শিল্পী অপূৰ্ব বেজবৰুৱা আৰু নাই

author img

By

Published : Feb 9, 2022, 7:14 PM IST

Updated : Feb 9, 2022, 8:22 PM IST

Apurba Bezbaruah passes away

শিল্পী অপূৰ্ব বেজবৰুৱা আৰু নাই ৷ বুধবাৰে সন্ধিয়া 6 বাজি 30 মিনিটত শেষ নিশ্বাস ত্যাগ কৰিলে শিল্পীগৰাকীয়ে(Apurba Bezbaruah passes away) ৷

নিউজ ডেস্ক: বহু মানুহৰ সৈতে চিনাকি হৈ নিবিচাৰো আজি কাকো বুলি কৈ গ’লগৈ অসমীয়া সংগীত জগক কেইবাহাজাৰো গীত উপহাৰ দিয়া শিল্পী অপূৰ্ব বেজবৰুৱা ৷

১৯৫১ চনৰ ১৫ অক্টোবৰত জন্মলাভ কৰা শিল্পীগৰাকীয়ে অসমীয়া সাংস্কৃতিক জগতক শোক সাগৰত ডুবাই ইহ সংসাৰ ত্যাগ কৰিলে ৷ মঙলবাৰে পুৱাতেই অসুস্থ হৈ পৰা শিল্পীগৰাকীক সংকটজনক অৱস্থাত দিছপুৰ পলিক্লিনিকত ভৰ্তি কৰোৱাৰ পিছতে চিকিৎসকে দিছিল বেয়া খবৰ । ব্ৰেইন ষ্ট্ৰক হৈছিল শিল্পীগৰাকীৰ ৷ চিকিৎসকৰ অপাৰ চেষ্টাৰ পিছতো বুধবাৰে কাল সন্ধিয়া 6 বাজি 30 মিনিটত নিয়তিৰ ওচৰত হাৰ মানিলে দুহেজাৰৰো অধিক গীতৰ স্ৰষ্টাগৰাকী ৷

এগৰাকী কবি, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক হিচাপে অসমবাসীৰ হৃদয়ত স্থান লৈছিল অপূৰ্ব বেজবৰুৱাই ৷ মাইজান তোকে দেখা পাই, তোৰে মন পাবলৈ চেনাই মই বলিয়া, চিলমিল টোপনীতে, চাহ গছৰ আঁৰত লুকাই, লগ দিয়া কথা আছিল নৈৰে ঘাটত, অ’ তৰা মাই বিহুৱান মোলৈ বৈছ’নে নাই, চেনাই তোৰ পেঁপাৰে মাত আদি অলেখ কালজয়ী গীতৰ স্ৰষ্টা আছিল অপূৰ্ব বেজবৰুৱা ৷ ইয়াৰোপৰি প্ৰায় দুই শতাধিক অধিক অডিঅ’ কেছেটত কন্ঠদান কৰে শিল্পীগৰাকীয়ে । শিল্পীগৰাকীৰ কলমেৰে নিগৰা গীতে প্ৰাণ পাইছিল সুধাকণ্ঠৰ পৰা নতুন প্ৰজন্মৰ বহু কণ্ঠশিল্পীৰ কণ্ঠত ৷

বুকুৰ মাজত জ্বলে, ৰঙা নদী, অভিশপ্ত প্ৰেম, সোঁণৰ খাৰু নালাগে আদি বহুকেইখন চলচ্চিত্ৰৰ বাবেও গীত ৰচনা কৰিছিল অপূৰ্ব বেজবৰুৱাই ৷

70 দশকৰে পৰা সংগীতৰ সাধনা কৰি অহা শিল্পীগৰাকীৰ অবৰ্তমানৰ খবৰ লাভ কৰাৰ পিছতে শোকস্তব্ধ হৈ পৰে অনুৰাগীসকল ৷ অসমীয়া সংগীত জগতক এক সুকীয়া মাত্ৰা প্ৰদান কৰা শিল্পীগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰে ৷

লগতে পঢ়ক: পৰম বীৰ চক্ৰ সন্মানেৰে পুৰস্কৃত সঞ্জয় কুমাৰক সুবেদাৰ মেজৰ পদলৈ পদোন্নতি

Last Updated :Feb 9, 2022, 8:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.