Lok Sabha 2024: ৰামদাস আঠৱালেৰ দলে লোকসভা নিৰ্বাচনত প্ৰাৰ্থী দিব আব্দুল খালেকৰ সমষ্টিত
Published: Mar 14, 2023, 10:26 PM


Lok Sabha 2024: ৰামদাস আঠৱালেৰ দলে লোকসভা নিৰ্বাচনত প্ৰাৰ্থী দিব আব্দুল খালেকৰ সমষ্টিত
Published: Mar 14, 2023, 10:26 PM
নাগালেণ্ডত ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়াৰ সফলতাৰ পিচতেই এইবাৰ আগন্তুক লোকসভা নিৰ্বাচনৰ লক্ষ্যৰে অসমত উপস্থিত হৈছে ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় সভাপতি তথা মন্ত্ৰী ৰামদাস আঠৱালে (Union Minister Ramdas Athawale press meet)৷
গুৱাহাটী ১৪ মাৰ্চ: আগন্তুক লোকসভা নিৰ্বাচনৰ লক্ষ্য আগত লৈ অসমত উপস্থিত হৈছেহি সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামদাস আঠৱালে (Lok Sabha 2024) ৷ মঙলবাৰে মন্ত্ৰীগৰাকীয়ে খানাপাৰাস্থিত ষ্টাফ কলেজত এক সংবাদমেল সম্বোধন কৰে (Union Minister Ramdas Athawale press meet) ৷ সংবাদমেলখনত উত্তৰ-পূৰ্বাঞ্চলক প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিগত ৯ বছৰে উত্তৰ-পূৰ্বাঞ্চলৰ যথেষ্ট উন্নয়ন হৈছে । উত্তৰ-পূৰ্বাঞ্চলত উদ্যোগিক উন্নয়নৰ বহু থল আছে । উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগ কৰিবলৈ মুম্বাইৰ প্ৰতিষ্ঠিত ব্যৱসায়ী মুকেশ আম্বানী, আদানীৰ সৈতে মই কথা পাতিম ৷
লগতে তেওঁ কয়, ‘‘আমাৰ ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়াই উত্তৰ-পূৰ্বাঞ্চলত খোজ পেলাইছো ৷ শেহতীয়াকৈ অনুষ্ঠিত হোৱা নাগালেণ্ড বিধানসভা নিৰ্বাচনত আমি দুখন আসন লাভ কৰিছো । আমাৰ পৰৱৰ্তী পৰিকল্পনা হৈছে অসমত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা ৷ সেয়েহে আগন্তক লোকসভা নিৰ্বাচনত ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়াই বিজেপিৰ লগত মিত্ৰতাৰে নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ৷’’
তেওঁ লগতে কয়, ‘‘আমি মুছলমানৰ অগ্ৰাধিকাৰ থকা সমষ্টিসমূহত নিৰ্বাচন খেলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো ৷ আমি এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে কথা পাতিম ৷ শেহতীয়াকৈ আমি অসমৰ দুটা সমষ্টিত নিৰ্বাচন খেলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ৷ ইয়াৰে এটা সমষ্টি হৈছে কংগ্ৰেছৰ সাংসদ আব্দুল খালেকে প্ৰতিনিধিত্ব কৰা বৰপেটা সমষ্টি ৷ অৱশ্যে আমি আনটো সমষ্টি এতিয়াও ঠিক কৰা নাই ।’’
ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে সংবাদমেলখনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সমালোচনা কৰি কয় যে, শেহতীয়াকৈ ইউ কে ভ্ৰমণৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিদেশলৈ গৈ ভাৰতক বদনাম কৰিছে । যেতিয়া আমি বিদেশলৈ যাওঁ তেতিয়া আমি আমাৰ দেশৰ প্ৰশংসা কৰা উচিত । আমি অৰ্থনৈতিক বিকাশ আৰু উন্নয়নমূলক কাম-কাজৰ ওপৰত আলোকপাত কৰা উচিত, কিন্তু ৰাহুল গান্ধীয়ে লণ্ডনলৈ গৈ মন্তব্য প্ৰকাশ কৰিছে যে ভাৰতীয় গণতন্ত্ৰ বিপদত ৷
দেশৰ প্ৰতিষ্ঠানসমূহৰ ওপৰত চৰকাৰে সম্পূৰ্ণ আক্ৰোশমূলক ব্যৱস্থা হাতত লৈছে ৷ লোকসভাৰ মজিয়াত যেতিয়া কোনো বিৰোধী সদস্যই গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে তেতিয়া প্ৰায়ে মাইক্ৰ'ফোন 'অফ' কৰি দিয়া হয় ৷ বিৰোধী নেতাজনৰ এই মন্তব্যই বিজেপি চৰকাৰক আক্ৰমণ কৰাৰ লগতে বিদেশৰ মাটিত ভাৰতক বদনাম কৰি, বিদেশী হস্তক্ষেপ বিচৰা বুলি অভিযোগ উত্থাপন কৰিছে মন্ত্ৰী আঠাৱালে ৷ এই সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আঠাৱালে ক্ষমা বিচাৰিবলৈ দাবী উত্থাপন কৰে ।
ইফালে মন্ত্ৰীগৰাকীয়ে কয় যে, আগন্তক লোকসভা নিৰ্বাচনত এন ডি এ য়ে 400 তকৈ অধিক আসন লাভ কৰিব ৷ ইয়াৰোপৰি চলিত বৰ্ষৰ 29 এপ্ৰিলত ৰিপাব্লিকান পাৰ্টী অৱ ইণ্ডিয়াৰ বেনাৰত গোৱালপাৰাত আজাদী কা অমৃত মহোৎসৱ অনুষ্ঠিত কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: SEBA Paper Leak Case : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ২২ জনক আটক
