ETV Bharat / state

Education Minister Ranoj Pegu: শীঘ্ৰেই পূৰণ হ'ব খালী থকা শিক্ষকৰ পদ

প্ৰতিখন বিদ্যালয়তে স্থাপন কৰা হ’ব টিংকাৰিং লেব ৷ গুৱাহাটী মহানগৰীৰ সাতগাঁও উচ্চ বিদ্যালয়ত (Satgaon High School) টিংকাৰিং গৱেষণাগাৰ উদ্বোধন কৰি এইদৰে কয় শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।

Education Minister Ranoj Pegu
Pegu:পূৰণ কৰা হ'ব খালী থকা শিক্ষকৰ পদ

Published : October 15, 2022 at 3:53 PM IST

Choose ETV Bharat

গুৱাহাটী,১৫ অক্টোবৰ: গুৱাহাটী মহানগৰীৰ সাতগাঁও উচ্চ বিদ্যালয়ত (Satgaon High School) শনিবাৰে ছাত্র-ছাত্ৰীৰ বাবে প্ৰস্তুত কৰা টিংকাৰিং গৱেষণাগাৰ উদ্বোধন (Tinkering Lab inaugurated Education minister) কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । গৱেষণাগাৰ উদ্বোধন কৰি তেওঁ কয় যে বিশেষকৈ ছাত্র-ছাত্ৰী সকলে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিভিন্ন অনুশীলন সমূহ বিদ্যালয়তে যাতে নিয়মিতভাৱে কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ (Former Prime Minister Atal Bihari Vajpayee) স্মৃতিত নীতি আয়োগৰ (Niti Aayog) অধীনত অটল টিংকাৰিং গৱেষণাগাৰ স্থাপন কৰা হৈছে ।

পূৰণ কৰা হ'ব খালী থকা শিক্ষকৰ পদ

এই অটল টিংকাৰিং গৱেষণাগাৰ স্থাপন আচনিৰ সমান্তৰালকৈ ৰাজ্যতো সমগ্ৰ শিক্ষাৰ অধীনত অনুৰূপভাৱে বিদ্যালয় সমূহত টিংকাৰিং স্থাপন কৰা হয় বুলি শিক্ষা মন্ত্ৰী ডাঃ পেগুৱে কয় । এই অটল টিংকাৰিং গৱেষণাগাৰৰ জৰিয়তে ৰাজ্যৰ বিদ্যালয়সমূহত অধ্যয়ন কৰি থকা ছাত্র-ছাত্ৰী সকল উপকৃত হ'ব বুলি উল্লেখ কৰে শিক্ষামন্ত্ৰী পেগুৱে (Minister Dr Ranoj Pegu) ।

ইফালে,অহা ২২ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈকে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত (Shankardev Kalakshetra in Guwahati) সৰ্বভাৰতীয় বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠান (All India Science Exhibition at Guwahati) অনুষ্ঠিত হ’ব বুলি কয় শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ সমগ্ৰ দেশৰ কেইবাহাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰদৰ্শনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি কয় শিক্ষামন্ত্ৰীগৰাকীয়ে ।

সমগ্ৰ শিক্ষা অভিযানৰ আওতাত প্ৰতিখন বিদ্যালয়তে স্থাপন কৰা হ’ব এই টিংকাৰিং লেব । ইপিনে,সাতগাঁও বিদ্যালয়ৰ খালী থকা শিক্ষকৰ পদ সন্দৰ্ভতো মন্তব্য় কৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় যে অনতি পলমে পূৰণ কৰা হ'ব প্ৰতিখন বিদ্যালয়ত খালী থকা শিক্ষকৰ পদ ৷

উল্লেখ্য় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Narendra Modi) বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজৰ পৰা বিজ্ঞান মনস্কতাৰ প্ৰতিভাসমূহ সন্ধান কৰাৰ বাবে উপযুক্ত প্লেটফ’ৰ্ম স্থাপন কৰি তেওঁলোকক জিলা আৰু আঞ্চলিক পৰ্যায়ত অটল টিংকাৰিং লেবৰ সৈতে সংযোগ কৰিবলৈ এই লেবৰ ব্য়ৱস্থা কৰিছিল ।

লগতে পঢ়ক:Flood situation in Assam : ৬ মাহে পানীৰ তলত এখন গাঁও