পল্টনবজাৰত ৰিক্সাৱালাৰ পৰা উদ্ধাৰ গুলীসহ পিষ্টল

author img

By

Published : Sep 19, 2022, 12:26 PM IST

Updated : Sep 19, 2022, 3:02 PM IST

Etv Bharatpistol-seized-from-a-rickshaw-driver-at-paltanbazar

নিশা মহানগৰীত পিষ্টল লৈ অবাধে মুক্ত বিচৰণ ৰিক্সাৱালাৰ ৷ পল্টনবজাৰ আৰক্ষীয়ে দেওবাৰে নিশা পাঁচজাই গুলীসহ এটা পিষ্টল জব্দ কৰে (pistol seized from a rickshaw driver)৷

গুৱাহাটী, ১৯ ছেপ্টেম্বৰ: নিশাৰ মহানগৰীত পিষ্টল লৈ ৰিক্সাৱালাৰ দপদপনি ৷ দেওবাৰে নিশা পল্টনবজাৰত অবৈধ পিষ্টল জব্দ কৰে (pistol seized from a rickshaw driver)৷ নিশা এজন ৰিক্সাৱালাই হাতত পিষ্টল দেখুৱাই মানুহক ভাবুকি দি থকাৰ খবৰ লাভ কৰাৰ লগে লগে পল্টনবজাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় ৷

আৰক্ষীয়ে ৰিক্সাৱালা অজয় কুমাৰ প্ৰসাদক ঘটনাস্থলীতে গ্ৰেপ্তাৰ কৰাৰ লগতে পাঁচজাই গুলীসহ এটা পিষ্টল উদ্ধাৰ কৰে (pistol seized at Paltanbazar) ৷ আৰক্ষীয়ে জনোৱা অনুসৰি ধৃত অজয়ৰ ঘৰ বিহাৰত (Rickshaw driver from Bihar) ৷ লকডাউনৰ সময়ত দুবছৰৰ বাবে বিহাৰৰ গৈছিল অজয় ৷ কিন্তু পৰৱৰ্তী সময়ত পুনৰ অসমলৈ ঘূৰি আহিছিল ৰিক্সাৱালাটো ৷

পল্টনবজাৰত ৰিক্সাৱালাৰ পৰা উদ্ধাৰ গুলীসহ পিষ্টল

শেহতীয়াকৈ বিগত এমাহৰ পৰা পুনৰ গুৱাহাটীত খোপনি পোতিছে অজয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে ফৰেনছিকলৈ পিষ্টলটো প্ৰেৰণ কৰা কৰিছে ৷ ফৰেনছিকৰ পৰীক্ষাৰ পিছতহে এই সমগ্ৰ ঘটনা পোহৰলৈ আহিব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

ইতিমধ্যে বিহাৰৰ অজয় প্ৰসাদৰ বিৰুদ্ধে কি কি অভিযোগ আছে সেই সন্দৰ্ভত জানিবৰ বাবে বিহাৰ আৰক্ষীৰ লগত যোগাযোগ কৰা হৈছে বুলি আৰক্ষীয়ে জনায় ৷ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে পল্টনবজাৰ আৰক্ষীয়ে ৷

লগতে পঢ়ক: পিতৃৰ দাৰ ঘাপত মৃত্যুক সাৱটিলে পুত্ৰই

Last Updated :Sep 19, 2022, 3:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.