Protest in Guwahati: দিব্যাংগৰ প্ৰতিবাদত উত্তাল মহানগৰী
Published: Mar 13, 2023, 10:42 PM


Protest in Guwahati: দিব্যাংগৰ প্ৰতিবাদত উত্তাল মহানগৰী
Published: Mar 13, 2023, 10:42 PM
বেলতলাৰ শংকৰদেৱ নেত্ৰালয়ৰ সন্মুখত দিব্যাংগ মঞ্চ অসমৰ প্ৰতিবাদী কাৰ্যসূচী (Sankaradeva Nethralaya)। দীনদয়াল দিব্যাংগ মাহিলী পেঞ্চন অব্য়াহত ৰখাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ।
গুৱাহাটী, ১৩ মাৰ্চ: দিব্যাংগৰ প্ৰতিবাদত উত্তাল গুৱাহাটী মহানগৰী (Protests in Guwahati)। মহানগৰীৰ বেলতলাস্থিত শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয়ৰ সন্মুখত সোমবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে দিব্যাংগ মঞ্চ অসমে (Divyang Mancha Assam protest in Guwahati)। দীনদয়াল দিব্যাংগ মাহিলী পেঞ্চনৰ সৈতে অৰুণোদই আঁচনিৰ সংযোগ কৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি দিব্যাংগসকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (DeenDayal Divyang Monthly Pension Scheme)।
আজি দিনৰ ১২ বজাত শংকৰদেৱ নেত্ৰালয়ৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াবলৈ চেষ্টা কৰে প্ৰতিবাদকাৰীয়ে (Specially able protest in Beltola)। কিন্তু এই প্ৰতিবাদত বাধা প্ৰদান কৰে আৰক্ষীয়ে । ফলত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত টনা আজোৰাৰ সৃষ্টি হয় । প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, বিজেপি হায় হায়, আমাৰ দাৱী মানিবই লাগিব আদি শ্লোগান দি কয় ,"এয়াই আমাৰ হিমন্ত মামাৰ চৰকাৰ । হিমন্ত মামাৰ চৰকাৰৰ দিনত আমাক গৰুৰ নিচিনাকৈ ৰচীৰে বান্ধিব লৈছে ।" প্ৰতিবাদকাৰীসকলে আনকি আৰক্ষীৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰে ।
দিব্যাংগসকলে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ কয়," আমাৰ দাবী মানি নিযুক্তি সম্পূৰ্ণ কৰক, নহ'লে আমাক গুলীয়াই মাৰক । সমগ্ৰ অসমত ৯ লাখ দিব্যাংগ আছে । আমাক অৰুণোদই নালাগে, আমাক দীনদয়াল দিব্যাংগ মাহিলী পেঞ্চন লাগে (Arunodaya Scheme)।" আজি মহানগৰীৰ বেলতলাস্থিত শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে দিব্যাংগ মঞ্চ অসমে । এই প্ৰতিবাদত অংশগ্ৰহণ কৰে শতাধিক দিব্যাংগই । দিব্যাংগৰ উন্নতিৰ হকে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰা বুলি কয় প্ৰতিবাদকাৰীয়ে । উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰে বিভিন্ন জিলাৰ পৰা অহা দিব্যাংগসকলে ।
দীনদয়াল দিব্যাংগ মাহিলী পেঞ্চন অৰুণোদইৰ লগত সংযোগ কৰাক লৈ অসন্তুষ্ট হৈ পৰিছে দিব্যাংগসকল । চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে দিব্যাংগ মঞ্চ অসমে । লগতে অসম চৰকাৰৰ ২৪ টা বিভাগত খালী হৈ থকা ৪০০০ পদ এমাহৰ ভিতৰতে দিব্যাংগৰ বাবে ৪ শতাংশ আসন সংৰক্ষণ কৰি বিশেষ নিযুক্তিৰ জৰিয়তে নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।
লগতে পঢ়ক:BJP Leader Umesh Pal murder case: প্ৰয়াগৰাজত ভাইৰেল গেংষ্টাৰ আতিক আহমেদৰ ভাবুকিমূলক অডিঅ’
