Siksha setu portal: শিক্ষকে নকৰে সহযোগিতা; অনিৰ্দিষ্ট কাললৈ বন্ধ শিক্ষাসেতু

author img

By

Published : May 23, 2023, 6:42 PM IST

Siksha setu portal

দাবী পূৰ্ণ নকৰা পৰ্যন্ত শিক্ষাসেতু এপৰ ক্ষেত্ৰত সহায় নকৰাৰ দাবীৰে সমগ্ৰ অসমৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে ঘূৰাই দিলে চৰকাৰৰ শিক্ষা বিভাগে প্ৰদান কৰা টেবলেট ৷ যাৰ বাবে আৰম্ভ হোৱাৰ পূৰ্বেই বন্ধ হৈ পৰিল শিক্ষাসেতু প’ৰ্টেল (Siksha setu portal) ৷

গুৱাহাটী, 23 মে’: ৰাজ্যৰ বহু চৰকাৰী প্ৰাথমিক বিদ্যালয়ত নাই কোনো প্ৰধান শিক্ষক । স্থায়ী প্ৰধান শিক্ষক অবিহনেই চলি আছে ৰাজ্যৰ 36 হাজাৰখন প্রাথমিক বিদ্যালয় । এই 36 হাজাৰখন প্রাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তি দিয়াৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ সংগঠন অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীয়ে দাবী কৰি আহিছে যদিও কোনো গুৰুত্ব দিয়া নাই ৰাজ্য চৰকাৰে (Problems of primary schools in Assam) ।

শেহতীয়াভাৱে শিক্ষা বিভাগে প্ৰাথমিক শিক্ষা ব্যৱস্থাটোক ডিজিটেলকৰণৰ বাবে আৰম্ভ কৰা শিক্ষাসেতু প্ৰকল্পটো ৰূপায়ণত অসহযোগ কৰিছে শিক্ষকসকলে । যাৰ বাবে আৰম্ভ নৌহওঁতেই এতিয়া স্থবিৰ পৰিছে শিক্ষাসেতুৰ কাম । ৰাজ্যৰ 36 হাজাৰখন প্রাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তি নিদিয়া পৰ্যন্ত শিক্ষাসেতুত অসহযোগ কৰাৰ সিদ্ধান্তত অটল হৈ আছে অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনী (Primary school teachers protest) ।

ইতিমধ্যে শিক্ষাসেতুৰ বাবে শিক্ষা বিভাগে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক প্ৰদান কৰা টেবলেটসমূহ যোৱা সোমবাৰে সকলো প্ৰাথমিক শিক্ষকসকলে শিক্ষা বিভাগক উভতাই দিছে (Siksha setu portal of Assam govt)।

এই সন্দৰ্ভত প্রাথমিক শিক্ষক সন্মিলনীৰ প্রধান সম্পাদক ৰাতুল চন্দ্র গোস্বামীয়ে ইটিভি ভাৰতক কয় যে, প্রাথমিক বিদ্যালয়সমূহত স্থায়ী প্রধান শিক্ষক নিযুক্তি নিদিলে শিক্ষাসেতুৰ কোনো কামতেই সহযোগ নকৰাৰ সিদ্ধান্ত লৈছিল শিক্ষকসকলে । সোমবাৰে দিনৰ 1 বজাৰপৰা 2 বজাৰ ভিতৰত সংশ্লিষ্ট প্রাথমিক শিক্ষা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত শৃংখলাবদ্ধভাৱে ‘টেবলেট’সমূহ ঘূৰাই দিবলৈ শিক্ষকসকলক আহ্বান জনোৱা হৈছিল । সেইমতে ৰাজ্যৰ সকলো প্ৰাথমিক শিক্ষকসকলে এই টেবলেটসমূহ ওভতাই দিছে (Siksha setu portal)।

লগতে পঢ়ক: Shiksha Setu Portal: আজিৰে পৰা স্তব্ধ হৈছে শিক্ষাসেতুৰ কাম

তেওঁ লগতে কয় যে, দেশে স্বাধীনতা লাভৰ 75 বছৰ হোৱাৰ পাছতো ৰাজ্যৰ এখনো প্রাথমিক বিদ্যালয়ত স্থায়ী প্রধান শিক্ষক নথকাটো অতি পৰিতাপৰ বিষয় । শিশুৰ শৈক্ষিক বুনিয়াদ গঢ়া এই বিদ্যালয়সমূহ এইদৰে মুৰব্বীহীন হৈ চলি থকা বিষয়টোৱে শিক্ষা ক্ষেত্ৰৰ প্ৰতি থকা চৰকাৰৰ চৰম উদাসীনতাকেই সূচায় (Teacher protest in Assam) ।

গোস্বামীয়ে কয় যে, প্রাথমিক শিক্ষকসকলে বিগত 1982 চনৰ পৰাই এই বিষয়টোক লৈ বিভিন্ন স্তৰত চৰকাৰৰ সৈতে এতিয়ালৈকে মুঠ 40 বাৰ আলোচনা কৰিছে । আলোচনাত চৰকাৰৰ পক্ষৰপৰা প্ৰতিশ্ৰুতি দিয়া হয় যদিও এই প্রতিশ্রুতি আজিলৈকে পালন হোৱা নাই । বাৰে বাৰে প্ৰতাৰণাৰ বলি হৈছে শিক্ষকসকল । 2012 চনৰ 22 জুনত তদানীন্তন শিক্ষামন্ত্ৰীৰে হোৱা এক আলোচনাত শিক্ষাৰ অধিকাৰ আইনৰ ভিত্তিত পৃথক প্রধান শিক্ষকৰ পদ সৃষ্টি কৰাৰ লগতে 150 তকৈ কম শিক্ষার্থী থকা বিদ্যালয়সমূহত এটা শিক্ষকৰ পদ প্রধান শিক্ষকলৈ উন্নীত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল ৷ 10 দিনৰ ভিতৰত বিত্ত বিভাগলৈ প্ৰস্তাৱ প্ৰেৰণৰ প্ৰতিশ্ৰুতিও দিয়া হৈছিল । কিন্তু সেয়া আজিলৈকে হৈ নুঠিল ।

2019 চনৰ 30 ডিচেম্বৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে হোৱা আলোচনাত প্রাথমিক বিদ্যালয়ৰ জ্যেষ্ঠ সহকাৰী শিক্ষকৰ পদটো প্রধান শিক্ষকৰ পদলৈ উন্নীত কৰিবলৈ বিত্ত আৰু শিক্ষা বিভাগক নির্দেশ দিয়া হৈছিল । সেই নির্দেশো আজিলৈকে পৰি থাকিল ।

2020 চনত কেইবালানি আলোচনাৰ অন্তত শিক্ষা বিভাগে এ (আই)ই 580/99/179 চিঠিযোগে কিছু আর্থিক সকাহেৰে জ্যেষ্ঠ সহকাৰী শিক্ষকৰ পদটো প্ৰধান শিক্ষকৰূপে পুনৰ নামকৰণৰ সিদ্ধান্তৰ কথা সঞ্চালকক অৱগত কৰিছিল ৷ এই সম্পৰ্কত যাৱতীয় প্রস্তাৱ প্ৰেৰণৰ নিৰ্দেশ দিয়া হয় যদিও সঞ্চালকালয়ে আজিলৈকে প্ৰস্তাৱত বিত্ত বিভাগে অনুমোদন নিদিয়াৰ কথাহে জনাই আহিছে ।

লগতে পঢ়ক: Assam primary school teacher: 36 হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে চৰকাৰক ঘূৰাই দিব টেবলেট

বিগত দুবছৰে এই প্ৰস্তাৱ কাৰ্যকৰী নোহোৱাৰ ফলত শিক্ষকসকলে যোৱা ডিচেম্বৰ মাহত গুণোৎসৱ বৰ্জনৰ আহ্বান জনোৱাত শিক্ষামন্ত্ৰীয়ে নিজেই এই প্ৰস্তাৱত বিত্ত বিভাগৰ অনুমোদন অনাৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু যোৱা তিনি মাহে এই প্রতিশ্রুতি পালন নোহোৱাত যোৱা 2 মে'ত শিক্ষকসকলে 20 দিনৰ সময় দি ‘শিক্ষাসেতু’ৰ কাম-কাজত অসহযোগৰ কথা ঘোষণা কৰিছিল ৷ এই সময়ছোৱাত কোনো ইতিবাচক সঁহাৰি নাপালে 22 মে'ত টেবলেট ঘূৰাই দিব বুলি কৈছিল । সেই মৰ্মে যোৱা ২২ মে'ত সমগ্ৰ ৰাজ্যজুৰি শিক্ষকসকলে শিক্ষাসেতুৰ বাবে প্ৰদান কৰা টেবলেট চৰকাৰক ঘূৰাই দিয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.