ৰাষ্ট্ৰীয় ডেড লিফ্টিং চেম্পিয়নশ্বিপ ২০২২ত সোণৰ পদক আজুৰিলে ডিফুৰ সুমন ছেত্ৰীয়ে

author img

By

Published : Sep 23, 2022, 10:01 AM IST

National Dead Lifting Championship 2022

পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল এগৰাকী অসম সন্তান । ৰাষ্ট্ৰীয় ডেড লিফটিং চেম্পিয়নশ্বিপ সোণৰ পদক আজুৰিলে ডিফুৰ সুমন ছেত্ৰীয়ে(National Dead Lifting Championship 2022) । মহিলা শাখাতো অৰ্জন পদক ।

ডিফু,২২ ছেপ্টেম্বৰ: ৰাষ্ট্ৰীয় ডেড লিফটিং চেম্পিয়নশ্বিপত উজলিল ডিফুৰ থং নকবে জীমৰ সুমন ছেত্ৰী । সুমন ছেত্ৰীয়ে পুৰুষৰ ৫৯ কেজি জুনিয়ৰ শাখাত সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে । ইয়াৰোপৰি আৰএছআৰ ফিটনেছ জীমৰ হৈ মহিলাৰ জ্যেষ্ঠ ৬৯ কেজি শাখাত তামহিদি ৰংপিপীয়ে ৰূপৰ পদক লাভ কৰে ৷

একেদৰে মহিলাৰ ৬৯ কেজিৰ মাষ্টাৰ্ছ শাখাত বাছাপী ফাংছপী আৰু মহিলাৰ জ্যেষ্ঠ ৫৭ কেজি শাখাত ৰশ্মি বেপীয়ে ব্ৰঞ্জৰ পদক লাভ কৰি পাহাৰীয়া জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে(Success of Assam players at national level) ।

উল্লেখযোগ্য যে, যোৱা ১৪ ছেপ্টেম্বৰৰ পৰা ১৮ ছেপ্টেম্বৰলৈ তামিলনাডুত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় ডেডলিফ্টি চেম্পিয়নশ্বিপ ২০২২ (National Dead Lifting Championship 2022) ৷ কাৰ্বি আংলং জিলাৰ পাৱাৰ লিফ্টিং এছ’চিয়েছনৰ পৰা অসম পাৱাৰ লিফ্টিং এছ’চিয়েছনৰ হৈ প্ৰতিযোগিতাখনত কেইবাগৰাকীও প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷

National Dead Lifting Championship 2022
ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল ডিফুৰ কেইবাগৰাকীও খেলুৱৈ

প্ৰতিযোগিতাখনত জিলাখনৰ চাৰিজনকৈ খেলুৱৈয়ে ক্ৰমে সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় । কাৰ্বি আংলঙৰ হৈ খেলুৱৈ কেইগৰাকীয়ে লাভ কৰা সফলতাৰ বাবে ডিফুৰ থং নকবে ফিটনেছ জীম আৰু আৰএছআৰ ফিটনেছ জীমত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে ।

লগতে পঢ়ক: পুৰণিগুদামত বিদ্যুৎ বিভাগৰ মৰণফাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.