Municipal workers protest: চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে চচলত পৌৰ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Nov 22, 2022, 11:07 PM IST

Protest by Municipal workers in chachal

চাফাই, ফিক্সড পে কৰ্মচাৰীকে ধৰি ৰাজ্যৰ ৬,৮০০ জন পৌৰ কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া সমস্যা সমূহ সমধানৰ দাবীত পৌৰ কৰ্মীয়ে মঙলবাৰে উত্তাল কৰি তোলে গুৱাহাটীৰ চচলৰ প্ৰতিবাদস্থলী(Protest by Municipal workers) ৷

গুৱাহাটী,২২ নৱেম্বৰ: চাফাই, ফিক্সড পে কৰ্মচাৰীকে ধৰি ৰাজ্যৰ ৬,৮০০ জন পৌৰ কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া সমস্যা সমূহ সমধানৰ দাবীত মঙলবাৰে পৌৰ কৰ্মীয়ে উত্তাল কৰি তোলে গুৱাহাটীৰ চচলৰ প্ৰতিবাদস্থলী(Protest by Municipal workers) ৷ চৰকাৰৰ বঞ্চনাৰ প্ৰতিবাদত সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ উদ্যোগত দিনৰ ১১ বজাৰ পৰা ২ বজালৈ ৰূপায়ণ কৰা আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় দুই সহস্ৰাধিক প্ৰতিবাদী পৌৰকৰ্মীয়ে হাতে হাতে দাবী সম্বলিত প্লে' কাৰ্ড লৈ মাহৰ শেষত কৰ্মচাৰী সকলৰ দৰমহা আদায় দিয়াৰ ব্যৱস্থা কৰক, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পৌৰকৰ্মচাৰীসকলৰ চাকৰি চৰকাৰীকৰণৰ ব্যৱস্থা কৰক, চৰকাৰৰ কেবিনেট সভাই অনুমোদন কৰা পৌৰসভাৰ সুনিৰ্দিষ্ট কৰ্মচাৰীৰ গাঁঠনি (Staffing Pattern) ৰ চৰকাৰী অধিসূচনা জাৰি কৰক, চাফাই কৰ্মচাৰীসকলৰ লগতে ফিক্সড পে আৰু ঠিকাভিত্তিত নিয়োজিত পৌৰ কৰ্মচাৰীসকল ৰ চাকৰি নিয়মীয়াকৰণ কৰি পে-স্কেল আদায় দিয়াৰ ব্যৱস্থা কৰক আদি শ্লোগানৰে সাব্যস্ত কৰে প্ৰতিবাদ ।

চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে চচলত পৌৰ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ সভাপতি সুনীল কুমাৰ শৰ্মা আৰু সম্পাদক গিয়াছ আলীযে কয় যে, সন্থাই সুদীর্ঘ ৪৭ বছৰ ধৰি পৌৰ কৰ্মচাৰীসকলৰ চাকৰি চৰকাৰীকৰণ কৰি মাহৰ শেষত দৰমহা আদায় দিয়াৰ নিশ্চিত কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত বাৰাম্বাৰ দাবী জনাই অহা হৈছে যদিও কোনো কাণসাৰ নাই চৰকাৰৰ ।

সন্থাৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সহাৰি জনাই ২০২১ বৰ্ষত ৰাজ্য চৰকাৰে পৌৰ কৰ্মচাৰীসকলৰ চাকৰি চৰকাৰীকৰণৰ বাবে তদানীন্তন নগৰ উন্নয়ন মন্ত্ৰী পীযুষ হাজৰিকা তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত ৰাজ্যখনৰ পৌৰ কৰ্মচাৰী সকলৰ চাকৰি চৰকাৰীকৰণৰ কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰে আৰু সেই বৰ্ষৰে ৩১ মেত ৰাজপত্ৰিত জাননী জাৰি কৰা হয় । কিন্তু আশ্চর্যজনকভাৱে ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগে আজি পৰ্যন্ত এই ক্ষেত্ৰত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাত আক্ষেপ প্ৰকাশ কৰে সংশ্লিষ্ট কৰ্মচাৰীসকলে ।

পৌৰকৰ্মচাৰী সকলক আন্দোলনমুখী হ'বলৈ নিদি সমস্যাসমূহ আন্তৰিকতাৰে সমাধান কৰাৰ বাবে চৰকাৰৰ ওচৰত আহ্বান জনায় । আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰেও অংশ গ্ৰহণ কৰে।আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অন্তত সন্থাৰ তৰফৰ পৰা কেইবাটাও দাবী সম্বলিত স্মৰক পত্ৰ দিছপুৰ থানা ৰ এ চি পি হিমাংশু দাসৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী,বিত্ত মন্ত্ৰী আৰু গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰিলৈ প্ৰেৰণ কৰে । চৰকাৰে তেওঁলোকৰ দাবীসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে অহা ২৫ নৱেম্বৰত পৌৰ কৰ্মচাৰীয়ে ৰাজ্যজুৰি এদিনীয়া সৰ্ব্বত্মক কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ন কৰিবলৈ বাধ্য হব বুলি সকিয়াই দিয়ে ।

লগতে পঢ়ক: Bhupen Bora reaction: চৰকাৰে ৰাজ্যবাসীক নিৰাপত্তাহীনতাৰ মাজলৈ ঠেলি দি ৰং চোৱাত ব্যস্ত: ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.