Atul Bora Press Meet: অসমলৈ বহিঃৰাজ্যৰ গাহৰি-কুকুৰা আমদানিত প্ৰতিবন্ধকতা

author img

By

Published : Mar 11, 2023, 9:29 PM IST

Atul Bora Press Meet

জনতা ভৱনত কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাৰ সংবাদমেল ৷ অসমতো কিছু সংখ্যক লোকে কুকুৰৰ মাংস খায় (Dog meat controversy) । বহিঃৰাজ্যৰ পৰা গাহৰি আৰু মুৰ্গী আমদানি বন্ধ কৰাৰ ফলত অশুভ চক্ৰই বৃদ্ধি কৰিব নোৱাৰিব গাহৰি আৰু মুৰ্গীৰ মূল্য ৷ কুকুৰা উৎপাদনত স্বাৱলম্বী হোৱাৰ দিশে অসম । সংবাদমেলত এই কথা সদৰী মন্ত্ৰীগৰাকীৰ ৷

অসমলৈ বহিঃৰাজ্যৰ গাহৰি-কুকুৰা আমদানিত প্ৰতিবন্ধকতা

গুৱাহাটী, 11 মাৰ্চ: অব্যাহত আছে কুকুৰৰ মাংসৰ বিতৰ্ক । মহাৰাষ্ট্ৰৰ বিধায়ক বাচ্চু কাডুৱে অসমৰ মানুহে কুকুৰৰ মাংস খাই বুলি কৰা মন্তব্যৰ পাচতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত শনিবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই (Dog meat controversy) ।

জনতা ভৱনত সম্বোধন কৰা এখন সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে অসমতো কিছু সংখ্যক লোকে কুকুৰৰ মাংস খায় ৷ তেওঁৰ মতে বিশ্বৰ উন্নত দেশে অন্যান্য মাংসৰ লগতে কুকুৰৰ মাংসও খায় । বিৰোধীৰ হাতত কোনো ইছ্যু নাই বাবেই তেওঁলোকে মহাৰাষ্ট্ৰৰ বিধায়ক বাচ্চু কাডুৰ মন্তব্যকলৈ অনাহকত বিধানসভাত হুলস্থূল কৰিছে । অৱশ্যে তেওঁ বিষয়টো এৰাই চলাৰ প্ৰয়াস কৰে । উল্লেখ্য যে, এই প্ৰসংগকলৈ শুকুৰবাৰে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনটোতে বিৰোধীয়ে সদন উত্তাল কৰিছিল (Assam assembly session 2023)।

জনতা ভৱনত সংবাদমেল সম্বোধন কৰি মন্ত্ৰী বৰাই কয় যে দেশত বৃদ্ধি পোৱা ছোৱাইন ফ্লু আৰু এভিয়ান ইনফ্লুৱেঞ্জা সংক্ৰমণৰ বাবেই বহিঃৰাজ্যৰ পৰা অসমলৈ গাহৰি আৰু মুৰ্গী অনাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে (Restriction on pig and chicken import) । বহিঃৰাজ্যৰ পৰা গাহৰি আৰু মুৰ্গী আমদানি বন্ধ কৰাৰ ফলত অশুভ চক্ৰই যাতে গাহৰি আৰু মুৰ্গীৰ মূল্য বৃদ্ধি কৰিব নোৱাৰে তাৰ ওপৰত চৰকাৰে চোকা নজৰ ৰাখিছে বুলিও তেওঁ সংবাদমেলত কয়।

তেওঁ লগতে কয় যে মুৰ্গী উৎপাদনৰ ক্ষেত্ৰত অসম আত্মনিৰ্ভৰশীল হোৱাৰ দিশে গতি কৰিছে । থলুৱা গাহৰি আৰু কুকুৰা পালকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ অসম চৰকাৰে বাহিৰৰ ৰাজ্যসমূহৰ পৰা অসমলৈ গাহৰি আৰু কুকুৰাৰ পৰিবহনত প্ৰতিবন্ধকতা আৰোপ কৰিছে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শক্তিশালী নেতৃত্বত আমাৰ চৰকাৰে গাহৰি আৰু কুকুৰা পালন খণ্ডৰ বিকাশ আৰু পশুপালকসকলৰ সৰ্বাংগীণ কল্যাণ নিশ্চিতকৰণৰ বাবে যাৱতীয় সকলো পদক্ষেপ গ্ৰহণ কৰিছে বুলি অতুল বৰাই সদৰী কৰে ।

সংবাদমেলত অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সচিব অভিজিৎ বৰুৱা, সচিব তথা সঞ্চালক ইন্দিৰা কলিতা, অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ পৰিচালন সঞ্চালক অনিল দেউৰী উপস্থিত আছিল ।

লগতে পঢ়ক: Baresahariya Bhaona Controversy: বিতৰ্ক বন্ধ নকৰিলে ইছমাইল হুছেইনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ সকীয়নি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.