জিৰণি নোলোৱাকৈ অব্যাহত থাকিব বিকাশৰ ধাৰা : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Nov 2, 2021, 10:12 PM IST

press conference of himanta biswa sharma

বিজেপি মিত্রজোঁটৰ প্ৰ‍াৰ্থীক জয়যুক্ত কৰাৰ বাবে ভোটাৰ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই । গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ।

গুৱাহাটী, ২ নবেম্বৰ : উপ-নিৰ্বাচনত পাঁচটা সমষ্টিতে বিজেপি মিত্রজোঁটৰ প্ৰ‍াৰ্থীক জয়যুক্ত কৰাৰ বাবে ভোটাৰ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই । উপ-নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পাছতেই গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ।

জিৰণি নোলোৱাকৈ অব্যাহত থাকিব বিকাশৰ ধাৰা

সংবাদমেলত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয়, পাঁচটা সমষ্টিতে বিজেপি আৰু ইউ পি পি এলৰ প্ৰাৰ্থীয়ে বিপুল ভোটৰ ব্যৱধানত জয়ী হৈছে । আমি নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি বাস্তৱত ৰূপায়ণ কৰিম । পাঁচমাহৰ এই চৰকাৰখনক ৰাইজে মৰম দিছে, সমৰ্থন কৰিছে । তাৰ বাবে আমি ৰাইজক কৃতজ্ঞতা জনাইছো ।'

তেওঁ লগতে কয় যে, এই জনাদেশৰ পাছত বিজেপি মিত্রজোঁটে ৰাজ্যখনৰ বিকাশৰ বাবে আৰু অধিক দূৰন্ত গতিত আগুৱাই যোৱাৰ প্ৰেৰণা পাইছে । ৰাইজে আমাক জিৰণি লোৱাৰ বাবে ভোট দিয়া নাই বুলি উল্লেখ কৰি তেওঁ কয়, আমি জিৰণি নোলোৱাকৈ ৰাইজৰ সেৱা কৰি যাম । আমাৰ দল জনতাৰ সেৱাৰ বাবে উৎসৰ্গিত ।

লগতে পঢ়ক: অভিলেখ সৃষ্টি কৰি দ্বিতীয়বাৰৰ বাবে ভৱানীপুৰৰ বিধায়ক হ'ল ফণী তালুকদাৰ

বিগত ছয় মাহত চৰকাৰখনে বিভিন্ন দিশত সেৱা আগবঢ়াবলৈ সক্ষম হৈছে । সকলোকে বিশ্বাসত লৈ আমি আগুৱাই যাম । আমি অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৫জন ৰাজ্যৰ এখন হিচাপে গঢ়াৰ বাবে আমি কাম কৰি যাম বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ভৱানীপুৰ সমষ্টিটোকলৈ জাতিটোৰ বাবে এটা লজ্জাৰ কাৰণ হৈ আছিল । অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্মভূমি ভৱানীপুৰ সমষ্টি ২০০৬ চনৰ পৰা এ আই ইউ ডি এফৰ দখলত আছিল । ইয়াৰ পূৰ্বে সমষ্টিটো অগপৰ দখলত আছিল । ২০০৬ চনৰ পৰা ২০২১ লৈ থকা সেই বেদনাৰ যেন আজি প্ৰাপ্তিলৈ ৰূপান্তৰিত হ'ল ।'

আনহাতে কংগ্ৰেছৰ অভিযোগ সন্দৰ্ভত তেওঁ কয়, উন্নয়নৰ ৰাজনীতি কৰ‍াটো ভুল যদি মোৰ ক'বলগীয়া একো নাই । কংগ্ৰেছৰ বিধায়কসকলেই মোক কৈছে যে তেওঁলোক জয়ী হ'ব নোৱাৰে । দহ-বাৰজন বিধায়কে নিশা ১২.৩০ বজালৈ মোৰ লগত কথা পাতি কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী নোহোৱাৰ কথা স্বীকাৰ কৰিছে ৷ সভাপতিৰ লগত থকা মানুহেও হাৰিম বুলি কৈছে ।'

মাজুলীত উপ-নিৰ্বাচন হ'ব । আমি কৰা উন্নয়নমূলক কামৰ বাবে দুই-তিনিটা সমষ্টিৰ ৰাইজে উপ-নিৰ্বাচন বিচাৰিছে । আমি আৰু উপ-নিৰ্বাচন বিচৰা নাই । সন্মুখত পৌৰসভা নিৰ্বাচন আছে । সকলো ঠিকে থাকিলে ফেব্ৰুৱাৰীত পৌৰ সভাৰ নিৰ্বাচন হ'ব । মোৰ লক্ষ্য হৈছে ১২৬ টা সমষ্টিতে বিজেপিৰ জয় হোৱাটো ৷ উপনিৰ্বাচনত এইবাৰ সংখ্যালঘু সম্প্ৰদায়ৰ ভোটাৰ ৰাইজে বিপুল হাৰত বিজেপিৰ পক্ষত ভোটদান কৰা বুলি মুখ্যমন্ত্রীগৰাকীয়ে সদৰী কৰে ।

লগতে পঢ়ক: হাঁহি হাঁহি ৰূপজ্যোতি কুৰ্মীয়ে ক'লে কংগ্ৰেছ আৰু অখিল শেষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.