Raijor Dol Protest: চৰকাৰী বিদ্যালয়ত শিক্ষাৰ গুণগত মান নিশ্চিত কৰাৰ দাবী ৰাইজৰ দলৰ

author img

By

Published : Aug 4, 2022, 5:24 PM IST

Raijor Dol

বৃহস্পতিবাৰে ৰাইজৰ দলে মহানগৰীৰ চচলস্থিত ধৰ্ণাস্থলীত শিক্ষা সম্পৰ্কে চৰকাৰে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Raijor Dol protest against new education system) ।

গুৱাহাটী, ৪ আগষ্ট : চৰকাৰী বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ গণিত, বিজ্ঞান বিষয় ইংৰাজী ভাষাত পাঠদান (Medium of Science and Mathematics English from class III) কৰা, শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণ (Provincialization of Schools) বন্ধ কৰা আদিকে ধৰি ৰাজ্যিক কেবিনেটে শিক্ষা সম্পৰ্কে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে ৰাইজৰ দলে (Raijor Dol opposed cabinet proposal) ।

চৰকাৰী বিদ্যালয়ত শিক্ষাৰ গুণগত মান নিশ্চিত কৰাৰ দাবী ৰাইজৰ দলৰ

বৃহস্পতিবাৰে ৰাইজৰ দলে মহানগৰীৰ চচলস্থিত ধৰ্ণাস্থলীত শিক্ষা সম্পৰ্কে চৰকাৰে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Raijor Dol protest against new education system) । প্ৰতিবাদকাৰীসকলে হাতে হাতে বিভিন্ন দাবী সন্মিলিত বেনাৰ ,ফেষ্টুন আদি লৈ চৰকাৰী বিদ্যালয়ত শিক্ষাৰ গুণগত মানদণ্ড নিশ্চিত কৰক, (Assam Government proposed new education system) বিদ্যালয় প্ৰদেশিকীকৰণ নকৰাৰ সিদ্ধান্ত বাতিল কৰক, গণিত আৰু বিজ্ঞান বিষয়ত দ্বিভাষিক পাঠ্যক্ৰম প্ৰস্তুত কৰক, মাতৃভাষাত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত NEP 2020 ৰ 4.14 আৰু 1.11 নিৰ্দেশনা (National Education Policy) বাহাল ৰাখক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত ৰাইজৰ দলৰ উপদেষ্টা ডঃ ঘনশ্যাম নাথ, উপ-সভাপতি দিলীপ বৰা, কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়া, উপ-সভাপতি অনিল বড়ো, সাধাৰণ সম্পাদক ৰাছেল হুছেইন, সাধাৰণ সম্পাদক চিন্ময় বড়াই মাতৃভাষাক হেয় প্ৰতিপন্ন কৰি শিক্ষা সম্পৰ্কে চৰকাৰে গ্ৰহণ কৰা কেবিনেট সিদ্ধান্ত কোনোপধ্যেই মানি লোৱা নহ'ব বুলি স্পষ্ট কৰি দিয়ে ।

প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত দিছপুৰ সংমণ্ডলৰ এচিপিৰ (ACP Dispur) জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন দাবী সন্মিলিত স্মাৰক-পত্ৰ প্ৰেৰণ কৰে (Memorandum to CM Himanta Biswa Sarma) ।

লগতে পঢ়ক :AASU protest : শিৱসাগৰৰ সামগ্ৰিক উন্নয়নৰ দাবীত আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.