ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰে উদুলি-মুদুলি আনন্দৰাম বৰুৱা ক্ষেত্র

author img

By

Published : Sep 23, 2021, 6:55 AM IST

state-bjp-executive-meeting-in-guwahati

দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা(State BJP Executive Meeting) ৷ পাঁচ শতাধিক কাৰ্যনিৰ্বাহক সদস্যই পৰম্পৰাগত সাজপাৰ পৰিধান কৰি ভাগ লোৱা এই কাৰ্যনিৰ্বাহক সভাখন বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ থলীলৈ ৰূপান্তৰিত হয় ৷

গুৱাহাটী, 23 ছেপ্তেম্বৰ : বুধবাৰৰ পৰা দুদিনীয়াকৈ উত্তৰ গুৱাহাটীস্থিত আনন্দৰাম বৰুৱা ক্ষেত্ৰত অনুষ্ঠিত হৈছে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা(State BJP Executive Meeting) ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা(Bhabesh Kalita)ই দলীয় পতাকা উত্তোলন কৰি দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰে । ইয়াৰ পাচতে গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয় ।

state-bjp-executive-meeting-in-guwahati
ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা

অনুষ্ঠ‍ানত প্ৰধানমন্ত্ৰী মোডী(PM Modi)ৰ জীৱনত আধাৰিত এক প্ৰদর্শনীৰ দ্বাৰ মুকলি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma), প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Sarbananda Sonowal) আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জাতি-জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা পাঁচ শতাধিক কাৰ্যনিৰ্বাহক সদস্যই পৰম্পৰাগত সাজপাৰ পৰিধান কৰি অংশগ্ৰহণ কৰা সভাখন কাৰ্যতঃ বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়থলীলৈ পৰিৱৰ্তিত হয় ৷

ভৱেশ কলিতা নেতৃত্বাধীন প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে বিজেপি দলৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহ-প্ৰভাৰী পৱন শর্মা, উত্তৰ-পূৰ্বাঞ্চলৰ সাংগঠনিক সম্পাদক অজয় জামৱাল, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাকে ধৰি ভালেসংখ্যক দলীয় নেতৃত্ব ৷

state-bjp-executive-meeting-in-guwahati
ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা

সভাপতিৰ ভাষণত সভাপতি ভৱেশ কলিতাই কয়, ‘‘বিজেপি অসমত এতিয়া এক বটবৃক্ষত পৰিণত হৈছে । দলৰ প্ৰতিষ্ঠাকালৰ মুষ্ঠিমেয় কাৰ্যকর্তাৰ অক্লান্ত পৰিশ্ৰম আৰু ৰাজনৈতিক পৰিক্ৰমাৰ ফলশ্ৰুতিত এতিয়া দলৰ কাৰ্যকর্তা 42 লাখতকৈও অধিক হৈছে’’ ৷

‘‘40 বছৰৰ পূৰ্বে এমুঠিমান কাৰ্যকর্তাই ৰোপণ কৰা ভাৰতীয় জনতা পাৰ্টিৰ বীজ পূর্ণাংগ বটবৃক্ষলৈ ৰূপান্তৰিত হওতে ইয়াত জড়িত আছে বহু কাৰ্যকর্তাৰ অশেষ ত্যাগ, পৰিশ্ৰমৰ ফল । আমি আমাৰ সদস্যৰ সংখ্যা 60 লাখলৈ বৃদ্ধি কৰাৰ সংকল্প লৈছো । ইয়াৰ বাবে দলৰ সাংগঠনিক জিলা 45 খনলৈ বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো’’ ৷

state-bjp-executive-meeting-in-guwahati
ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা

ভাষণত চাৰিমহীয়া বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ নেতা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা কৰে ভৱেশ কলিতাই । কাৰ্যনিৰ্বাহক সভাখনত ভাষণ দি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিগত চাৰিটা মাহত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে গ্ৰহণ কৰা প্ৰতিটো যোগাত্মক কাৰ্যৰ প্ৰশংসা কৰে ৷

লগতে মুখ্যমন্ত্ৰী শর্মাক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী সোণোৱালে । অসমৰ সৰ্বাংগীন উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী মোডী নেতৃত্বাধীন চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ কথাও উল্লেখ কৰে মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ তেওঁ কয় যে, মোডীৰ নেতৃত্বত চৰকাৰে ভাৰতবর্ষৰ আন ৰাজ্যৰ সমান্তৰালকৈ অসমকো আগুৱাই নিয়াৰ বাবে বিশেষভাৱে সহায় কৰি আছে ।

লগতে পঢ়ক: ২১ জন পুৰোহিতৰ বৈদিক মন্ত্ৰোচাৰণেৰে গঁড়ৰ খৰ্গ দাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.