Protest against price hike: ফাঁচীবজাৰত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি

author img

By

Published : Nov 14, 2022, 6:32 PM IST

TMC Protest against price hike at Fancy bazar in Guwahati

আকাশলংঘী মূল্যবৃদ্ধি ৰোধৰ দাবীত সোমবাৰে মহানগৰীৰ ফাঁচীবজাৰত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত এক প্ৰতিবাদী কাৰ্যসূচী আৰু গণ স্বাক্ষৰ সংগ্ৰহ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰে । ফলত ফাঁচীবজাৰত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি লাগে ।

গুৱাহাটী, 14 নৱেম্বৰ: ৰাজ্যত অব্যাহত আছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ চৰা দাম ৷ মূল্যবৃদ্ধিয়ে একপ্ৰকাৰ কোঙা কৰি পেলাইছে সাধাৰণ জনতাক ৷ এক কথাত ক’বলৈ হ’লে বজাৰৰ জুয়ে পাকঘৰত জ্বলোৱা জুই নিৰ্বাপিত কৰাৰ উপক্ৰম ঘটাইছে ৷ ঋণত ডুব গৈ থকা অসম চৰকাৰে ৰাজহ সংগ্ৰহৰ বাবে এটাৰ পাছত আনটোকৈ কৰৰ বোজা জাপি দিছে সাধাৰণ ৰাইজৰ ওপৰত ।

মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰি ৰখাৰ সময়তে অসম চৰকাৰে ৰাজ্যৰ পৌৰ নিগম আৰু পৌৰসভা এলেকাৰ নাগৰিকৰ সম্পত্তি কৰ (Proposal for increase property tax) বৃদ্ধিৰো প্ৰস্তাৱ গ্ৰহণ কৰিছে ৷ আকাশলংঘী মূল্যবৃদ্ধিক কেন্দ্ৰ কৰি জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন (Protest against price hike) ৷

ফাঁচীবজাৰত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি

মূল্যবৃদ্ধি আৰু পৌৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে, লগতে সমগ্ৰ মহানগৰবাসীক খোৱাপানী যোগান নিশ্চিত কৰাৰ দাবীত সোমবাৰে মহানগৰীৰ ফাঁচীবজাৰত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ অসম তৃণমূল কংগ্ৰেছ, অসম তৃণমূল যুৱ কংগ্ৰেছ, অসম তৃণমূল মহিলা কংগ্ৰেছৰ সতীৰ্থসকলৰ অংশগ্ৰহণেৰে ৰূপায়িত হয় এই প্ৰতিবাদী কাৰ্যসূচী তথা গণ স্বাক্ষৰ সংগ্ৰহ অভিযান কাৰ্যসূচী (TMC Protest in Fancy bazar) ।

প্ৰতিবাদকাৰীসকলে আকাশলংঘী মূল্যবৃদ্ধি বন্ধ কৰক, পৌৰ বৃদ্ধি বন্ধ কৰক, জনবিৰোধী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ মুৰ্দাবাদ, সমগ্ৰ মহানগৰবাসীক খোৱাপানী যোগান নিশ্চিত কৰক আদি শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে পৰিৱেশ । ইফালে প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰে । ফলত ফাঁচীবজাৰত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰো সৃষ্টি হয় ।

দলীয় নেতা-কৰ্মীসকলে ফাঁচী বজাৰৰ ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহলৈ গৈ দাবীসমূহৰ সমৰ্থনত স্বাক্ষৰ সংগ্ৰহ কৰে । উল্লেখ্য যে জনতাৰ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ অসম চৰকাৰৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰিব বুলি জানিবলৈ দিছে দলটোৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই ।

আনহাতে অভিযানৰ মাজতে অসম চৰকাৰৰ নিৰ্দেশত অসম আৰক্ষীয়ে জনতাৰ হকে শ্ল'গান দিয়াত বাধা প্ৰদান কৰা কাৰ্যক গৰিহণা দিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই । সভাপতি বৰাই জনতাৰ হকে কৰা প্ৰতিবাদ দমন কৰিবলৈ আৰক্ষী বাহিনী জাপি দি নিজৰ জনবিৰোধী চৰিত্ৰ উদঙাই দিয়া বুলিও মন্তব্য কৰে ।

লগতে পঢ়ক: Trinamool Congress joining programme: মুখ্যমন্ত্ৰীক তুলাধূনা ৰিপুন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.