Fraud Travel Agent in Guwahati : ট্ৰেভেল এজেঞ্চিৰ নামত মহানগৰীত প্ৰৱঞ্চনাৰ জাল

Fraud Travel Agent in Guwahati : ট্ৰেভেল এজেঞ্চিৰ নামত মহানগৰীত প্ৰৱঞ্চনাৰ জাল
ট্ৰেভেল এজেঞ্চিৰ নামত গ্ৰাহকক প্ৰৱঞ্চনা কৰা এটা প্ৰৱঞ্চকক সোমবাৰে গুৱাহাটীত গ্ৰেপ্তাৰ কৰে ৷ ভিছাৰ লগতে বিমানৰ টিকটৰ নামত ধন আত্মসাতৰ পাচতে জালত পৰে প্ৰৱঞ্চকটো (Fraud Travel Agent in Guwahati)৷
গুৱাহাটী, ২৩ জানুৱাৰী : চানমাৰি আৰক্ষীৰ জালত পৰলি প্ৰৱঞ্চক ৷ ট্ৰেভেল এজেঞ্চিৰ নামত মহানগৰীত প্ৰৱঞ্চনাৰ জাল পাতিছিল প্ৰৱঞ্চকটোৱে (Fraud Travel Agent in Guwahati)৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰৱঞ্চকটোৰ নাম অংশুমান পাল ৷ এজন গ্ৰাহকক ১.৮০ লাখ টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত মহানগৰ আৰক্ষীয়ে সোমবাৰে প্ৰৱঞ্চক অংশুমান পালক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, শেহতীয়াকৈ এগৰাকী ভুক্তভোগীয়ে চানমাৰি আৰক্ষীৰ কাষ চাপি পালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷
ভুক্তভোগীয়ে ব্ৰিটেইনত থকা নিজৰ কন্যাক লগ ধৰাৰ পৰিকল্পনা কৰিছিল আৰু চলিত বৰ্ষৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত পালৰ মালিকানাধীন ভিছা কনচালটেণ্ট কোম্পানী ডিস্ক’ভাৰী ট্যুৰছ এণ্ড ট্ৰেভেলছৰ সৈতে যোগাযোগ কৰিছিল (Travel agency in Guwahati)৷ ভিছা অনুমোদন আৰু বিমানৰ টিকটৰ আশ্বাস দি ১.৮০ লাখ টকা লৈছিল অংশুমান পালে ৷ অৱশ্যে ভুক্তভোগীয়ে ধন দিয়াৰ পিচত পালৰ ফালৰ পৰা কোনোধৰণৰ যোগাযোগ হোৱা নাই ৷
উল্লেখ্য যে, পল্টন বজাৰ অঞ্চলৰ নেপালী মন্দিৰৰ(Nepali Mandir Guwahati) সমীপত পলৰ কাৰ্যালয় আছিল যদিও ২০২১ চনৰ পৰা ফটাশিল আমবাৰী অঞ্চলৰ ঘৰৰ পৰাই তেওঁ ব্যৱসায় চলাই আহিছে ৷ পূৰ্বেও এইদৰে বহুলোকক প্ৰবঞ্চনা কৰাৰ অভিযোগ আছে অংশুমান পালৰ বিৰুদ্ধে ৷
মনকৰিবলগীয়া যে, অংশুমান পালৰ প্ৰৱঞ্চনাৰ জালত পৰিছিল প্ৰায় ১০০ ৰো অধিক লোক ৷ প্ৰৱঞ্চনাৰ জালত পৰিছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ লগতে সমাজৰ বহু আগশাৰীৰ লোক ৷ অংশুমান পালে অনলাইনযোগে টিকটৰ বাবে ধন সংগ্ৰহ কৰি প্ৰবঞ্চনা কৰিছিল বহুতকে ৷ সোমবাৰে তেওঁক ফটাশিল আমবাৰী বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে অভিযুক্তৰ দুটা মোবাইল ফোনো জব্দ কৰে । ভাৰতীয় দণ্ডবিধি আইনৰ ৪০৬ আৰু ৪২০ ধাৰাৰ অধীনত ২৩/২০২৩ নম্বৰত গোচৰ ৰুজু কৰি এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷
আনহাতে বৃহস্পতিবাৰে মহানগৰ আৰক্ষীয়ে নগাঁও আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে আন এটা প্ৰৱঞ্চকক ৷ বিভিন্ন ট্ৰেভেল এজেঞ্চিৰ পৰা ভাড়ালৈ বুলি গাড়ী লৈ বিক্ৰী কৰাৰ উপৰিও বন্ধকত দি আহিছিল প্ৰৱঞ্চকটোৱে (Fraud sold rented car in Guwahati)৷ প্ৰৱঞ্চকটোৱে ভাড়ালৈ নি বিক্ৰী কৰাৰ লগতে বন্ধকত থোৱা 9 খন গাড়ী উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ গাড়ীকেইখন উদ্ধাৰ কৰাৰ লগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ঋষি ৰাজখোৱা নামৰ প্ৰৱঞ্চকটোক ৷
লগতে পঢ়ক: Fraud Arrested in Guwahati : অভিনৱ কৌশলেৰে গাড়ী চুৰি কৰি জালত পৰিল প্ৰৱঞ্চক
