Srimanta Sankaradeva Kalakshetra: ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে শংকৰদেৱ কলাক্ষেত্ৰই

author img

By

Published : Nov 9, 2022, 5:08 PM IST

Srimanta Sankaradeva Kalakshetra

২৪ টা বৰ্ষ অতিক্ৰমী ২৫ তম বৰ্ষত পদাৰ্পণ কৰিলে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই (Srimanta Sankaradeva Kalakshetra)৷ এই উপলক্ষ্যে বুধবাৰে অনুষ্ঠিত হয় ৰূপালী জয়ন্তী বৰ্ষৰ উদ্বোধনী অনুষ্ঠান ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

গুৱাহাটী, ৯ নৱেম্বৰ : ঐতিহাসিক অসম চুক্তিৰ ফলত জাতিটোৱে লাভ কৰা উত্তৰ-পূৱ ভাৰতৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই ভৰি দিলে ৰূপালী জয়ন্তী বৰ্ষত । বুধবাৰে প্ৰতিষ্ঠাৰ বৰ্ণিল ২৪ টা বৰ্ষ অতিক্ৰমী ২৫ ত্বম বৰ্ষত পদাৰ্পণ কৰে (Silver Jubilee of Sankaradeva Kalakshetra)। সমাগত বৰ্ষটো ‘ৰূপালী জয়ন্তী বৰ্ষ’ হিচাবে উদযাপন কৰা হ'ব ।

বুধবাৰে শংকৰদেৱ কলাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa sarma at Sankaradeva Kalakshetra)। অনুষ্ঠানটোত অংশগ্ৰহণ কৰি প্ৰদান কৰা ভাষণত তেখেতে কয় যে অসম আন্দোলনৰ শ্বহীদসকলৰ ত্যাগৰ বিনিময়ত অসম চুক্তি স্বাক্ষৰিত হৈছিল । সেই চুক্তি অনুসৰি কলাক্ষেত্ৰ স্থাপন হৈছিল । তেওঁলোকক সোঁৱৰাৰ লগতে ড৹ ভবেন্দ্ৰনাথ শইকীয়াকো স্মৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আৰম্ভণি কেনেদৰে হৈছিল সেই কথা প্ৰকাশ কৰে ।

কলাক্ষেত্ৰত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰয়াত তৰুণ গগৈ, সৰ্বানন্দ সোণোৱালৰো বহুত অৰিহণা আছে বুলি মন্তব্য কৰে । তেওঁ লগতে কয় যে গুৰুজনাৰ সৃষ্টিৰাজিৰ প্ৰসাৰত কলাক্ষেত্ৰৰ বিশেষ অৰিহণা আছে । লগতে তেওঁ কয় যে অসমৰ কলা-সংস্কৃতিলৈ পৰিকল্পিত আক্ৰমণ আৰম্ভ হৈছে ।

ৰূপালী জয়ন্তী বৰ্ষত উপনীত হ’ল শংকৰদেৱ কলাক্ষেত্ৰ

অশুভ সংস্কৃতিৰ এই পৰিকল্পিত আক্ৰমণৰ এক উদাহৰণ মিঞা মিউজিয়াম(Miya Museum) বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । বিহুকো সেই চক্ৰই বিকৃত কৰিবলৈ চেষ্টা কৰা বুলি মন্তব্য কৰি তেওঁ কয় যে, আমাৰ পৰম্পৰাগত সংগীতক অন্য ধৰ্মৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিবলৈ লৈছে । এনে আক্ৰমণত বিশ্বৰ বহু সংস্কৃতি বিলুপ্ত হৈ গৈছে ।

এই ধৰণৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ভাষা, সংস্কৃতি ৰক্ষাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই অধিক কাম কৰাৰ বাবে আহ্বান জনায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ আনহাতে মাধৱদেৱ কলাক্ষেত্ৰ(Madhabdev Kalakshetra), প্ৰতিমা বৰুৱা পাণ্ডেৰ(Pratima Barua Pandey) ঘৰৰ সংগ্ৰহালটোৰ দায়িত্বও শংকৰদেৱ কলাক্ষেত্ৰৰ ওপৰতে ন্যস্ত কৰাৰ লগতে মধুপুৰ সত্ৰৰ বাবেও শংকৰদেৱ কলাক্ষেত্ৰই কাম কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতি জিতুল সোণোৱালৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, বিমল বৰা, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ, নৃত্যাচাৰ্য যতীন গোস্বামী, বিশিষ্ট চিত্ৰশিল্পী ননী বৰপূজাৰী, প্ৰবীন সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী উপস্থিত থাকে ।

উল্লেখ্য যে, বুধবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত ৰূপালী জয়ন্তী বর্ষ উদ্বোধনী অনুষ্ঠানত পুৱা ৯-০০ বজাত সকলোৰে মংগল কামনাৰে কলাক্ষেত্ৰৰ কীৰ্ত্তন ঘৰত নাম-প্ৰসংগৰ অনুষ্ঠান অনুষ্ঠিত হয় । পুৱা ১০ বজাত ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি ২৫ খন চানেকিযুক্ত পতাকা উত্তোলন কৰা হয় ।

১০-৩০ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা ছয়মাইললৈ এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা হয় । আনহাতে বিয়লি ৪-০০ বজাত 'অতীতদর্শী' শীর্ষক বিশিষ্ট চিত্ৰশিল্পী ননী বৰপূজাৰীৰ চিত্ৰ কৰ্মৰ একক প্ৰদৰ্শনী আৰু 'অতীত বীক্ষণ' শীর্ষক আলোকচিত্ৰ প্ৰদর্শনী মুকলি কৰা হ'ব ।

বিয়লি ৪-৩০ বজাত মাজুলীৰ শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ(Auniati Satra Majuli) আধাৰত পৰম্পৰাগত আকাশবন্তি প্ৰজ্বলন কৰা হ'ব । ইয়াৰোপৰি বৰপেটাৰ পৰম্পৰাগত আতচবাজী প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক : Assam Education minister Press conference : পদ বিলুপ্তি সন্দৰ্ভত শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.