TAYPA Lachit Award : গুৱাহাটীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে টাইপাৰ লাচিত দিৱসৰ আয়োজন

author img

By

Published : Nov 21, 2022, 7:25 PM IST

TAYPA

টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত আৰু কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত অহা ২৩ আৰু ২৪ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে লাচিত দিৱসৰ আয়োজন কৰা হৈছে (Lachit Diwas organised by TAYPA) । জ্যোতি চিত্ৰবনৰ প্ৰাংগণত আয়োজন কৰা এই অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাবীৰ লাচিত বঁটা প্ৰদান কৰা হ'ব ।

গুৱাহাটী , ২১ নৱেম্বৰ : টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত আৰু কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত অহা ২৩ আৰু ২৪ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে লাচিত দিৱসৰ আয়োজন কৰা হৈছে (Lachit Diwas organised by TAYPA) । জ্যোতি চিত্ৰবন প্ৰাংগণত আয়োজন কৰা এই অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাবীৰ লাচিত বঁটা প্ৰদান কৰা হ'ব (TAYPA Lachit Dibas at Jyoti Chitrabon premises) ।

এই বঁটা এইবাৰ উত্তৰ-পূবৰ প্ৰথমজন লেফটেনেণ্ট জেনেৰেল প্ৰণৱ কুমাৰ ভৰালীক প্ৰদান কৰা হ'ব (TAYPA Lachit award to Lt General Pranab Bharali) । এই কথা সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ গুণকান্ত গগৈয়ে সদৰী কৰে । তেওঁ কয় যে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।

কাৰ্যসূচী অনুসৰি, ২৩ নৱেম্বৰত সন্ধিয়া বানফী অনুষ্ঠান অনুষ্ঠিত হ'ব (400th birth anniversary of Lachit Borphukan) । ২৪ নৱেম্বৰত পুৱা পতাকা উত্তোলন, মৈদাম তৰ্পন, মুকলিসভা আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ'ব । অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব । সন্ধিয়া সংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হ'ব । লাচিত বৰফুকনৰ বিষয়ে দেশজুৰি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চৰকাৰে দিল্লীত ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ কাৰ্যসূচী আয়োজন কৰাৰ লগতে ৰাজ্যজুৰি সপ্তাহজোৰা কাৰ্যসূচীৰে আয়োজন কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপক শলাগ লয় টাইপাই ।

গুৱাহাটীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে টাইপাৰ লাচিত দিৱস

লগতে সৰ্বভাৰতীয় পৰ্যায়ত যাতে অসমৰ ইতিহাস বিকৃত নহয় তাৰ বাবে চৰকাৰক দৃষ্টি ৰাখিবলৈও আহ্বান জনায়। আনহাতে, লাচিতৰ প্ৰতিমূৰ্তি দিল্লীত স্থাপন কৰা, দিল্লীত লাচিত বৰফুকনৰ নামত ভৱন এটা প্ৰতিষ্ঠা কৰা আৰু লাচিত বৰফুকনৰ নামত প্ৰতিৰক্ষা একাডেমি স্থাপন কৰিবলৈও চৰকাৰক দাবী জনায় ।

উল্লেখ্য যে, সমগ্ৰ ৰাজ্যতে সপ্তাহজোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী (Lachit Diwas observed in Assam) । এই উপলক্ষে চৰকাৰীভাৱে বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে । আনহাতে, ২৪ নৱেম্বৰত গুৱাহাটীৰ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় লাচিত দিৱসৰ অনুষ্ঠান ।

ইফালে পোন প্ৰথমবাৰৰ বাবে অসমৰ বীৰ সেনানায়কজন দেশ তথা বিদেশত প্ৰতিষ্ঠা কৰাৰ উদ্যোগ লৈছে ৰাজ্য চৰকাৰে । তাৰ বাবে এইবাৰ লাচিত দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব দিল্লীত (Lachit 400 birth anniversary in Delhi) । দিল্লীৰ বিজ্ঞান ভৱনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই কাৰ্যসূচী ।

অহা ২৩ আৰু ২৪ নৱেম্বৰত লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ দিল্লীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণকে ধৰি ভাৰত চৰকাৰৰ বিভিন্ন বিষয়া । উক্ত কাৰ্যসূচীৰ বাবে যুদ্ধ গতিত প্ৰস্তুতি চলাইছে অসম চৰকাৰে ।

লগতে পঢ়ক :Lachit Birth Anniversary : লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে যোৰহাটত প্ৰদৰ্শনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.