অস্বাভাৱিক বিদ্যুৎ মাচুল বৃদ্ধিৰ সন্দৰ্ভত সুৰ সলালে এ পি ডি চি এল কৰ্তৃপক্ষই

author img

By

Published : Sep 21, 2022, 6:39 PM IST

Regarding abnormal electricity charges APDCL authorities change tune

যদি আপোনাৰ পৰা বিদ্যুৎ বিভাগে অতিৰিক্ত মাচুল আদায় কৰিছে তেনেহ'লে অভিযোগ দাখিল কৰক ১৯১২ অথবা হোৱাটছএপ নম্বৰ ৭৫৭৫৯৯৯৬৬৬ ত ৷এ পি ডি চি এলে মুকলি কৰিছে এই দুটা নম্বৰ ৷ আপোনাৰ অভিযোগৰ বিষয়টো পৰীক্ষা কৰি পৰৱৰ্তী মাহত সেই অতিৰিক্ত মাচুল বিদ্যুৎ বিলৰ সৈতে মিলাই দিয়া হ'ব ।

গুৱাহাটী, ২১ ছেপ্টেম্বৰ: অস্বাভাৱিক বিদ্যুৎ মাচুল বৃদ্ধি কৰা এ পি ডি চি এলে ৰাইজ তথা দল-সংগঠনৰ প্ৰতিবাদ-প্ৰতিক্ৰিয়া দেখি শেহতীয়াকৈ সুৰ সলাবলৈ বাধ্য হৈছে (Electricity tariff hike)। প্ৰথমে নিজৰ দোষ স্বীকাৰ নকৰা এ পি ডিচি এলে এতিয়া অস্বাভাৱিক হাৰত মাচুল বৃদ্ধি পোৱা বিষয়টো সমাধান কৰাৰ বাবে গ্ৰাহকক অভিযোগ দাখিলৰ সুবিধা প্ৰদান কৰিছে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্মার্ট মিটাৰৰ ক্ৰুটিপূর্ণ ৰিডিঙৰ বাবে মাচুল বৃদ্ধি পোৱাৰ কথা স্বীকাৰ কৰাৰ পিচতে আজি এ পি ডি চি এলে গ্ৰাহকক অভিযোগ দাখিল কৰাৰ বাবে দুটা নম্বৰ মুকলি কৰিছে । ইয়াৰে মৌখিক অভিযোগ দাখিলৰ নম্বৰটো হ'ল ১৯১২ আৰু হোৱাটছএপ নম্বৰটো হ’ল ৭৫৭৫৯৯৯৬৬৬ (APDCL launched WhatsApp number for filing complaints)।

মাহিলি বিদ্যুৎ বিল বৃদ্ধি পোৱা আৰু স্মার্ট মিটাৰ সংক্ৰান্তীয় অভিযোগ থকা গ্ৰাহকক এই নম্বৰ দুটাত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে এ পি ডি চি এলে । এ পি ডি চি এলে লগতে এই কথাও স্পষ্ট কৰিছে যে যদি কোনো গ্ৰাহকৰ পৰা অতিৰিক্ত মাচুল আদায় কৰা হৈছে তেনেহ'লে বিষয়টো পৰীক্ষা কৰি পৰৱৰ্তী মাহত সেই মাচুল বিদ্যুৎ বিলৰ সৈতে মিলাই দিব ।

Regarding abnormal electricity charges APDCL authorities change tune
অস্বাভাৱিক বিদ্যুৎ মাচুল সন্দৰ্ভত সুৰ সলালে এ পি ডি চি এল কৰ্তৃপক্ষই

আনহাতে উপভোক্তাক সমীপৰ উপ-সংমণ্ডল, সংমণ্ডল, চক্ৰ নাইবা এ পি ডি চি এলৰ সৈতে যোগাযোগ কৰাৰ বাবেও আহ্বান জনোৱা হৈছে । এ পি ডি চি এলে সকলো অভিযোগ পৰীক্ষা কৰি সংশোধন কৰিব আৰু যিকোনো ক্ৰুটিপূৰ্ণ স্মাৰ্ট মিটাৰ তাৎক্ষণিকভাৱে সলনি কৰাৰ কথাও কৰ্তৃপক্ষই সদৰি কৰিছে ।

উল্লেখ যে মাচুল বৃদ্ধিক লৈ এ পি ডি চি এলৰ ছফ্টৱেৰ সংক্ৰান্তীয় ক্ৰুটি আৰু স্মাৰ্ট মিটাৰ সংস্থাপনৰ অনিয়ম আদি বহু তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে (Excessive increase in electricity tariffs)। যাকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: হঠাতে এপিডিচিএলৰ লাভ বাঢ়িল কেনেকৈ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.