Protest against SEBA : প্ৰতিবাদত উত্তাল ছেবাৰ কাৰ্যালয়

author img

By

Published : Mar 13, 2023, 7:50 PM IST

Protest against SEBA

মেট্ৰিকৰ বিজ্ঞানৰ পৰীক্ষা বাতিল হোৱাৰ পাচতে সোমবাৰে উত্তাল ছেবাৰ কাৰ্যালয় (Protest against SEBA at SEBA office)। শিক্ষামন্ত্ৰী আৰু ছেবা কৰ্তৃপক্ষৰ বিৰুদ্ধে SFI, আম আদমী পাৰ্টী , কৃষক মুক্তি সংগ্ৰাম সমিতি, তৃণমূল কংগ্ৰেছে ৰূপায়ণ কৰে এই প্ৰতিবাদ ৷

গুৱাহাটীস্থিত ছেবাৰ কাৰ্যালয়ত প্ৰতিবাদ

গুৱাহাটী, ১৩ মাৰ্চ : এইবাৰ প্ৰতিবাদী কণ্ঠত কঁপিছে গুৱাহাটীস্থিত ছেবাৰ কাৰ্যালয় (Protest against SEBA at SEBA office) ৷ শিক্ষামন্ত্ৰী হায় হায়, ছেবা হায় হায়, শিক্ষামন্ত্ৰী পদত্যাগ কৰক, শিক্ষাৰ্থীসকলৰ ভৱিষ্যত জীৱনৰ লগত হেতালি খেলিবলৈ দিয়া নহ'ব, বিজেপি চৰকাৰ হুচিয়াৰ আদি শ্ল’গানত সোমবাৰে উত্তাল হ’ল ছেবাৰ চৌহদ । মেট্ৰিকত সাধাৰণ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিলক লৈ SFI, আম আদমী পাৰ্টী, কৃষক মুক্তি সংগ্ৰাম সমিতি, তৃণমূল কংগ্ৰেছে সাব্যস্ত কৰে এই প্ৰতিবাদ ।

প্ৰতিবাদকাৰীৰ দাবী নৈতিক দায়িত্ব স্বীকাৰ কৰি শিক্ষামন্ত্ৰী আৰু ছেবাৰ সচিবে পদত্যাগ কৰক ৷ লগতে প্ৰশ্ন কাকত ফাদিলৰ বিষয়টোৰ স্বচ্ছ আৰু নিকা তদন্ত কৰি দোষীক আইনৰ আওতালৈ আনক (HSLC general science question paper leak) ৷ সংবাদ মাধ্যমৰ আগত প্ৰতিবাদকাৰীয়ে কয়, ‘‘হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নিচিনা এটা গুৰুত্বপূৰ্ণ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ দায়িত্ব ছেবাৰ লগতে অসমৰ শিক্ষা বিভাগৰ । পূৰ্বতে অনুষ্ঠিত হোৱা গণিত আৰু ইংৰাজী পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ কথা পোহৰলৈ আহিছে ৷ কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল’’ ।

লগতে পঢ়ক : HSLC Gen Science exam: 30 মাৰ্চত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা

লগতে প্ৰতিবাদকাৰীয়ে কয়, ‘‘আগতেও হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহী গৰুৱে খোৱাৰ নিচিনা ঘটনা সংঘটিত হৈছে । বছৰ ধৰি বছৰ এনে ঘটনা হোৱাৰ পিচতো অসমৰ শিক্ষা বিভাগে কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা নাই । ইয়াৰ বিপৰীতে মাধ্যম বিতৰ্ক, চৰকাৰী মাধ্যমৰ বিদ্যালয়ত মাচুল লোৱা, বিদ্যালয় বন্ধ কৰা, পদ বিলুপ্তিকৰণ কৰাতহে ব্যস্ত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষা বিভাগ’’ ।

প্ৰতিবাদকাৰীয়ে আৰু কয়, ‘‘অসমক ভাৰতৰ পাঁচখন ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ়ি তুলিব বিচৰা মাননীয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলি আছে (2023 HSLC question paper leak)। ছেবা অসমৰ জাতীয় অনুষ্ঠান । ছেবাৰ নিচিনা এটা জাতীয় অনুষ্ঠানক সঠিক ৰূপত কাৰ্যক্ষম কৰি ৰখাৰ দায়িত্ব শিক্ষা বিভাগ আৰু অসম চৰকাৰৰ'' ।

এনে এক সময়ত বিষয়টোৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীক আশ্বস্ত কৰিব পৰা মন্তব্য দিয়াৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী তথা অন্যান্য বিভাগীয় মন্ত্ৰী বিধায়কৰ দায় সৰা মন্তব্য কোনোপধ্যে গ্ৰহণযোগ্য নহয় । এছ এফ আইয়ে ছেবাৰ অধ্যক্ষ তথা শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰক লগতে প্ৰশ্ন কাকত ফাদিলৰ ক্ষেত্ৰত স্বচ্ছ নিকা তদন্ত ঘোষণা কৰাৰ দাবী জনায় ।

লগতে পঢ়ক : Protest against SEBA : বাতিল হ’ল বিজ্ঞানৰ পৰীক্ষা; ৰাজ্যত জ্বলিছে শিক্ষামন্ত্ৰীৰ পুত্তলিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.