্দেশ্যে মাষ্টাৰ প্লেনৰ পৰিকল্পনাকেন্দ্ৰীয় চৰকাৰৰ (Master plan to upgrade all ports of India) ৷

Keshab Mahanta Hojai visits: হোজাইত বানাক্ৰান্তৰ কাষত মন্ত্ৰী কেশৱ মহন্ত

ৰাজ্যজুৰি অব্যাহত আছে জলপ্ৰলয় (Assam flood 2022) ৷ বানে জুৰুলা কৰিলে ৰাজ্যৰ এক তৃতীয়াংশ লোকক ৷ এমাহৰ ভিতৰত সকলো বানাক্ৰান্তক চৰকাৰী বান সাহাৰ্য প্ৰদানৰ আশ্বাস মন্ত্ৰীগৰাকীৰ ৷

সোৱণশিৰি নদীৰ বালিভেটা পাৰঘাটৰ নিবিদাক লৈ ক্ষোভ স্থানীয় ৰাইজৰ

লখিমপুৰৰ পৰা ঘুনাসুঁতিক সংযোগ কৰি সোৱণশিৰি নদীৰ ওপৰত ৩৮৩ কোটি টকা ব্যয়েৰে এখন দলং নিৰ্মাণ হ’ব (Bridge over Subansiri river connecting Lakhimpur to Ghunasuti) । এই খবৰে ঘুনাসুঁতিৰ ৰাইজক আহ্লাদিত কৰি ৰখাৰ সময়তে আন এক খবৰে ক্ষুন্ন কৰি তুলিছে ৰাইজক ।

Maharashtra political update : অতিশীঘ্ৰে বিধানসভাত শক্তি পৰীক্ষাৰ দাবী দেৱেন্দ্ৰ ফাড়নাভিছৰ

এইবাৰ ৰাজ্যপালৰ কাষ পালেগৈ বিজেপি নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছ (Devendra Fadnavis meets Maharashtra governor) ৷ অতিশীঘ্ৰে বিধানসভাৰ শক্তি পৰীক্ষাৰ বাবে আহ্বান ৰাজ্যপালক ৷


30 জুনৰ পৰা শিলচৰ নিউ হাফলঙৰ মাজত পুনৰ চলিব যাত্ৰীবাহী ৰেল

প্ৰায় ডেৰমাহে ৰেল যাতায়ত বন্ধ হৈ থকা ডিমা হাছাওৰ পাহাৰ লাইনত পুনৰ আৰম্ভ হ‘ব ৰেলসেৱা (Railway services will be resumed on the Dima Hasao Hill Line) ৷ 30 জুনৰ পৰা শিলচৰ নিউ হাফলঙৰ মাজত চলাচল কৰিব এখন বিশেষ যাত্ৰীবাহী ৰেল । মঙলবাৰে বিয়লি উত্তৰ পূব সীমান্ত ৰেল কৰ্তৃপক্ষই এক জাননী যোগে জনালে এই তথ্য ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.