Protest in Guwahati: আম্বানীৰ চিৰিয়াখানালৈ অসমৰ জন্তু প্ৰেৰণৰ বিৰুদ্ধে প্ৰতিবাদ, আটক প্ৰতিবাদকাৰী

author img

By

Published : Nov 19, 2022, 5:33 PM IST

Updated : Nov 19, 2022, 6:41 PM IST

Protest in Guwahati

শীঘ্ৰে আম্বানীৰ ব্যক্তিগত চিৰিয়াখানালৈ প্ৰেৰণ কৰা হ’ব অসম ৰাজ্যিক চিৰিয়াখানাৰ জন্তু ৷ যাক লৈ এতিয়া সৰৱ হৈ পৰিছে এতিয়া ৰাজ্যৰ দল-সংগঠনসমূহ ৷ শনিবাৰেও অসম ৰাজ্যিক চিৰিয়াখানাৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ আহিছিল চিৰিয়াখানা সুৰক্ষা মঞ্চ, প্ৰদেশ কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ বহু সদস্যই (Protest in front of Assam State Zoo Guwahati)৷ কিন্তু প্ৰতিবাদ কৰাৰ পূৰ্বেই অসম আৰক্ষীয়ে আটক কৰে প্ৰতিবাদকাৰীক ৷

গুৱাহাটী, ১৯ নৱেম্বৰ : চৰ্চাত অসম ৰাজ্যিক চিৰিয়াখানা ৷ শীঘ্ৰে দেশৰ আগশাৰীৰ উদ্যোগপতি আম্বানীৰ ব্যক্তিগত চিৰিয়াখানালৈ প্ৰেৰণ কৰা হ’ব অসম ৰাজ্যিক চিৰিয়াখানাৰ জন্তু ৷ যাক লৈ এতিয়া গৰজি উঠিছে ৰাজ্যৰ একাংশ দল-সংগঠন ৷ অসমৰ জন্তু প্ৰেৰণৰ বিৰোধীতা কৰি শনিবাৰে অসম ৰাজ্যিক চিৰিয়াখানাৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ আহিছিল চিৰিয়াখানা সুৰক্ষা মঞ্চ, প্ৰদেশ কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ বহু সদস্যই ৷

কিন্তু প্ৰতিবাদ কৰাৰ পূৰ্বে প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে বাধা প্ৰদান কৰে । প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে আটক কৰি লৈ যায় চচললৈ । আনকি চৰকাৰে প্ৰতিবাদকাৰীক বাধা দিবলৈ যথেষ্ট সংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোকক মোতায়ন কৰা পৰিলক্ষিত হয় ৷

সংবাদ মাধ্যমৰ আগত প্ৰতিবাদকাৰীসকলে উল্লেখ কৰা অনুসৰি, অসম ৰাজ্যিক চিৰিয়াখানা বন্ধ কৰাৰ বাবে ষড়যন্ত্ৰ কৰিছে চৰকাৰে । চিৰিয়াখানা ধ্বংস কৰি চিৰিয়াখানাৰ 1200 বিঘা মাটি বনিয়াক গোটাই দিয়াৰ ষড়যন্ত্ৰ কৰিছে । চিৰিয়াখানাখনক ৰাজ্য চৰকাৰে সুৰক্ষা দিব পৰা নাই বুলিও মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ।

অসম আৰক্ষীয়ে আটক কৰি নিয়া প্ৰতিবাদকাৰীৰ মাজত আছিল অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, অসম তৃণমূল কংগ্ৰেছৰ দিলীপ শৰ্মা, চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যকে আদি কৰি আৰু বহুতো ৷

আম্বানীৰ চিৰিয়াখানালৈ অসমৰ জন্তু প্ৰেৰণৰ বিৰুদ্ধে প্ৰতিবাদ

উল্লেখ্য যে, দেশৰ আগশাৰীৰ উদ্যোগপতি আম্বানীৰ জামনগৰস্থিত ৰিলায়েন্সৰ ব্যক্তিগত চিৰিয়াখানালৈ যাব অসম ৰাজ্যিক চিৰিয়াখানাৰ দুটাকৈ গঁড় । ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে অসম ৰাজ্যিক চিৰিয়াখানাই (Assam Rhino to Ambani Zoo) । গুজৰাটৰ জামনগৰস্থিত ৰিলায়েন্সৰ ব্যক্তিগত চিৰিয়াখানা Greens Zoological Rescue and Rehabilitation Centre লৈ নিয়া হ'ব তিনি বছৰীয়া বিশ্বনাথ আৰু সুকানি নামৰ গঁড় দুটা ।

তাৰ বিনিময়ত অৱশ্যে অসম ৰাজ্যিক চিৰিয়াখানাই একো জন্তু নাপাব (Assam State Zoo and Botanical Garden) ৷ ইফালে এই কাৰ্যক লৈ জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল-সংগঠনসমূহ । আনহাতে, কেন্দ্ৰীয় চিৰিয়াখানা কর্তৃপক্ষৰ অনুমতি সাপেক্ষে আম্বানিৰ চিৰিয়াখানালৈ গঁড় দুটা প্ৰেৰণ কৰা হ’ব বুলি মন্তব্য কৰিছে অসম ৰাজ্যিক চিৰিয়াখানাৰ ডিএফঅ’ (DFO) অশ্বিনী কুমাৰে (DFO of Assam State Zoo) ৷

লগতে পঢ়ক : Reliance Zoo Jamnagar: আম্বানিৰ চিৰিয়াখানাত বন্দী হ'ব অসমৰ জাতীয় স্বাভিমান গঁড়

Last Updated :Nov 19, 2022, 6:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.