GP Singh reacts on Pathaan: পাঠান ছবিক লৈ প্ৰতিক্ৰিয়া জিপি সিঙৰ

author img

By

Published : Jan 24, 2023, 4:36 PM IST

Special DGP GP Singh reacts on Pathaan film

পাঠান ছবিক লৈ কোনো হিংসাত্মক কাৰ্য হ’বলৈ দিয়া নহ’ব ৷ সাংবাদিকৰ আহত মন্তব্য প্ৰকাশ কৰিছে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে (Special DGP GP Singh) ৷

পাঠান ছবিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জিপি সিঙে

ডিব্ৰুগড়, 24 জানুৱাৰী: "পাঠান ছবিক লৈ কোনো ধৰণৰ হিংসাত্মক কাৰ্য হ’বলৈ দিয়া নহ’ব ৷ গোটেইকেইখন জিলাৰ আৰক্ষী অধীক্ষকক ইতিমধ্যেই এই বিষয়ে নিৰ্দেশ দিয়া হৈছে ৷ বিশেষকৈ যিকেইখন জিলাত তেনে ছবিগৃহ আছে য’ত পাঠান ছবিখন মুক্তি পাব, সেই জিলাকেইখনত কঠোৰ নিৰ্দেশনা দিয়া হৈছে যাতে কোনোপধ্যেই ছবিখনক লৈ কোনো হিংসাত্মক ঘটনা সংঘটিত নহয় ৷ ভাঙি-চিঙি পেলোৱা কাৰ্য কোনো পধ্যেই গ্ৰহণযোগ্য নহ’ব ৷ যদি কাৰোবাৰ আপত্তি আছে তেনেহ’লে প্ৰতিবাদস্থলীত গৈ প্ৰতিবাদ কৰিব পাৰে ৷ কিন্তু ছবিগৃহত কোনো ধৰণৰ উদ্ভণ্ডালি কৰিবলৈ দিয়া নহ’ব ৷ ছবিগৃহ আৰু ছবিগৃহৰ মালিকক সম্পূৰ্ণ নিৰাপত্তা দিয়া হ’ব ৷" এই মন্তব্য বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ ৷

বহুচৰ্চিত পাঠান ছবিখনক লৈ দেশজুৰি চলি আছে তীব্ৰ প্ৰতিক্ৰিয়া । অসমতো পাঠানক লৈ বিৰ্তক অব্যাহত আছে । পাঠানক লৈ বিৰ্তক অব্যাহত থকাৰ সময়তে ডিব্ৰুগড়ত ৰাজ্যৰ বিশেষ আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে জানিবলৈ দিয়ে যে পাঠান ছবিক লৈ কোনো হিংসাত্মক কাৰ্য ৰাজ্যত হ’বলৈ দিয়া নহ’ব (Special DGP GP Singh reacts on Pathan film)। প্ৰতিবাদ কৰাৰ সকলোৰে অধিকাৰ আছে । প্ৰশাসনৰ অনুমতি লৈ নিৰ্দিষ্ট স্থানত প্ৰতিবাদ কৰিব লাগিব । কোনো ধৰণৰ হিংসাত্মক কাৰ্যকলাপ সংঘটিত হ’বলৈ আৰক্ষীয়ে নিদিয়ে ।

লগতে পঢ়ক: Babul Supriyo criticize CM's remarks on Pathan: বুৰ্জ খলিফাত দেখুওৱা অভিনেতাজনক চিনি নোপোৱা বুলি কৰা মন্তব্য দুৰ্ভাগ্যজনক: বাবুল সুপ্ৰিয়

তেওঁ জনাই যে ইতিমধ্যে প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকলৈ নিৰ্দেশনা দিয়া হৈছে (Pathaan controversy Assam)। চিনেমা চলি থকাৰ সময়তো যাতে কোনো আইন ভংগৰ পৰিস্থিতি নহয় তাৰ বাবে আৰক্ষীয়ে কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰিব । এইদৰে ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ।

উল্লেখযোগ্য যে ২৫ জানুৱাৰীত মুক্তি লাভ কৰিব বহু চৰ্চিত ছবি 'পাঠান' । শ্বাহৰুখ খান, অভিনেতা জন আব্ৰাহম আৰু অভিনেত্ৰী দীপিকা পাডুকন অভিনীত এই ছবিখন মুক্তিৰ পূৰ্বেই বিতৰ্কৰ মাজলৈ আহিছে (Protest against Pathaan ) ।

দেশৰ বিভিন্ন প্ৰান্তত 'পাঠান' বিৰোধী বিতৰ্ক চলি থকাৰ মাজতে অসমতো এই ছবিৰ বিৰোধিতা কৰিছে একাংশই । একাংশই পাঠান ছবিখনৰ বিৰোধিতা কৰিলেও শ্বাহৰুখ খানৰ অনুৰাগীয়ে ছবিখনক সমৰ্থন জনাইছে ৷ ইতিমধ্যে ছবিখনৰ বহু টিকট মুক্তিৰ পূৰ্বেই বিক্ৰীও হৈছে । এতিয়া আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীৰ এই আশ্বাসে কিছু হ’লেও ৰাজ্যত সৃষ্টি হোৱা বিৰ্তকৰ অৱসান ঘটনা বুলি আশা প্ৰকাশ কৰিছে বহুতেই ।

লগতে পঢ়ক: Pathan Controversy : বিকিনি পিন্ধাই বাংলাদেশী মিঞাক টার্গেট কৰিছে "পাঠান"এ: শিলাদিত্য দেৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.