পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবাৰ্ষিকী উপলক্ষে স্মৃতিচাৰণ সভা

author img

By

Published : Sep 25, 2021, 6:05 PM IST

pandit-dindayal-upadhyays-birth-anniversary-celebrated-at-state-bjp-headquarter

পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ জন্মবাৰ্ষিকী উপলক্ষে শনিবাৰে ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত আয়োজিত কৰা হয় স্মৃতিচাৰণ সভা ৷ সভাত উপস্থিত থাকি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ কৰ্মজীৱন বিষয়ে ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

গুৱাহাটী,25 ছেপ্টেম্বৰ: ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ জন্মবাৰ্ষিকী উপলক্ষে শনিবাৰে আয়োজিত কৰা হয় স্মৃতিচাৰণ সভা ৷ এই সভাত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ নেতৃত্ব উপস্থিত থাকে ৷ সমগ্ৰ দেশত আৰু অসমৰ প্ৰতিটো বুথত এই অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে ৷ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দীনদয়াল উপাধ্যায়ৰ কৰ্মজীৱন বিষয়ে ভাষণ প্ৰদান কৰে ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণত কয় যে,বিজেপি আৰু স্বয়ং সেৱক সংঘলৈ আটাইতকৈ বেছি অৱদান আগবঢ়োৱা ব্যক্তিজনেই হৈছে দীনদয়াল উপাধ্যায় ৷ তেঁও বিজেপিক কংগ্ৰেছৰ বিৰুদ্ধে শক্তিশালী সংগঠন হিচাপে গঢ়ি তুলিব সক্ষম হৈছিল৷ পণ্ডিত দিনদয়াল উপাধ্যায় আৰু শ্যামা প্ৰসাদ মুখাৰ্জীৰ মৃত্যু ৰহস্যজনক ভাৱে হৈছিল ৷ দুয়োগৰাকীৰে মৃত্যুৰ ৰহস্য আজি পৰ্যন্ত উদঘাটন নহ’ল ৷ তেতিয়াৰ দিনত এতিয়াৰ নিচিনা মিডিয়া বা অন্যান্য মাধ্যম নাছিল বাবে হয়টো সেইয়া নহ’ল ৷

পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবাৰ্ষিকী উপলক্ষে স্মৃতিচাৰণ সভা

লগতে তেঁও কয়, সাংস্কৃতিক ভাৱে ভাৰতীয় মানুহৰ উপাসনা, চিন্তাধাৰা একেই ৷ পশ্চিমৰ দেশত মূল্যাবোধ নাই, কিন্ত ভাৰতত আছে ৷ দক্ষিণাত্যৰ বা আন আন ৰাজ্যৰ কথা বতৰা আৰু সাংস্কৃতি একেই ৷ সংস্কৃতিৰ ভিত্তিত শক্তিশালী হলে ৰাষ্ট্ৰ শক্তিশালী হয় ৷ ৰাষ্ট্ৰৰ ধাৰণা সাংস্কৃতি থাকিলে ৰাষ্ট্ৰ শক্তিশালী হয় ৷ এই কথাৰ পৰা সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ ধাৰণা পণ্ডিত দীনদয়াল উপাধ্যায়ে চেষ্টা কৰিছিল ৷

ইফালে বিজেপিত যোগদান কৰা সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, মানুহৰ পদে পদে সমস্যা সমাধান হলে শ্ৰেণী বৈষম্য নাথাকিব ৷ সমাজৰ শেষৰজন মানুহৰ কথা আমি ভাবিব লাগিব ৷ কংগ্ৰেছৰ চিন্তা আছিল ভাৰতক স্বাধীন কৰা, কিন্তু তাৰ পিছত কি হ'ব ভৱা নাছিল ৷ ৰাষ্ট্ৰ নিৰ্মাণেৰে ভাৰতক শক্তিশালী কৰা আমাৰ সদায় চিন্তা থাকিব ৷ প্ৰথম হোৱাজনে শেষ হোৱাজনক উঠাই অনাই হৈছে আমাৰ লক্ষ্য ৷ বিজেপিৰ পদ ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে ৷

লগতে বিজেপিৰ পদ ব্যক্তিগত নহয় বুলি মন্তব্য কৰি একো নাই একো নাথাকিল বুলি কৈ চেয়াৰমেন বিচাৰিলে নহ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ বিজেপিলৈ নতুন কিবা চিন্তা কৰি আহিব লাগিব ৷ শংকৰদেৱ, মাধৱদেৱ চিন্তাধাৰাৰ লগত দীনদায়লৰ চিন্তাধাৰাৰ বিশেষ পার্থক্য নেদেখোঁ বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে ৷ অনুষ্ঠানত চিত্ৰশিল্পী চন্দন চেতিয়াই নিজ হাতেৰে অংকন কৰা পণ্ডিত দীনদয়াল উপাধ্যায়ৰ প্ৰতিচ্ছবি মুখ্যমন্ত্ৰীক প্ৰদান কৰে ৷

লগতে পঢ়কঃ মাটিৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ ‘মিছন বসুন্ধৰা’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.