B Borooah College Students Protest : প্ৰতিবাদত উত্তাল গুৱাহাটীৰ ঐতিহ্যমণ্ডিত বি বৰুৱা মহাবিদ্যালয়

author img

By

Published : Nov 19, 2022, 6:13 PM IST

Guwahati

ছাত্ৰ একতা সভাৰ নিৰ্বাচনত স্থগিতাদেশ জাৰি কৰাৰ পাছতে উত্তাল প্ৰতিবাদ বি বৰুৱা মহাবিদ্যালয়ত (Protest at B Borooah college)। মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে ক্ষোভিত শিক্ষাৰ্থীসকল । অধ্যক্ষৰ বিৰুদ্ধেও প্ৰতিবাদী শ্ল'গান দিলে শিক্ষাৰ্থীসকলে ।

গুৱাহাটী, ১৯ নৱেম্বৰ : গুৱাহাটীৰ ঐতিহ্যমণ্ডিত বি বৰুৱা মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী (Protest at B Borooah college)। মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন স্থগিত ৰখাক লৈ আদালতৰ এক নিৰ্দেশনাৰ পাছতে উত্তাল পৰিৱেশ বিৰাজ কৰে । নিৰ্বাচন স্থগিত ৰখা নিৰ্দেশৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়ৰ সন্মুখত বহি প্ৰতিবাদ সাব্যস্ত কৰে (Protests over suspension of student body elections)। উল্লেখ্য যে শনিবাৰে অৰ্থাৎ আজি অনুষ্ঠিত হোৱাৰ কথা আছিল নিৰ্বাচন ।

ছাত্র একতা সভাৰ সভাপতি বিশ্বজিৎ শৰ্মা আৰু সম্পাদক জনদ্বীপ পাঠকৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলে । কাৰ্যকাল বৃদ্ধিৰ স্বাৰ্থত মহাবিদ্যালয়খনৰ দুগৰাকী ছাত্ৰক ব্যৱহাৰ কৰি ন্যায়ালয়ৰ কাষ চপাৰ পাছতে এই স্থগিতাদেশ দিয়া বুলি অভিযোগ কৰে শিক্ষাৰ্থীসকলে । সভাপতি আৰু সম্পাদকে অধ্যক্ষৰ সৈতে মিলি আদালতৰ কাষ চপাৰ অভিযোগ ছাত্ৰ-ছাত্ৰীৰ । সেয়েহে এই গোচৰ অতি শীঘ্ৰে উঠাই লৈ ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনায় প্ৰতিবাদী শিক্ষাৰ্থীসকলে ।

উল্লেখ্য যে, গুৱাহাটীস্থিত বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আদালতে ইতিমধ্যে হস্তক্ষেপ কৰিছে । শুকুৰবাৰে কামৰূপ মহানগৰ জিলা দেৱানী আদালতে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত হস্তক্ষেপ কৰিছে । এক গোচৰৰ ভিত্তিত শুকুৰবাৰে কামৰূপ মহানগৰ জিলা দেৱানী আদালতে বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত হস্তক্ষেপ কৰি নিৰ্বাচনত স্থগিতাদেশ জাৰি কৰিছে ।

গোচৰটোৰ সপক্ষে আদালতত যুক্তি দৰ্শায় অধিবক্তা দীপক শৰ্মা আৰু বিশালদ্বীপ কাকতিয়ে । ইফালে নিৰ্বাচনত এইবাৰ ১৬ টা পদত ৫০ৰো অধিক প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল । ইয়াৰে গুৰু খেল আৰু সমাজ কল্যাণ বিভাগৰ ক্ৰমে ডেভিড বড়ো আৰু যুগল কেওতে বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছিল । ১৪ টা পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল ।

উত্তাল গুৱাহাটীৰ ঐতিহ্যমণ্ডিত বি বৰুৱা মহাবিদ্যালয়

এইবাৰ সভাপতিৰ পদত ৪ গৰাকী আৰু সাধাৰণ ‌সম্পাদকৰ পদত ৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল । শিক্ষাৰ্থীসকলৰ অভিযোগ আদালতে নীতি বহিৰ্ভূতভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে । ইফালে কেতিয়া পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব সেয়াও কোনো স্পষ্ট উল্লেখ কৰা নাই আদালতে (B Borooah student body election controversy)। নিয়ম অনুসৰি নিৰ্বাচনৰ প্ৰপত্ৰ পূৰণ কৰাৰ পাছতে তিনিদিনৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে ।

কিন্তু প্ৰপত্ৰ পূৰণ কৰাৰ পাছতে তিনিদিনৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত নকৰাৰ বাবে আদালতে বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত হস্তক্ষেপ কৰি নিৰ্বাচনত স্থগিতাদেশ দিছে । যোৱা ১৬ নৱেম্বৰত নিৰ্বাচনৰ প্ৰপত্ৰ পূৰণ কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছিল । সেইমতে ১৮ নৱেম্বৰৰ ভিতৰত নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব লাগিছিল ।

লগতে পঢ়ক :Municipal employees protest: বিভিন্ন দাবীৰে হোজাইৰ পৌৰ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.