Severely polluted rivers in Assam:ভয়াবহ প্ৰদূষণৰ কৱলত ৰাজ্যৰ ৪৪ টা নদী-জলাশয়

author img

By

Published : Aug 10, 2022, 9:36 PM IST

Severe pollution in Assam

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে(Central Pollution Control Board) ৪ বছৰ পূৰ্বে চিনাক্ত কৰা ৪৪ টা প্ৰদূষিত নদী আৰু জলাশয়(Polluted rivers and waterland in Assam)আজিলৈকে প্ৰদূষণমুক্ত কৰাৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য অনুসৰি মহাৰাষ্ট্ৰৰ ৫১খন, অসমৰ ৪৪খন, মধ্যপ্ৰদেশৰ ২২খন, কেৰেলাৰ ২১খন, গুজৰাটৰ ২০খন, উড়িশাৰ ১৯খন, পশ্চিম বংগ আৰু কৰ্ণাটকৰ ১৭খন নদী দেশৰ ভিতৰত সৰ্বাধিক প্ৰদূষিত নদী হিচাপে চিহ্নিত কৰা হৈছে (Severely polluted rivers) ।

গুৱাহাটী, ১০ আগষ্ট:কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে(Central Pollution Control Board)৪ বছৰ পূৰ্বে চিনাক্ত কৰা ৪৪ টা প্ৰদূষিত নদী আৰু জলাশয়(Polluted rivers and waterland in Assam)আজিলৈকে প্ৰদূষণমুক্ত কৰাৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । যাৰ বাবে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ৪ বছৰ পূৰ্বে চিনাক্ত কৰা ৪৪ টা প্ৰদূষিত নদী আৰু জলাশয়সমূহৰ একাংশৰ পানী বিষাক্ত হোৱাৰ উপক্ৰম হৈছে । উল্লেখ্য় যে যোৱা ২০১৮ চনতে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে দেশৰ ৩৫১ খন নদী প্ৰদূষিত হোৱাৰ তথ্য প্ৰকাশ কৰিছিল । ইয়াৰে ভিতৰত মহাৰাষ্ট্ৰ প্ৰথম আৰু অসম দ্বিতীয় স্থান আছে । তৃতীয় স্থানত আছে মধ্যপ্ৰদেশ ।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য অনুসৰি মহাৰাষ্ট্ৰৰ ৫১খন, অসমৰ ৪৪খন, মধ্যপ্ৰদেশৰ ২২খন, কেৰেলাৰ ২১ খন, গুজৰাটৰ ২০খন, উড়িশাৰ ১৯খন, পশ্চিম বংগ আৰু কৰ্ণাটকৰ ১৭খন নদী দেশৰ ভিতৰত সৰ্বাধিক প্ৰদূষিত নদী হিচাপে চিহ্নিত কৰা হৈছে । কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য মতে,অসমৰ ভৰলু, পাগলদিয়া, ডিগবৈ, বেকী, ভোগদৈ, বগানদী, বুঢ়ীদিহিং, ধনশ্ৰী, দিখৌ, দিচাং, গাভৰু, জীয়া ভৰালী, কলং, কপিলী, কিলিং, কুলচী, মৰা ভৰলু, পুঁঠিমাৰী আদি প্ৰদূষিত নদী (Severely polluted rivers in Assam) । আনহাতে,বৰচলা,সৰুচলা,শিলসাঁকো আৰু দীপৰ বিল প্ৰদূষিত জলাশয় হিচাপে চিহ্নিত কৰিছে ।

উল্লেখ যে কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিয়ে শাসনভাৰ লোৱাৰ পিছতে দেশত নমামি গংগা(Namami Ganga) আৰু অসমত নমামি ব্ৰহ্মপুত্ৰ (Namami Brahmaputra)উৎসৱ কোটি কোটি খৰছ কৰি উদযাপন কৰিছিল । লক্ষ্য আছিল ব্ৰহ্মপুত্ৰৰ লগতে ব্ৰহ্মপুত্ৰৰ উপনৈসমূহ সুৰক্ষিত আৰু পৰিস্কাৰ কৰা । লক্ষ্য সঠিক আছিল যদিও চৰকাৰে উদ্দেশ্যে পূৰণত চৰম ব্যৰ্থতা প্ৰদৰ্শন কৰিছে । কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্ৰকাশ কৰা তথ্য অনুসৰি জাৱৰ যধে-মধে নদী আৰু জলাশয়বোৰত পেলোৱা,নদীৰ কাষত জাৱৰ পেলোৱা স্থান স্থাপন কৰা,নদী আৰু জলাশয়ত উদ্যোগ আৰু নলা-নৰ্দমাৰ পৰিশোধন নকৰাকৈ পেলোৱা আদি প্ৰধান কাৰণৰ বাবে নদী আৰু জলাশয়বোৰ প্ৰদূষিত হৈ পৰিছে ।

উল্লেখ যে কেন্দ্ৰীয় চৰকাৰে দেশৰ নদী আৰু পৰিস্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ বাবে ২০১৮ চনতে National river conservation plan (NRCP) প্ৰস্তত কৰিছিল যদিও প্ৰদূষিত নদীবোৰ পৰিস্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ বাবে প্ৰস্তুত কৰা National river conservation plan (NRCP) চৰকাৰী ফাইলতহে আৱদ্ধ হৈ আছে ।

লগতে পঢ়ক:Jishnu Baruah in Titabar : ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীক প্ৰশাসনিক সেৱাৰ প্ৰতি আগ্ৰহী হোৱা আহ্বান জিষ্ণু বৰুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.