Bhattadev university Registrar Arrested: উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত বিশ্ববিদ্যালয়ক পঞ্জীয়ক

author img

By

Published : Aug 6, 2022, 5:34 PM IST

Bhattadev university Registrar Arrested

এইবাৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ৷ উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত পঞ্জীয়ক গুৰুপ্ৰসাদ খাটনিয়াৰ (Bhattadev University Registrar Arrested)৷

গুৱাহাটী, 6 আগষ্ট: এইবাৰ দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল নতুনকৈ প্ৰতিষ্ঠিত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত পঞ্জীয়ক গুৰুপ্ৰসাদ খাটনিয়াৰ (Guruprasad Khataniar) ৷ মাত্ৰ তিনিমাহ পূৰ্বে উচ্চ শিক্ষানুষ্ঠানখনৰ পঞ্জীয়ক হিচাবে নিযুক্তি আৰু মাত্ৰ 15 দিন পূৰ্বে বিত্তীয় লেনদেনৰ কৰ্তৃত্ব লাভ কৰা গুৰুপ্ৰসাদ খাটনিয়াৰক শনিবাৰে দুৰ্নীতি নিবাৰক শাখাৰ(Directorate of Vigilance and Anti Corruption) এটা দলে গুৱাহাটীৰ চানমাৰিত থকা নিজ বাসভৱনৰ পৰাই গ্ৰেপ্তাৰ কৰে(Bhattadev University Registrar Arrested) ৷

শীৰ্ষ আৰক্ষী বিষয়া জি পি সিঙে (SDGP GP Singh tweet) খাটনিয়াৰক দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে ঘোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পেলোৱা বুলি দাবী কৰিছে যদিও ঘটনাটোৰ সবিশেষ সদৰি কৰা নাই ৷

ইয়াৰ পাছতে আৰক্ষীৰ এটা দলে যুৱ ছাত্ৰ পৰিষদৰ স্থানীয় নেতা বিজন বায়নক সাক্ষী হিচাবে লগত লৈ ভট্টদেৱ বিশ্ববিদ্যালয়ত উপস্থিত হয় আৰু পঞ্জীয়কগৰাকীৰ কাৰ্যালয়ত তালাচী চলাই কাৰ্যালয়টো ছীল কৰি দিয়ে ৷ সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে ক্ষীপ্ৰগতিত তদন্ত চলাই থকা বুলি জি পি সিঙে জানিবলৈ দিয়ে ৷

ঠিকাদাৰৰ পৰা 1 লাখ টকাৰ উৎকোচ বিচাৰিছিল পঞ্জীয়কে

Bhattadev university Registrar Arrested
উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত বিশ্ববিদ্যালয়ক পঞ্জীয়ক

ঘটনা সন্দৰ্ভত শেহতীয়াভাৱে ৰাজ্যৰ দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে এক বিবৃতি প্ৰকাশ কৰিছে ৷ এই বিবৃতি অনুসৰি ভট্টদেৱ বিশ্ববিদ্যলয়ৰ চৌহদত মাটি পেলোৱাৰ বাবে PDW বিভাগে এজন ঠিকাদাৰক 32 লাখ টকাৰ ঠিকা আৱন্টন কৰিছিল ৷ কামটো সম্পন্ন হোৱাৰ পাছত ঠিকাদাৰজনে বিশ্ববিদ্যালয়ৰ পঞ্জীয়কগৰাকীক PWD বিভাগে মুকলি কৰা বিল দাখিল কৰি তেওৰ প্ৰাপ্য ধনৰাশি আদায় দিবলৈ অনুৰোধ জনাইছিল ৷

পিছে ঠিকাদাৰজনৰ এই ধনৰাশি মোকলোৱাৰ বাবদ 1 লাখ টকা ঘোট হিচাবে বিচাৰিছিল পঞ্জীয়ক গুৰুপ্ৰসাদ খাটনিয়াৰে ৷ পাছত ঘোচৰ পৰিমান 50 হাজাৰলৈ নামিছিল যদিও ঠিকাদাৰজনে ইতিমধ্যে দুৰ্নীতি নিবাৰক শাখাত অভিযোগ দাখিল কৰে ৷ এই অভিযোগৰ ভিত্তিতে আজি দুৰ্নীতি নিবাৰক শাখাই ঠিকাদাৰজনে পঞ্জীয়ক খাটনিয়াকৰ তেওৰ বাসগৃহত ধন দিয়াৰ সময়তে হাতে-লোটে ধৰা পেলায় (Arrested for taking bribe) ৷

লগতে পঢ়ক: Operation against corruption: ঘোচ লৈ হাতে-লোটে ধৰা পৰিল ৰেঞ্জাৰ-লাট মণ্ডল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.