ULFA I cadre Death : মৃতদেহ নাপালে আত্মহত্যাৰ হুংকাৰ মৃত আলফা কেডাৰৰ ভগ্নীৰ

author img

By

Published : Dec 5, 2022, 8:36 PM IST

ULFA I cadre Death

‘‘কাইলৈৰ ভিতৰত দাদাৰ মৃতদেহ উলিয়াই দিয়ক ৷ নহ’লে আমি আটায়েই চুইচাইড কৰিম’’৷ আলফা(স্বা)ৰ কেম্পত মৃত্যু হোৱা যুগল শৰ্মাৰ ভগ্নীৰ আৱেগিক মন্তব্য (ULFA I cadre dies in camp due to illness)৷

গুৱাহাটী, ৫ ডিচেম্বৰ : চলিত বৰ্ষৰ মাৰ্চ মাহৰ ১৯ তাৰিখে গাড়ীৰ ভাড়া মাৰিবলৈ যোৱা বুলি কৈ ঘৰৰ পৰা ৰঙিয়ালৈ ওলাই গৈছিল নাৰেংগী কেন্দুগুৰি নিবাসী ৩০ বছৰীয়া যুৱক যুগল শৰ্মা ৷ ইয়াৰ পাছতেই সংবাদ মাধ্যমত বহুলভাৱে প্ৰচাৰ হৈছিল যুগল শৰ্মা আলফা স্বাধীনলৈ যোৱাৰ খবৰ ৷

তেতিয়াৰ পৰাই পৰিয়ালৰ সৈতে কোনোধৰণৰ যোগাযোগ ৰক্ষা কৰা নাছিল আলফা স্বাধীনৰ সদস্য যুগল শৰ্মাই ৷ তাৰোপৰি পৰিয়ালৰ লোকেও আলফা স্বাধীনৰ ৮৬ নং গোটৰ নৱাগত কেদাৰ যুগল শৰ্মা ইমান দিনে নিৰুদিষ্ট হৈ থকা বুলিহে ভাবি আছিল (Jugal Sharma alias Private Deepak Assam)।

কিন্তু আলফাত হঠাৎ এনেদৰে যোগদান কৰাটো সপোনৰো অগোচৰ আছিল পৰিয়ালৰ লোকৰ । সোমবাৰে পুৱাৰ ভাগত আলফা স্বাধীনৰ তৰফৰ পৰা প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত(ULFA I press release) আলফালৈ যোৱা কেন্দুগুৰি উদয়পুৰৰ যুৱক যুগল শৰ্মা ওৰফে প্ৰাইভেট দীপক অসম একাধিক জটিল ৰোগত আক্ৰান্ত হৈ যোৱা ৪ ডিচেম্বৰত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা বুলি জনোৱা হয় (ULFA I cadre dies in camp due to illness)।

মৃতদেহ নাপালে আত্মহত্যাৰ হুংকাৰ মৃত আলফা কেডাৰৰ ভগ্নীৰ

স্বাভাৱিকতে এই খবৰে স্তম্ভিত কৰি তোলে যুগল শৰ্মাৰ পৰিয়ালক । ভাতৃক হেৰুৱাৰ বেদনাত শোকত ভাগি পৰে যুগল শৰ্মাৰ দুই ভগ্নী ববিতা দেৱী আৰু এনিশা দেৱী । আলফা স্বাধীনৰ শিৱিৰত ৰোগাক্ৰান্ত হৈ মৃত্যুবৰণ কৰা বিষয়টো কোনোপধ্যে মানি ল’ব নিবিচৰা দুই ভগ্নীয়ে ককায়েক যুগল শৰ্মাৰ মৃতদেহ বিচাৰি সংবাদ মাধ্যমৰ সহায় বিচাৰে ।

সংবাদ মাধ্যমৰ আগত দুই ভগ্নী ববিতা দেৱী আৰু এনিশা দেৱীয়ে উচুপি উচুপি আলফা স্বাধীনলৈ কাতৰ আহ্বান- ‘‘পৰেশ বৰুৱা ডাঙৰীয়া, আমাৰ দাদাৰ মৃতদেহটো সোনকালে উভতাই দিয়ক ৷ মৃতদেহ নাপালে কিন্তু আমি আটাইকেইজন ভগ্নীয়ে আত্মহত্যা কৰিবলৈ বাধ্য হ’ম’’।

উল্লেখ্য যে, পিতৃ শিৱ শৰ্মা, মাতৃ প্ৰয়াত ললিতা দেৱীৰ একমাত্ৰ পুত্ৰ আছিল অমায়িক স্বভাৱৰ যুগল শৰ্মা ৷ যুগলৰ আছিল চাৰিগৰাকী ভগ্নী । কিন্তু কি কাৰণত, কি পৰিস্থিতিত যুগলে পৰিয়ালৰ অজ্ঞাতে আলফা স্বাধীনত যোগদান কৰিলে সেয়া এতিযাও পৰিয়ালৰ বাবে সাঁথৰ হৈ আছে ।

জানিব পৰা মতে যুগলৰ পৰিয়াল সম্প্ৰতি কেন্দুগুৰিৰ মাটি বিক্ৰী কৰি নাৰেংগী ইউকো বেংকৰ ওচৰৰ ভাড়াঘৰত আছে যুগলৰ পৰিয়াল ।

লগতে পঢ়ক : ULFA(I) Press Release: আলফা(স্বা:)ৰ সদস্য যুগল শৰ্মা ওৰফে প্ৰাইভেট দীপক অসমৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.